সোণাৰু ফুলৰ দলিচা আৰু ইত্যাদি ...!
*********************************
১) ডঃ ভূপেন হাজৰিকা'ৰ গান শুনিছেনে ?
...এনেয়ে শুনাৰ কথা কোৱা নাই !
সুধিছো, অকণমান মানোযোগেৰে শুনিছেনে ? যদি আজিও শুনা নাই, শুনিব । অলপ দেৰি হৈছে যদিও, কোনো কথা নাই । এতিয়া শুনিলেও অন্ততঃ কিছু কথা বুজি পাব বা দুজনক বুজাই কব পাৰিব ।
আজি কিছু বছৰ পূৰ্বে, ভূপেন ককাইদেউৰ মহাপ্ৰয়াণৰ পিছত চুবুৰীয়া অৰুণাচলৰ গুণী সমাজে সিদ্ধান্ত লৈছিল, তেওঁলোকে ভূপেন ককাইদেউৰ আবক্ষ মূৰ্তি স্থাপন কৰিব ।...এতিয়া এনে কাৰ্যৰ সৈতে পৰোক্ষ ভাৱে সংলগ্ন হৈ থকা প্ৰশ্ন এটি হ'ল, এজন ব্যক্তিৰ মূৰ্তি কিয় এখন সমাজে স্থাপন কৰে কিয় !? উত্তৰ সহজ । নিঃসন্দেহে সেই ব্যক্তি গৰাকীৰ কৰ্মই সেই সমাজখনক কিবা এটা দিছে । বা, উপকৃত কৰিছে ।
কথাষাৰ ভূপেন ককাইদেউৰ ক্ষেত্ৰত খাতে । চুবুৰীয়া অৰুণাচলৰ মানুহক, মানুহৰ দুখখিনিক ভূপেন ককাইদেৱে তেখেতৰ গীতত তুলি ধৰিছিল । '৬২ৰ চীনৰ আগ্ৰাসনৰ পিছত তেওঁ লৱৰি গৈ কামেং সীমান্ত পাইছিল । নিজ চকুৰে চাইছিল শত্ৰুৰ পশুত্ব । আৰু সেই দুখৰ গাঁথা তেখেতে কঢ়িয়াইছিল নামনিলৈ ।...নহ'লে আমিনো কোন দিনা গৈ কামেং সীমান্ত পালোঁহেঁতেন !? অন্ততঃ তেখেতৰ গীতে দিছিল আমাক সেই সময়ৰ জীয়া ছবিখন । চুবুৰীয়াৰ মনৰ খবৰ, দুখৰ খবৰ কঢ়িয়াই আনি গীতেৰে আমাক সজাগ সচেতন কৰি তুলিছিল ভূপেন ককাইদেৱে । আমি অকণমান হলেও সচেতন হৈছিলো- আমাৰ মানুহ, আমাৰ দেশ, আমাৰ ভাই ভনী ।
এতিয়া এনে মহৎ কাম কৰাজনক সন্মান নিদি দিব কাক , এটি কৃতজ্ঞ জনগোষ্ঠীয়ে । মোক দিলে, মোৰ দিব মন নাযাব ?!...যাব । আৰু সেয়াই হৈছিল ।
২) কাকতত বহুদিন পূৰ্বে প্ৰকাশিত এটি
'ৰিপোৰ্ট'- উত্তৰ পূৰ্বাঞ্চলৰ ১১ভাষা মৃত্যুমুখী ।
ইয়াৰে ২টা ভাষা অসমৰ ।
মনলৈ বহু চিন্তা আহিল । হঠাৎ ওলালোগৈ প্ৰয়াত ভাষাবিদ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য ছাৰৰ ঘৰ । কথা পাতিলো । সুধিলোঁ, ভাষাৰ মৃত্যুৰ বিষয়ে ।
