> Byline > গল্প  
Date of Publish: 2018-11-13
Submited By: Manoj
Contact: [email protected]

 

অসমীয়া সাহিত্যৰ দহ'টা শ্ৰেষ্ঠ গল্পৰ নাম যদি আপোনাক কব দিয়া হয়, মোৰ বোধেৰে আপুনি এটা গল্পৰ নাম লিখিবলৈ নাপাহৰে l সেয়া "কাঠনিবাৰী ঘাট" l ১৯৬১চনৰ এই গল্পটোৱে আৰু কিমান যুগলৈ জাতিটোক মোহাবিষ্ট কৰি ৰাখে তাৰ ঠিকনা নাই l
নগাঁও'ৰ "এলফিষ্টন চিনেমা হল"ৰ কাষেৰে গ'লে পাই দেউধৰ চাৰিআলি l তাৰেই শাখা সাহিত্য সভাই আয়োজন কৰিছিল চুটিগল্পৰ কৰ্মশালা l গলো l
প্ৰশ্ন উঠিল- চুটি গল্প কি ? কেনে হোৱা উচিত চুটি গল্প ??
মহিম বৰা ছাৰে আৰম্ভ কৰিলে চুটিগল্পৰ চৰিত্ৰৰ ব্যাখ্যা l তেখেতে কোৱা কথা কেইষাৰ আজিও কানত বাজে l তেওঁ কৈছিল -" আহাৰ মহীয়া ভৰ দুপৰীয়া l ৰ'দে খাওঁ খাওঁ কৰে...ভমক ভমক কি চাবা চমক...চকু চাট মাৰি ধৰে ! এনে সময়ত তোমাৰ পিঠিৰ ফালে মুখ মেলা ঘামচিটোৱে ধৰিলোৱা সুৰসুৰাব ধৰিলে l তুমি ঘামচিটো ভাঙিবলৈ হাতখন পিছফালে নি আপ্ৰাণ চেষ্টা কৰিছা ...ঢুকি পোৱা নাই l শেষত ঢুকি পালা কিন্তু অকণমান আগেয়ে তুমি নখটো বৰ যত্নৰে কাটি পেলাইছা l কি হ'ব তেতিয়া ? গৰম...গছৰ তল...ঘামচিৰ সুৰসুৰণি...ঘামচি ভঙাৰ চেষ্টা ...কটা নখ...! সেয়াই চুটিগল্প l যি আত্মাক জোকাৰিব পাৰে l জ্বলাব পাৰে l
তুমি বুজিছা , জানিছা...অথচ কাকো কব নোৱাৰা ,একো কৰিব নোৱাৰা...

Comment


ASSAM HDR 2014: Fertility rate dips but early marriage is still a major issue in the state
GrassLooms to Showrooms — RGVN helps Assam weavers look beyond traditional markets to connect with global buyers
Reclaiming the roots – INLI Foundation Delhi
Political lines of Raijor Dal and AJP have lessened BJP’s worries of a grand alliance of anti-CAA parties in Assam
Cartoon of the week ( Dec 1)
Cartoon of the week ( March 1)
Wildlife Week Special : Jatinga -Where birds forget to fly