> Byline > অসম, অসমীয়া আৰু বিশ্বায়ন !  
Date of Publish: 2025-01-07
Submited By: Manoj Deka
Contact: [email protected]

অসম, অসমীয়া আৰু বিশ্বায়ন...!
************************************

আজিৰ পৰা প্ৰায় ছয়টা দশক পূৰ্বে ১৯৬০ চনত কানাডাৰ পণ্ডিত-চিন্তাবিদ হাৰবাৰ্ট মৰ্শল মেকলোহানে ঘোষণা কৰিছিল যে প্ৰযুক্তিৰ দ্ৰুত বিকাশে সমগ্ৰ বিশ্বক এদিন এখনি গাওঁত পৰিণত কৰিব । তেখেতৰ Global village অভিধাৰ সৃষ্টিৰ প্ৰায় তিনিটা দশক পিছত আৰম্ভ হৈছিল World wide web...! আৰু এতিয়া আমি মানি লৈছো যে সঁচাকৈ সমগ্ৰ পৃথিৱীখন পৰিণত হৈছে এখন গাঁৱলৈ । 

Globalization বা গোলকীকৰণ বা বিশ্বায়নৰ প্ৰভাৱ মাথো ভাৰত নাইবা অসমতেই পৰিছে তেনে নহয় ; ই কেওফালে বিয়পিছে । মূলতঃ প্ৰযুক্তিৰ বিকাশ ইয়াৰ বাবে দায়ী বুলি আঙুলিয়াব পাৰি ।                          

বিশ্বঅৰ্থনীতি সম্পৰ্কীয় সূত্ৰই সমগ্ৰ বিশ্বত ক্ৰমশঃ গিলি আনিছে । বিশ্বায়নৰ প্ৰভাৱ মাথো অৰ্থনৈতিক ক্ষেত্ৰখনতেই নহয়- সাংস্কৃতিক, শৈক্ষিক ক্ষেত্ৰখনটো পৰিছে । কিয়নো এই সমূহ ক্ষেত্ৰৰ মাজত আছে পৰোক্ষ সম্বন্ধ ।

আমি সকলোৱে জানো, ভাৰতবৰ্ষত বাস কৰে অলেখ জনগোষ্ঠীয়ে । ভাৰতবৰ্ষৰ পৰা দৃষ্টিৰ পৰিসৰ চপাই আনিলে দেখিব, উত্তৰ পূৰ্বাঞ্চলত বাস কৰে দুশতকৈ অধিক আৰু অসমত প্ৰায় দেৰকুৰি জনগোষ্ঠী । গুৰুত্বপূৰ্ণ কথাষাৰ হ'ল এই সমূহ জাতি জনগোষ্ঠী সমানে শক্তিশালী নহয় । এইসকলৰ মাজত অনেক দুৰ্বল জাতি জনগোষ্ঠীও আছে ।  অৰ্থনৈতিক ভাৱে শক্তিশালী, ৰাজনৈতিকভাৱে স্থিৰ গোষ্ঠীয়ে আনুসংগিক অনেক মাধ্যমৰ সহায়ত ( বিজ্ঞাপন, বৈদ্যুতিন মাধ্যম, সংবাদ মাধ্যম, ইণ্টাৰনেট, হোৱাতএপ, ফেইচবুক, জেণ্ডাৰ ইত্যাদি ইত্যাদি ) পৰিকল্পিত ভাবে এই দুৰ্বল অথচ নিজস্বতাৰে জীয়াই থকা জাতি সমূহৰ অস্তিত্ব প্ৰায় শেষ কৰাৰ দুৱাৰদলিত ।

