> Byline > ...মুঠতে শব্দবোৰ জিয়াই থাকিব লাগে !  
Date of Publish: 2025-01-16
Submited By: Manoj Deka
Contact: [email protected]

...মুঠতে শব্দবোৰ জীয়াই থাকিব লাগে  !
*************************************
বহুদিনৰ আগেয়ে গ্ৰন্থমেলা হৈছিল জজ খেলপথাৰত । কেওফালে টিনৰ বেৰ । টিকট কাউণ্টাৰ । প্ৰৱেশ পথ । মাজত কিতাপ । আৰু, কিতাপ ভালপোৱা মানুহ !

মোৰ আকৌ গ্ৰন্থমেলা বুলি কলে মন-চন কিবা লাগি থাকে । একো কাম নাথাকিলেও মই বেছিভাগ সময় গ্ৰন্থমেলাতেই থাকো । ভাল লাগে মোৰ ।

এদিন ৰাতি বন্ধুৰ সৈতে গ্ৰন্থমেলাৰ পৰা ঘৰলৈ উভতাৰ সময়ত তেখেতে হঠাৎ আকাশলৈ আঙুলিয়ালে । ...মই দেখিলো , এজাক চিলনীৰ দৰে চৰাই !

"আমুৰ ফেলকণ । বহু দূৰৈৰ পৰা আহিছে ইহঁত  !"-বন্ধুৱে কৈছিল । 

সেই যে বন্ধুৰ মুখৰ কথাষাৰ, মোৰ মন মগজুত সোমাই গৈছিল । ...আমুৰ ফেলকণ । বহু দূৰৈৰ পৰা আহিছে ইহঁত !

পিছত মই আমুৰ ফেলকণৰ বিষয়ে বহুখিনি পঢ়িছিলো । ইউনাইটেড নিউজ অৱ ইণ্ডিয়া(ইউএনআই)ত কাম কৰি থকা অৱস্থাত এতিয়াৰ চিনাকি সাংবাদিক মৃণাল তালুকদাৰে মোক দেখুৱাইছিল আমুৰ ফেলকণৰ গতিপথ । ...আকাশী পথেৰে আমুৰ ফেলকণে চীন-ৰাছিয়াৰ সংযোগী এলেকাৰ পৰা উৰা মাৰে দক্ষিণ আফ্ৰিকালৈ । প্ৰায় ত্ৰিশ হাজাৰ কিল'মিটাৰৰ যাত্ৰাপথ । লগত নাই কোনো জিপিএছ । অথচ নিৰ্ভুল তেওঁলোকৰ যাত্ৰাপথ । মাজতে তেওঁলোকে নাগালেণ্ড-মণিপুৰ সংযোগী ওখা আদি অঞ্চলত বাহৰ পাতে । সিহঁতে প্ৰাণখুলি চিঞৰে ...হাঁহে...ইটোৱে সিটোক জোকায় । জিৰণি লয় ।  

...তাৰ পৰা তেওঁলোকে বঙ্গোপ মহাসাগৰৰ পাৰে পাৰে গৈ এসময়ত ভাৰত মহাসাগৰৰ বেছ কিছু দূৰত্ব পানীৰ ওপৰেৰে উৰা মাৰে । নৰয় তেওঁলোক । পানীৰ ওপৰে ওপৰে প্ৰায় হাজাৰ কিলোমিটাৰৰ যাত্ৰা !

...ক'ৰ পৰা পাই জানো তেওঁলোকৰ ডেউকাই ইমান শকতি ! ভাবিবলগীয়া ।

এসময়ত আমুৰ ফেলকণৰ জিৰণি লোৱা ঠাইত স্থানীয় নগা লোকে চলাইছিল ফেলকণৰ অবাধ হত্যাযজ্ঞ । মানুহৰ লোভ লালসাত ৰুদ্ধ হৈছিল মাতবোৰ । পিছত, এন-ডি টিভিৰ প্ৰাক্তন সাংবাদিক বানু হাৰালুৱে এই বিষয়ত সচেতনতা জাগ্ৰত কৰে স্থানীয় লোকৰ মাজত । বন্ধ হয় ফেলকণৰ হত্যা । 

উল্লেখ্য যে বানু হাৰালুক মই লগ পাইছিলো গুৱাহাটীত । তেতিয়া তেৱো গুৱাহাটীত কৰ্মৰত আছিল । পিছলৈ তেখেত কলকাতা গুচি যায় । কিছুদিন পিছত সাংবাদিকতা এৰি নাগালেণ্ডত বন্যপ্ৰাণী হত্যাৰ বিৰুদ্ধে ৰাইজক সচেতন কৰিবলৈ এক আন্দোলন গঢ়ি তোলে । তেখেত সফল হয় । মাতবোৰ আকৌ জীপাল হয় । সেউজীয়া হয় । একাংশ মানুহৰ কৰ্মৰ বাবে হেৰাই যোৱা সমাজৰ মান আকৌ উভতি আহে । ...মানুহক মানুহ হিচাবে গৰ্বিত কৰে ।

কেতিয়াবা কথাবোৰ ভাবো । এজন বাহিৰৰ বন্ধুৱে মোক এবাৰ খুব দুখেৰে কৈছিল- "Human is the root cause of all problem."

