হাৰিজান, তোমাৰ বিষয়ে মই এদিন লিখিম !
****************************************
...অনেকৰ দৰেই স্বৰস্বতী পূজাৰ স্মৃতি মোৰো আছে । লিখিব পাৰি । দুই এটি কথা ক'ৰোবাত লিখা মনতো পৰে । লিখিছিলো । কিন্তু, আজি মনে নকলে লিখিবলৈ ; নিলিখিলো ।
কিছু কথা মনত ৰাখি লাগে ! নহ'লে মানুহ পাতল হয় ।
আগদিনা ভাবিছিলো, স্বৰস্বতী আইৰ ফটো এখন আঁৰি সেৱা এটি কৰি থম । পিছত, ওলাই যাওঁতে- পদপথত ৰৈ থকা দেৱীক লৈ অহা হ'ল । দেৱীয়ে সৰু সৰুকৈ মোক কলে-" লৈ বোল মোক । মোক নিনিলে মোক সজা জনৰ ঘৰলৈ লক্ষ্মী নাযাব !"
মনে কলে- কথাষাৰ হয় ।
মই মানি ললো ।
ঘৰলৈ আহি থাপনা সাজিলো ।
কলপাত আনিলো আনৰ বাৰীৰ পৰা ।
পায়স অকণ ৰান্ধিলো কাজু-কিছমিছ, নাৰিকল আদি দি । বাকী মিঠাই-চিঠাই, চাহ বিস্কুট আছিলেই !...
প্ৰসাদ সকলোকে দিলো !
মানুহবোৰ ব্যস্ত ।
ল'ৰা-ছোৱালীবোৰৰ(ছাত্ৰ-ছাত্ৰী?) বাবে এয়া এটি অৱসৰ বিনোদনৰ দিন । ভালপোৱাৰ দিন । প্ৰস্তাৱ দিয়াৰ দিন । একাত্ম হোৱাৰ দিন ।
গুৱাহাটীৰ অৱসৰ বিনোদনৰ
সকলো ঠাই ভৰি পৰিছে । 'ফুল' ।
নিৰিবিলি ঠাইবোৰত ছাত্ৰ-ছাত্ৰীৰ নীৰৱ কথোপকথন । বা, অস্ফুট অদ্ভুত দুই এটি চিঞৰ ।
মোৰ অকণ আঁতৰত দুগৰাকী । -
"Order pls...!"
"...প'ৰ্ক ৱিথ ব্লেক ডাল
মিক্স ভেজ
ৰোষ্টেড পাপৰ
গ্ৰীণ চালাড
হোৱাইট ৰাইচ । এনাফ !
এতিয়া দুকাপ ব্লেক টি pls."
চিনাকী ৱেটাৰ গৰাকী আঁতৰি গৈছে । মহিলা দুগৰাকীয়ে মনৰ কথা পাতিবলৈ অনুকূল পৰিবেশ এটি পাইছে ।
দুয়ো দুটা চিগাৰেট জ্বলাই মনৰ কথা কৈছে-
"মই বৰ্ণালীক কৈছো-নাথাকো মই পূজাত। কোন বে স্বৰস্বতী...!?"
....…....
............
মই, দেখি শুনি থকা পৰিবেশৰ পৰা আঁতৰি আহিব বিচাৰিছো ।
মই চিনেমা বিচাৰিছো ।
পাইছো । আমাৰ অসমৰ, অসমৰ গোৱালপাৰাৰ আদিলদা(আদিল হুছেইন)ৰ ছবি- 'the storyteller' ...based on the story of Satyajit Ray.
আদিল'দাই কৈছিল- "পৰেশ ৰাৱালৰ দৰে অভিনেতাৰ সৈতে এনে এখন ছবিত অভিনয় কৰি মই সুখী !"
আমি বেছিভাগেই জানো যে আদিলদাই বচা বচা ছবিত অভিনয় কৰে । অভিনয়, তেখেতৰ জীৱনৰ বাবে জীৱনদায়ক বিশুদ্ধ বায়ু । একমাত্ৰ সেই বাবেই মনে কলে- "ভাল ছবি হব...চা চা !"
মই এখন ভাল ছবি চাম, -সেয়া মোৰ মনৰ বাবে এক ভীষণ সকাহৰ কথা । বিশ্বই জনা পৰিচালক এগৰাকীৰ গল্প য'ত আমি তেখেতৰ অনুভৱ, তেখেতৰ পৰ্যবেক্ষণ লক্ষ্য কৰিব পাৰিম । আমি তেখেতৰ ব্যাখ্যা অনুভৱ কৰিব পাৰিম । তেনে এগৰাকী ব্যক্তিৰ গল্পৰ আধাৰত এখন 'চিত্ৰনাট্য' ! ৱাও । এইগৰাকী পৰিচালকৰ দৃষ্টিভংগী বা আকৌ কেনেকুৱা ! কেনেকৈ বা তেখেতে ব্যাখ্যা কৰিছে কথাবোৰ !...কেমেৰাই পৰিছেনে সঠিক ভাৱে বস্তুবোৰ উৱস্হাপন কৰিব ?!
