> Byline > ...তোৰ মৰমতে মৰো !  
Date of Publish: 2024-11-08
Submited By: Manoj Deka
Contact: [email protected]

তোৰ মৰমতে মৰো...!
**************************

#manojkumardeka #manojdeka #nature #naturephotography #winter 

...সমাজ মাধ্যম বহু কাৰণত বৰ ভাল । কি কি যে নকৰে মানুহে । ইমান আঘাইতং । এনে কচু নহয় । কি কম !?

সকলোতে প্ৰায় সকলোৰে চকু । এক চেকেণ্ডত ধৰি পেলায় । তাৰ পিছত কি চাব ! কমেণ্টবোৰ চাই ভাবো- কেনেকৈ ভাবে বাৰু ! কেনেকৈ মুহূৰ্তত কিবা এটি কৈ দিব পাৰে !... instant...creative !! 

চাই বা পঢ়ি হাঁহি হাঁহি পাগল হৈ যাওঁ ।

*******************************

আজি কিছুদিন আগেয়ে এটা ভিডিও দেখিছিলো । চাইছিলো । অকণমান ল'ৰা এজনে মঞ্চত উঠি এটি গীত গাইছে । দৰ্শকৰ মাজৰ পৰা আন এজনী সৰু ছোৱালীয়ে জোকাই চিঞৰিলে-" তোৰ মৰমতে মৰো !"

সৰু ল'ৰাতিৰ তাৎক্ষণিক মন্তব্য- "কি...একেপাত চৰত...!"

...এইফালে মাইক অন ! গোটেইখন ৰজনজনাই গ'ল-" কি...একেপাত চৰত !" 

ইমাম ধুনীয়াকৈ সি গীত গাইছে । কিয় কব লাগে কওকচোন-"...মৰমতে মৰো !"

...ঘটনাটো ইমান পতকৈ ঘটি গ'ল যে মানুহে বাগৰি বাগৰি হাঁহিলে । ভিডিওতো চাই ময়ো হাঁহিলো । মনত ৰৈ গ'ল-" তোৰ মৰমতে মৰো !"

***************************************

আজি ৰাতিপুৱা ওলাই গৈছিলো । কেওফালে কুঁৱলীৰ দাদাগিৰী । আমচাং শেষ । কুঁৱলীয়ে গিলি পেলাইছে । পথাৰ-পাহাৰ, গছ- গছনি, গাঁৱলৈ যোৱা পথ সকলোতে কুঁৱলীৰ ইনকিলাব জিন্দাবাদ !...মই খোজ দিছো পাহাৰৰ কাষৰে বৈ যোৱা লুংলুঙীয়া পথেৰে । ফটো লৈছো । গছৰ গাৰে বৈ আহি তলৰ শুকান পাতত পৰা নিয়ৰৰ মাত ৰেকৰ্ড কৰিছো । 

উভতি অহাৰ সময়ত পথৰ কাষত হঠাৎ দেখিলো এটি সৰু গুলপীয়া ৰঙৰ ফুল । অকণমান । নখটোতকৈ অকণ ডাঙৰ হব । ফুলটোৰ পিছফালে অকণমান মকৰাজাল এখন । ...মই ইতিমধ্যে দুখোজমান আগুৱাই আহিছিলো । মনটোৱে কলে-"চা না এবাৰ ফুলটোক ! ফটো এখন ল ।"

মই আকৌ পিছুৱালো । মনতে থিৰ কৰিলো, কেনেকৈ ল'লে ফটোখন ধুনীয়া হব !

ফটো ললো । 
সন্মুখত গুলপীয়া সৰু ফুলটো । 
পিছফালে অকণ ওপৰত মকৰাই জালখনত সজাই থোৱা নিয়ৰৰ মুকুতা এটি !

ফটোখন লৈ ভাবিলো, নাম কি দিও !?

এনে লাগিল- ফুলটোৰ হেঁপাহত, ফুলটোৰ মৰমত সি মানে নিয়ৰকণাটো যেন জহিখহি যাব । জাপ দিব ফুলটোৰ বুকুত ।...

কব-" তোৰ মৰমতে মৰো !"

Comment


Voices of Northeast India - Mising Lullbies
Twisted- 9
ARCHIVAL RECORDS - Statistical information relating to the influx of Refugees from East Bengal into India till 30th September, 1971
Assam HDR 2014: Char areas have the lowest literacy rate in all age groups
Resurrecting a Dying Art: Devdasi Dance
Cartoon of Week ( November 1)
Chandubi festival- celebrating ethnic diversity- snapshots by Kishore Talukdar