...তৰ্কৰ অৱকাশ থাকিলেও মোৰ মনে কথাষাৰ বহু পৰিমানে মানি লৈছিল । আমি মানুহবোৰ অলপ বেছি স্বাৰ্থপৰ । বেয়া । কেতিয়াবা আমি পাহৰি যাওঁ যে আমি পৃথিৱী নামৰ এই ভূখণ্ডত অকলশৰীয়া নহয় । 
আমি অকলে থাকিব নোৱাৰো । 
সেই ক্ষমতা আমাৰ নাই । 
আমিও পৰনিৰ্ভৰশীল । ...আটাইবোৰ আছে বাবে আমি থাকিব পাৰিছো । 
পৃথিৱীখন তেওঁলোকৰো ।

মই কথাবোৰ ভাবো । 
অলপ মানসিক চাপত থাকো ।
মনটো অকণমান বেয়া লাগে ।

...এনে সময়তে হৰিচৰণ'দাই (ডঃ হৰিচাৰণ দাস, গ্ৰন্থাগাৰিক / বিলাসিপাৰা মহাবিদ্যালয়) ফোন কৰি দুটা ভাল খবৰ দিলে ।-
 
১) বিলাসিপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত হব লগা এক অনুষ্ঠানলৈ আমন্ত্ৰণ, আৰু
২) মহামায়ালৈ আলহীৰ আগমন ।

বিলাসিপাৰাত সমগ্ৰ অসমৰ মহাবিদ্যালয় সমূহৰ গ্ৰন্থাগাৰিক একত্ৰিত হব । তেওঁলোকে নিজৰ গৱেষণা পত্ৰ পাঠ কৰিব । ...কেনে ভাল লগা পৰিবেশ হব ! 

হৰিচৰণদাই কলে, মনোজ তুমি তাত তোমাৰ 'শব্দৰ ভঁৰাল'টোৰ বিষয়ে কব পাৰিবা । It may be a good platform for u.

হৰিচৰণদাৰ কথাখিনি শুনি মই উৎসাহিত হলো । ভাল লাগিল । মই মাতৰ বিষয়ে কব পাৰিম । মাতবোৰ জীয়াই ৰাখিব লাগে । সকলোৱে হাত উজান দিলে মাতবোৰ একোখন ভাল কিতাপৰ দৰেই জীয়াই ৰাখিব পাৰিম ।...মোৰ একে সময়তে ভাল লাগিছিল শুনি- মহামায়ালৈ আলহী আহিছে । হিমালয়ৰ পৰা !

ৱাও !

হৰিচৰণদাই কৈছিল-"মনোজ, বিলাসিপাৰাৰ সমীপৱৰ্তী মহামায়া বনাঞ্চললৈ প্ৰতি বছৰে অলেখ পৰিভ্ৰমী চৰাই আহে । তাৰ ভিতৰত 'গ্ৰিফন' বা হিমালয়ৰ শগুন অন্যতম । এইবাৰো তেওঁলোক আহিছে হেজাৰ কিলোমিটাৰ অতিক্ৰম কৰি তুলনামূলক ভাৱে গৰম ঠাই বিচাৰি । মহামায়া স্নানঘাটৰ ওচৰত তেওঁলোকৰ প্ৰায় বিশ জনীয়া সমাজ এখন দেখা গৈছে । তেওঁলোকক আদৰিবলৈ এখনি 'পক্ষী আদৰণি সভা'ও অনুষ্ঠিত কৰা হৈছে । তাত কোনোৱে গীত গাইছে, কোনোৱে কবিতা আবৃত্তি কৰিছে ।...এক ভাল লগা পৰিবেশে হালি-জালি নাচিছে ।

এই যে দূৰৈৰ চৰাই কেইটাক লৈ আনন্দিত মানুহখিনি, তেওঁলোকৰ বাবেই পৃথিৱীখন আৰু কিছুদিন সৰৱ, সৰস হৈ থাকিব । পৃথিৱী, মহাদেশবোৰ, দেশবোৰ, ৰাজ্যবোৰ, সমাজবোৰ ৰসাল, জীপাল কৰিবলৈ শব্দৰ দৰকাৰ । শব্দবোৰ হব পাৰে হাঁহিৰ , শুভবাণীৰ । চৰাইৰ । ঝিলীৰ । ধুমুহাৰ । বা, মলয়াৰ । শব্দবোৰ হব পাৰে গীতৰ-কবিতাৰ শাৰীৰ ,কাব্যৰ, মহাকাব্যৰ । ককা-আইতাৰ মুখ নিসৃত সাধু কথাৰ ।

...মুঠতে শব্দবোৰ জীয়াই থাকিব লাগে ।

 

 

 

Comment


The Poetry of Ajit Barua - Nalinidhar Bhattacharya
Relief Sculptures of Ahom temples: A Royal equestrian figure adorning the wall of the Kesavarai Dol at Joysagar portrays the new styles of apparel introduced by King Rudra Simha
Breaking the Gender Barrier: Women’s voices in Contemporary Assamese Short Stories
When annual flood ravages Majuli, one of the largest river islands of the world-- by Amarjyoti Borah
Numbers say a lot about ravaging annual floods in Assam
Human-elephant relationship: New discourse shaped by recognition of elephant’s right over territory
Guwahati: A Gastronomic journey thorugh ethnic flavours of Northeast