মই ছবিখনৰ চৰিত্ৰৰ সৈতে আগবাঢ়িছো । হঠাৎ ফোন আহিল-"আপোনাৰ পাৰ্চেল আছে ।...!"
মই ওলাই গৈ পাৰ্চেলটো ললো । পোষ্টমেনক ধন্যবাদ দিয়াৰ সময়ত মনে কলে-"কিতাপ!"
হয় । দেখিয়েই ভাল লগা আলোচনী এখন । ...মোৰ বুজিবলৈ বাকী নাথাকিল ।
"ডেকাছাৰ, যি সকলৰ লিখা সাধাৰণতে লক্ষ্য কৰা হয়, তেওঁলোকৰ ভিতৰত আপুনিও এজন । ...আমি প্ৰতিবছৰে এখনি 'গ্ৰন্থ উৎসব'ৰ আয়োজন কৰো । আমি এখন আলোচনীও এই আপাহতে প্ৰকাশ কৰো । তাত আপোনাৰ লিখা এটা লাগে । ...জ্যেষ্ঠ সকলক বিশেষ কব মন কৰা নাই । পুৰণি লিখা এটা দি থয় । বেয়া লাগে ।"
এতিয়া মই হলো সাধাৰণ মানুহ । লিখা দিম বুলি কলো ।...দিলো ।
গ্ৰন্থ উৎসৱ আৰম্ভ হ'ল । শেষ হ'ল । আলোচনীও প্ৰকাশ হ'ল । আলোচনীৰ সম্পাদক শ্ৰদ্ধাৰ প্ৰিয়ৰঞ্জন দাসৰ ফোন -"ডেকাছাৰ, আপোনাৰ পোষ্টেল এড্ৰেচ'টো দিব । আলোচনীখন পঠিয়াই দিম ।"
"ছাৰ...পাৰিলে পেজ কেইটাৰ ফটো তুলি হোৱাটচএপ'ত দিবোচোন !"
সৰু মানুহ মই । ছপা আখৰৰ মায়াই প্ৰায়েই আবৰি ৰাখে বাবে মই তেওঁক তেনে অনুৰোধ এটি কৰিছিলো । দাস ডাঙৰীয়াই মোলৈ ছপা হোৱা পৃষ্ঠা কেইটাৰ ফটো পঠিয়াইছিল ।
আৰু আজি- আলোচনীখন ।
লিখা বিচৰা মানুহৰ অভাৱ নাই । অভাৱ থাকিলেও লিখাৰ বিনিময়ত পইচা বিচৰা মোৰ স্বভাৱ নাই । সেয়ে, এনে শুভ সময়ত আলোচনী খন পাই ভাল লাগিছিল ।
লিখা বহুতেই বিচাৰে । দিওঁ । কিন্তু, আলোচনী এখন নাপাওঁ । লিখা বিচৰা জনে পিছলৈ মোক মাত এষাৰ দিবলৈ সময় বিচাৰি নাপায় । আলোচনী প্ৰকাশ হোৱাৰ পিছত মানুহবোৰ, সম্পাদকবোৰ আচৰিত ধৰণে আৰু ব্যস্ত হৈ পৰে ।
কিন্তু, নিৰঞ্জন দাস এইক্ষেত্ৰত বেলেগ । তেখেতে শেষলৈ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিলে । নিজৰ কামেৰে তেখেতে যেন মোক কলে- "মোই হলি বেলেগ দক !"
আলোচনী খনৰ নাম-"হাৰিজান"!
মনে সুধিলে- হাৰিজান কিয় ?
মৰমজান নহ'ল কিয় ? ...বোধকৰো হাৰিজান নামৰ জান এটা আছে বা আছিল ! যদি আছে- কেনে আছে হাৰিজান ? স্বাস্থ্য ভালে আছে নে ? হাৰিজানক মানুহে, আমাৰ ছাত্ৰ-ছাত্ৰীয়ে বিগত সময়ৰ সাধু কবলৈ অনুৰোধ কেতিয়াবা কৰে নে ?
ভাবিছো- কথাবোৰ মই সুধিম । শুনিম । শুনা কথাবোৰ এদিন মই লিখিম ।
হাৰিজান, তোমাৰ বিষয়ে মই এদিন লিখিম ।