ছাৰে কৈছিল- এটা ভাষাৰ জীৱ্নকাল নিৰ্ভৰ কৰে সেই ভাষা কোৱা জাতিটোৰ ওপৰত । ভাষাটোৰ প্ৰতি থকা ভালপোৱাৰ ওপৰত ।...এটা সময়ত বহুতেই মৃত্যুমুখী বুলি কব খোজা 'বড়ো ভাষা'ই পৰৱৰ্তী সময়ত ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটা আজুৰি আনিছিল । ভাষাটোৰ এনে ক্ষমতাৰ আঁৰত আছিল জাতিটো । জাতিটোৰ, ভাষাটোৰ প্ৰতি থকা ভালপোৱা । বড়ো মানুহৰ পৰিচৰ্যাত ভাষাটোৱে প্ৰাণ পাইছিল ।...আন এটি গুৰুত্বপূৰ্ণ কথা হৈছে, ডঃ প্ৰমোদ চন্দ্ৰ ভট্ট ছাৰ আছিল বড়ো ভাষাৰ বৈজ্ঞানিক, তাত্ত্বিক আলোচনাৰ পাতনি মেলা প্ৰথম গৰাকী পণ্ডিত । তেওঁ ভাষাটোক এটি ৰূপ প্ৰদান কৰিছিল । কৃতজ্ঞ বড়ো সমাজে তেখেতক বড়ো ভাষাৰ পিতৃ আখ্যা দিছিল । তেখেতৰ প্ৰয়ানৰ সময়ত বড়ো সাহিত্য সভাই নিজৰ পৰম সন্মানৰ পতাকা খনেৰে পণ্ডিত গৰাকীৰ দেহ ঢাকি সন্মান প্ৰদৰ্শন কৰিছিল ।
৩) ডঃ অৰূপজ্যোতি চৌধাৰীৰ সৈতে
কথা পাতিছিলো । তেখেতে কথা
প্রসঙ্গত কৈছিল, বুৰঞ্জী হওক বা আন বহু কিবাকিবি লিখা বহু লিখকে বহু সময়ত অসমৰ বহু জনগোষ্ঠীৰ বহু অৱদানক প্ৰায় ইচ্ছাকৃত ভাৱে লিখা নাছিল । বা, অকন লিখি সামৰিছিল । ...আমি লাচিতক জানো । কিন্তু, বিদেশী শত্ৰুক ৰোধিবলৈ অস্ত্ৰ লোৱা ডিমাছা বীৰ গৰাকীৰ বিষয়ে কিমান জানো । কিমান পঢ়িছোঁ ! কিমান পঢ়িব পাইছো !?
৪) 'সোণাৰু ফুলৰ দলিচা' এখনি উপন্যাস ।
লিখক, মঞ্জু মজুমদাৰ বৰ্মন (বাইদেউ) ।
'সোণাৰু ফুলৰ দলিচা' নিটোল উপন্যাস । মোৰ ভাষাত 'ফেটছ ফ্ৰী' ! চৰ্বিহীন ধুনীয়া গাভৰুৰ দেহ যেন । অনুভৱেৰে চাব পাৰি । চাই সুখ পাব পাৰি ।
...পৰিবৰ্তনেই পৰিৱৰ্তনশীল পৃথিৱীৰ অপৰিবৰ্তনীয় নীতি । পৰিৱৰ্তিত সময়ৰ উৎপাত সলনি হোৱা মন, জীৱন, বিচ্ছিন্ন দ্বীপৰ দৰে একাকীত্ব আদি উপন্যাসখনৰ উপজীব্য । মোৰ মনে কয়, পাঠকে পঢ়ি ভাল পাব ।
