#বাইদেউ আৰু মই (১)
পঢ়া, শুনা, কোৱা
*******************
মোৰ বাইদেউৰ কথা কম । কাৰণ , মোৰ বাইদেউ মোৰ বাবে বহু কিবাকিবি । অকণমান জীৱনটোত আজিলৈ যি পাইছো, তাত বাইদেউৰ 'হাত' আছে । সেয়া মই স্বীকাৰ কৰো ।
কথাবোৰ মনত পৰা । ভাল লাগে । ...ভাবিলো, কৈ দিওঁ আপোনালোকক । অকণ অকনকৈ !
...সৰুৰে পৰা বাইদেৱে মোক বহুত মৰম কৰিছিল । মোক কৰা মৰমখিনিৰ দৰেই সমানে তাই মোৰ ওপৰত অকণো কাৰ্পণ্য নকৰাকৈ কৰিছিল'বাইদেৱগিৰী' ! সেয়াও খুল্লাম-খুল্লা । অপেনলী !
মাৰ বিৰাট শাসনৰ মাজত ডাঙৰ হোৱা বাইদেউৰ বিষয়ে বহুতেই নাজানিছিল । নাজানিছিল, 'ডেকাবাবু'ৰ এজনী ছোৱালী আছে ! জানিব কেনেকৈ, বাইদেৱে বাহিৰত নোলাইছিলেই । ওলাইছিল স্কুলত যোৱাৰ সময়ত । ...তললৈ চাই খোজ দিয়ে স্কুললৈ । স্কুল পায় । পঢ়ে । উভটে । ঘৰ পায় । ঘৰৰ পৰা নোলায় ।
পঢ়ে । ঘৰৰ কাম কৰে । পঢ়ে । গান গায় । গুণগুণায় । পঢ়ে । শুৱে । উঠে । পঢ়ে । স্কুল যায় । আহে । পঢ়ে...!
পঢ়াটো বাইদেউৰ ধৰ্ম আছিল । ইমান পঢ়িছিল ইমান পঢ়িছিল, ইমান পঢ়িছিল যে সি মোক প্ৰভাৱিত কৰিছিল বহু বেছি । কিন্তু আকৌ লাহেকৈ যোগ দিও যে মই যে 'পঢ়িবলৈ' প্ৰভাৱিত হৈছিলো, তাত বাইদেউৰ বাইদেৱগিৰীৰ প্ৰভাৱো বহু বেছি আছিল ।
...দেউতাই বাইদেউক বহু বেছি মৰম কৰিছিল । গুৱাহাটীৰ পৰা বাইদেউৰ 'ফৰমাছ' মতে কিতাপবোৰ কিনি নি দিছিল । সন্ধিয়া এএছটিচি' বাচেৰে ঘৰ গৈ পোৱাৰ পিছত 'পকা থেকেৰা' যেন ৰঙৰ দেউতাই বাইদেউক কিতাপবোৰ দি কৈছিল-" হুহ...ল । গোটেই পানবজাৰখন বিচাৰি বিচাৰি লৈ আহিছো !"
বাইদেৱে পঢ়িছিল । পঢ়িছিল ছোভিয়েট দেশ, ভাস্কৰ চিৰিজ, পাফু চিৰিজ, অলেখ উপন্যাস ইত্যাদি ইত্যাদি । বাইদেৱে পঢ়িছিল । পঢ়ি আনক- যিয়ে পঢ়ি, শুনি ভালপায় তেওঁলোকক কৈছিল । ধুনীয়াকৈ কৈছিল । ...কৈছিল এনেকৈ যে আপুনি বাইদেৱে কৈ থকাৰ সময়ত আপুনি এখন ছবিৰ দৰে সকলোবোৰ দেখা পাব । সকলোবোৰ ।
"...সুৰসুৰীয়া ৰাস্তাটোৰে তাই দেউতাকৰ বাবে 'এলিঙৰ হুকবোৰ লৈ খৰ খোজেৰে আগবাঢ়িল । কিন্ত, কেঁকুৰীটো ঘূৰিব লওঁতেই ই অচিনাকি ল'ৰাজনক মাৰিলে প্ৰচণ্ড খুন্দা !...
হুকবোৰ চিটিকি পৰিল ।
ল'ৰাটোৱেও থতমত খালে । সি মানে, আঁঠুকাঢ়ি লৈ পতাপত হুকবোৰ বুটলিব ধৰিলে ।
তাই তালৈ...মানে ল'ৰাটোলৈ চালে । সাংঘাতিক ধুনীয়া চকু কেইটা । বৈ পৰা ভ্ৰূ !...তাই লগেলগে আঠুকাঢ়িলৈ গ্লাছযোৰ খুলি তালৈ চালে । দুয়ো চকুৱে চকুৱে পৰিল । তাই মানে তাক বুজালে-" মোৰ চকুযুৰিও কম ধুনীয়া নহয় আকৌ !"
...বাইদেৱে ইমান ধুনীয়াকৈ কৈছিল যে মই ছোৱালীজনীক দেখিছিলো । সিহঁতে খুন্দাখোৱা দেখিছিলো । দেখিছিলো বৰশীৰ হুকবোৰ চিটিকি পৰা ! দেখিছিলো ল'ৰাটোৰ চকুলৈ চাই এখন্তেকৰ বাবে নিজৰ চকুযোৰৰ সৌন্দৰ্য লৈ সচেতন হৈ পৰা ছোৱালীজনীক । দেখিছিলো, তাই ল'ৰাটোলৈ চাইছে । বুজাইছে- "মোৰ চকুযুৰিও কম ধুনীয়া নহয় আকৌ !"
বহুতে কয়- মই ধুনীয়াকৈ কওঁ । ঘোষণা কৰো । ...তেওঁলোকে নাজানে, সেয়া মোৰ বাইদেউৰ বাবেহে আজি সম্ভৱ হৈছে ।
নাজানে বহুতে ।
(অহাখণ্ডত...!)