> Byline > মোৰ ভাল লগা ছবি এখন !  
Date of Publish: 2024-10-28
Submited By: Manoj Deka
Contact: [email protected]

#মোৰ ভাল লগা ছবি এখন !

#manojkumardeka #manojdeka #photography 

...বেছ কিছু ফটো তোলা হৈছে আজিলৈ । কিন্তু, তাৰ মাজৰে দুখনমান মোৰ বৰ ভাল লাগে । কিয় বুলি যদি আপুনি মোক প্ৰশ্ন কৰে তেন্তে মই বোধকৰো আপোনাক খুব ধুনীয়াকৈ বুজাই দিব নোৱাৰিমব। বা, উত্তৰ দিব নোৱাৰিম ।

কিন্তু মোৰ ভাল লাগে । কিয় নাজানো । কিবা এটা ভাল লাগে ।

উজান বজাৰত থকা সময়ৰ কথা । এটা এপাৰ্টমেণ্টৰ প্ৰথম মহলাত আছিলো মই । এদিন কিবা কথাত মই মোৰ এপাৰ্টমেণ্টৰ পিছফালে যাবলগীয়া হ'ল !

...গলো । 

পিছফালে গৈ দেখিলো এডাল ফুল গছৰ এটি ফুল । লঠঙা ডাল এটি । টিকটিকিয়া ৰঙা ফুলপাহৰ পিছফালে এখন পকী বেৰ । শেলুৱৈ লগা । বিবৰ্ণ ।

ফুলটো...পিছফালে থকা বেৰখন, দুয়োটাই মোৰ মনত কিবা এক বিমূৰ্ত ৰূপ আঁকিব ধৰিলে । ...মোৰ কাৰণে গোটেই ফ্ৰেমটো এখন পেইণ্টিং হৈ পৰিল । এখন বিবৰ্ণ পৃথিৱী...এখন বিবৰ্ণ কেনভাচ ...তাত এটি ফুল...এটি জীৱন ।অকলশৰীয়া !

মই উঠি আহি কেমেৰা ললো । আকৌ নামি গলো । ফটো ললো ।...

ফটোখন আজি মই আপোনাৰ মনৰ চোতালত মেলি দিছো । চাব । আপোনাৰ অনুভূতি জনাবলৈ চেষ্টা কৰিব । 

ভাল লাগিব ।

 

Comment


COVID 19 pandemic alarm bell in India’s Northeast: Poor access to healthcare services makes smaller indigenous communities more vulnerable
The Oral Traditions of the Singphos
Riot-hit, terror-ruined Mandai tops in financial literacy among blocks in India
A few poems of Bijoy Sankar Barman
Hornbill – choreographing Naga heritage - a photo story by Prabir Kumar Talukdar
Irom Sharmila's new journey hits the roadblock of loss of support in Manipur
The Look East Policy and people’s perception: A study on Mizoram