> Byline > কিবাকিবি...  
Date of Publish: 2025-04-17
Submited By: Manoj Deka
Contact: [email protected]

কিবাকিবি...!
*******************
আপোনালোকৰ দোষ মুঠেই নাই । দোষ মোৰ । দোষ ভৈৰব বণীয়াৰ ।

ভৈৰব যোৰহাটৰ ল'ৰা । আজিৰ পৰা বহু বছৰ আগেয়ে ভৈৰব আছিল State art and craft collage ৰ ছাত্ৰ । পুৰাপুৰী বলিয়া । ভীষণ প্ৰেমী  আমাৰ দৰে ।

আমি ষ্টেডিয়ামৰ তলত থাকো ; working mans হোষ্টেলত । লুলু'দাৰ কেণ্টিনত ভাত খাওঁ । নিৰ্যাতিত, নিপীড়িত কোনোবা গ'লে আমি এবিধেই খুৱাও- চাহ আৰু কেক । বেলেগ একো নেপায় । বেলেগ একো নাথাকে কেণ্টিনত । 

বৰদলৈ ট্ৰফীৰ খেল হোৱা কেইদিন আমি মাংস খাব পাওঁ । খেলত ভাগ লোৱা টিম'ৰ মাংস কাঢ়ি আমাক মালিকে মাংস খুৱাই । আমিও বকাসুৰে খোৱাৰ দৰে খাওঁ । ...এটুকুৰা মাংস, দুটুকুৰা হাড় । জোলৰ অভাৱ নাই । ড্ৰামৰ পানী শেষ নোহোৱালৈ আমি মাংসৰ জোল পায়েই থাকো । পায়েই থাকো । পায়েই থাকো । 

আমিও মাংসৰ জোল খায়েই থাকো । খায়েই থাকো । খায়েই থাকো ।

ষ্টেডিয়ামৰ চিৰিৰ তলত থাকো আমি । ওপৰত মানুহে দপদপাই থাকে । তলত আমি কেনেবাকৈ জীয়াই থকাৰ সংগ্ৰামত কঁপি থাকো ।

কেতিয়াবা আমাৰ মাজৰে কোনোবাজনৰ কাষলৈ এজনী ছোৱালী আহে । আমি অলপ-চলপ জুমি চাওঁ । তাৰ পিছত সকলো ওলাই আহে । কৰ, যি মন যায় । কিনো- প্ৰেম হে কৰিবি !...কৰ ।

ভৈৰৱে এজনীক বাঁহী বজাব শিকায় । কেনেকৈ ? ...শিলচৰৰ  নাগ বাবুই খুচৰি খুচৰি ভৈৰৱৰ মুখৰ কথা উলিয়ায় ।

"...তাই মানে বাঁহীটো লৈছে । মই পিছফালৰ পৰা বাঁহীটো ধৰিবলৈ শিকাই দিছো... এনেকৈ ।"

"তাৰপিছত...?"

"তাৰপিছত তাই মোৰ বুকুত শুয়েই দিলে !"

...আমি পিছত কোনে কি বজালে বুজি পাওঁ আৰু !
। মহাপ্ৰেমী ভৈৰৱ । গুৱাহাটী ক্লাৱৰ পৰা শান্তিপূৰলৈ  চিটিবাছত যাওঁতে প্ৰায়েই তাৰ প্ৰেম হয় ।

"ফাঁচী বজাৰত ছোৱালী এজনী উঠিল !"
"তাৰ পিছত ?"
"মোৰ ফালে চালে...!"
"তাৰপিছত ...?"
"ময়ো চালো !"
"তাৰপিছত...?"
"আকৌ চালে...! ময়ো চালো !"
"তাৰপিছত ?"
"...এইবাৰ হাঁহি দিলে !"

ভৈৰৱৰ প্ৰেম হয় । হাঁহে । ভৈৰৱৰ প্ৰেম ভাঙে । মদ খাই । কান্দে ।...আকৌ ছবি আঁকে ।

এদিন সি পায়খানাৰ পৰা প্ৰায় দৌৰি ওলাই আহিল ।
"মনোজ'দা ! ...এ মজাৰ চাবজেক্ট পায় গলো !...বুজিছে, পানী পৰি আছিল । পানীৰ সোঁত চাওঁতে মনলৈ আহিল abstract form এটা ।..."

...ভৈৰৱে ছবি আঁকে । ছবিৰ কথা কয় । মই শুনো । মই ছবি আঁকিব নোৱাৰো । নাজানো । মাথো চেষ্টা কৰো- আনে নেদেখা কিবা দেখো নেকি, চাবলৈ ।

মই আকাশলৈ চাওঁ । মেঘবোৰে কিবা কিবি আঁকে...মাজে মাজে । মই সৰি পৰা পাতৰ জীপাল শব্দ শুনো । মই পানীৰ সোঁতত ছবি সৃষ্টি হোৱা দেখো ; ভৈৰৱৰ দৰে ।

সিদিনা, ৰাণীৰ ওচৰৰ ঐতিহাসিক কালমনি নৈত নামিছিলো । হঠাৎ মোৰ চকু পৰিল শুকাই যোৱা শেলুৱৈৰ ওপৰত । চালো । দেখিলো সেয়া শেলুৱৈ নহয় । এটা 'ড্ৰেগণ' ! হয় নে নহয় আপুনি শুদ্ধকৈ কব পাৰি  ।

এনেকৈয়ে মোৰ জীৱন চলে । কিবাকিবি চাওঁ । কিবাকিবি দেখো । কিবা কিবি শুনো ।...আন একো নাই । মাথো কিবাকিবি !

 

Comment


Alarming rise in Air Quality Index reveals how Guwahati is gasping for clean air
NEZINE podcast: Lepcha folk tale -The Story of Jyamphi Moong, a Yeti
Where there is a will…
Along the nature's curves in Meghalaya
A few poems of Neelabh Sourav
Double entry strategy for Northeast
Twisted- 14