শুই থকা সাধুকথাৰ দেশত...!(১)
************************************
#manojkumardeka #manojdeka #kathabandhu #dimoriya #haritage #myth
...বানপানী হৈছিল ঠাইখনত । পানীৰ ঢৌৱে খুন্দা মাৰিছিল পাহাৰখনত । পানীত ককবকাই থকাৰ পিছতো মানুহে কথাবোৰ লক্ষ্য কৰিছিল । ঢৌৱে খুন্দা মৰা পাহাৰখনৰ নাম দিছিল 'ঢৌ মাৰা পাহাৰ' !
থিয় পাহাৰখনৰ নামনিত খৰ্বকায় মানুহৰ দৰে থিয় হৈ প্ৰাণভৰি উশাহ লৈছিলো । ইতিমধ্যে 'শিৱ বাবা'ৰ থানখনৰ পূজাৰীয়ে কৈছিল বহু কথা । সেই কথাৰ আঁত ধৰি মই বিচাৰিব ধৰিছিলো 'শিলৰ বাকচ'টো !
কিন্তু, কি আছিল ঢোপগুৰি গাঁওৰ গাত আউজি থকা ঢৌমাৰা পাহাৰৰ শিলৰ বাকচত ?!
"বাপু...চব আছিল বাকচটোত । চব আছিল । কাবাৰ ঘৰত বিয়া । টাকা নাই । পইচা নাই । গহনা নাই । কাপোৰ নাই !...ঐ, গাও ধুই তাকে যায় পান-তামোল দি সেৱা কৰি কৈ আইহিলী পিছদিনা গতে খিনি দেই !...আগে দিছিল । একবাৰ, কোনোবাই বৈজ্জাতি কোল্লা । গহাই আৰু নেদা হ'ল !" শিৱ থানৰ দেউৰীয়ে কৈছিল কাহিনীবোৰ !
কাহিনী কঢ়িয়াই মই আগবাঢ়িছিলো । দেখিছিলো পাহাৰৰ নামনিত এটা মৰমলগা শিল । কাষতে এদৰা সৰিয়হ । সৰিয়হ ফুলত অলেখ মৌ'ৰ অযুত চুমা । সিহঁতে জানে হালধীয়াৰ ঠিকনা । ...তাৰ কাষতে লাই, চুকা, পদিনা । কোনো নিপুণ কৃষকৰ হাতৰ নমুনা ।
সকলোবোৰ মোৰ ইমান ভাল লাগিল যে সকলো পাহৰি মই শাক বিচাৰিলো ! মানুহজনে দুমুঠি শাক উঘালী নিজৰালৈ নামি গ'ল । ধুলে । বান্ধি দিলে । পঞ্চাশ টকাৰ সেউজীয়া লৈ মই আকৌ উভতিলো । উভতাৰ পথত দেখিলো শিল চাং । ডিমৰিয়াৰ ঐতিহ্য...!
(আগলৈ)