উপন্যাস খনৰ মই আটাইতকৈ ভালপোৱা দিশটো হৈছে- বড়ো জনগোষ্ঠীৰ গীত, চৰিত্ৰৰ উপস্থিতি । মাদই এগৰাকী বৰ মৰম লগা ৰঙা-বগা পৰি থকা বয়োজ্যেষ্ঠ মহিলা । অনুৰাগে সেৱা কৰাৰ সময়ত তেখেতে 'বৌৰাই ৰজাই(মহাদেৱ) কুশলে ৰাখিব বুলি আশীৰ্বাদ দিছে । ...আপুনি কল্পনা কৰিলেও আনন্দিত হব । আশীৰ্বাদৰ বড়ো অসমীয়া নাথাকে । কুশল কামনাত সমাজ থাকে । উপন্যাস পঢ়িলে আপুনি দেখিব- অনুৰাগে মাদইক 'আবই' বুলি সম্বোধন কৰোঁতে জিলিকি উঠা বুঢ়ীৰ চকুদুটি । ভাষাত জীৱনী শক্তি থাকে । সেয়ে ভাষাক আটোলটোলকৈ ৰাখিব লাগে ।
বৰষুণ বিচাৰি বড়ো সমাজে পতা 'ফুতলী বিয়া(ভেকুলী বিয়া)ৰ বিষয়ে এগৰাকী বগলী পক্ষীৰ দৰে বগা চুলিৰ ৰঙা-বগা পৰি থকা বয়োজ্যেষ্ঠ বড়ো মহিলাৰ মুখেৰে শুনিবলৈ আপোনাৰ মন নাযায় ? যায় যদি উপন্যাসখন পঢ়িব । তাত আপুনি এহেজাৰ এজনে নজনা 'খেৰাই' নৃত্যৰ বিষয়েও পঢ়িব পাব । পঢ়িব পাৰিব, বুকুৰে কাণপাতি শুনিব পাৰিব বড়ো গাভৰুৰ বুকুৰ হেঁপাহ, আশা, দুখ-
"হাংমা থাবায়, হাংমা থাবায় আদা
জামফৈ ছায়াৰাম মাণ্ডাৰ বিবাৰ
আদা, ছায়াৰাম মাণ্ডাৰ বিবাৰ ।"
(হেঁপাহ থাকিল, হেঁপাহ থাকিল ও ককাই
দোঙ(সৰু জান)ৰ পাৰৰ ছায়াৰাম মদাৰৰ ফুল
ককাই, ছায়াৰাম মদাৰৰ ফুল..!)
"...আদা, বে জৌনমাউ মৌনাব্লাবৌও
বইজৌনমাও মৌনহই থংছই
আদা, জামফৈ গুড়িনি ছায়াৰাম
মাণ্ডাৰ বিবাৰ
আদা, ছায়াৰাম মাণ্ডাৰ বিবাৰ ।"
(ককাই, এই জনমত নাপালেও
পিছৰ জনমত যেন পাই যাওঁ
দোঙ(সৰু জান)ৰ পাৰৰ ছায়াৰাম মদাৰৰ ফুল
ককাই, ছায়াৰাম মদাৰৰ ফুল..!)
এতিয়া নগৰত থকা বড়ো বৃদ্ধ মানুহগৰাকীয়ে আজিও পহৰা নাই বোকা-মাটি । খাল-নৈ বিল । পথাৰ । সেয়ে তেওঁ গীত গাওতে চকুপানী বৈ আহে । অতীত সেউজীয়া হৈ জিলিকে ।
তেনে আপোনাৰো হব । মনে কয়, হয় ; যদিহে আপুনি কৰ্মৰ খাতিৰত হলেও গাঁও এৰিছে । স্থান এৰিছে !
এৰি অহা গাঁওৰ সমাজখনক, জীৱনটোক বুজিবলৈ আপুনি উপন্যাসখন পঢ়িব । অন্ততঃ খন্তেকৰ বাবে হলেও 'মহ খেদা ৰাতি' এটি পুনৰ বিচাৰি পাব ।
(এয়া কোনো উপন্যাসৰ আলোচনা নহয় ।
মনলৈ অহা কথাৰ বৰ বেছি পোনপটীয়া প্ৰকাশ !)