ভাষাৰ সৈতে এটা জাতিৰ আবেগ, স্বাভিমান জড়িত হৈ থাকে । ভাবৰ সৈতে এই স্বাভিমান বা আবেগ জীয়াই থাকে । ভাষাৰ মৃত্যুত জাতিয়ে নীৰৱে নিজৰ আয়ুস হেৰুৱাই । অসমৰ কেওফালে থিয় দিয়া ইংৰাজী মাধ্যমৰ স্কুলবোৰে অসমীয়া জাতিৰ আত্মাত আক্ৰমণ কৰিছে আৰু জাতিটো ক্ৰমশঃ আবেগশূন্য যন্ত্ৰত পৰিণত হৈছে । একেটা কথা সৰু সৰু জনগোষ্ঠীৰ ক্ষেত্ৰতো পৰিস্ফুট হৈছে । অসমৰ বিশেষ কেইটামান জনগোষ্ঠীৰ বাহিৰে বেছিভাগ জনগোষ্ঠীৰ নৱ প্ৰজন্মই নাজানে নিজৰ ভাষা । অসমত আজিৰ তাৰিখত মৃত্যুমুখী ভাষাৰ সংখ্যা ২টা । হীনমন্যতা বা অনুশীলনৰ অভাৱ আৰু গোলকীকৰণৰ ফলত দেখা আন সংস্কৃতিৰ মায়া, নিজস্ব সংস্কৃতিৰ বিষয়ে অধ্যয়নৰ অভাৱ আদিয়ে ইয়াৰ কাৰণ ।

সামগ্ৰী বিক্ৰী আৰু অৰ্থনীতি নিয়ন্ত্ৰণৰ মাজেৰে সৰু বৰ জাতি জনগোষ্ঠীৰ, দেশ দখলৰ চেষ্টাত উন্নত ৰাষ্ট্ৰই ব্যৱহাৰ কৰিছে বিজ্ঞাপন আৰু প্ৰযুক্তিৰ । প্ৰতিষ্ঠা কৰিছে নিজস্ব উৎপাদিত সামগ্ৰিক, সামগ্ৰীৰ মান নিৰূপক ৰূপে । প্ৰাচীন পৰম্পৰা, শিল্পকৰ্ম বা শিল্পীৰ জীৱন এতিয়া অস্থিৰ, দুৰ্বল , ধুৱলী কুঁৱলী ! নিজৰ উৎপাদিত সামগ্ৰীৰ মান উন্নত কৰি বজাৰ দখল , সুস্থ অৰ্থনৈতিক বা ৰাজনৈতিক অৱস্থাৰ জৰিয়তে হয়তো ইয়াৰ কিছু নিৰাময় হব পাৰে ।
ইউনিকোড'ত স্বকীয় স্বভাবজাত অসমীয়া ভাষাৰ পৰিবৰ্তে বাঙালী লিপিৰ ব্যৱহাৰ আমাৰ বাবে লজ্জাজনক ।  আমাৰ গীত, নাট, পুথিৰ অনুবাদ কৰি প্ৰযুক্তিৰ সহায় স্বীকাৰ কৰি আমি বিশ্ববাসীক আমাৰখিনি জনাবলৈ চেষ্টা কৰিব লাগিব । বাঙালী ভাষাত বিশ্বই শুনাৰ পিছত ডঃ ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে " শীৰ্ষক গীতটোক বিগত শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীত বুলি স্বীকৃতি দিয়া হ'ল । বিশ্বশ্ৰেষ্ঠ গ্ৰন্থবোৰ আমাৰ পাঠকে নিজৰ ভাষাত পঢ়াৰ সুবিধা পাব লাগিব ।

এখন ফটোৱে হেজাৰ পৃষ্ঠাৰ কাহিনী কব পাৰে । আমি কি, আমাৰ কি আছে, কেনেকুৱা , কিয় তেনেকুৱা আদি কথাবোৰ ফটোৱে ব্যাখ্যা কৰাটো সম্ভৱ বাবেই ফ'টোগ্ৰাফিকো আমি সময়ৰ সৈতে চলাৰ সহায়ক সাৰথি ৰূপে ব্যৱহাৰ কৰিব পাৰো । যদি উন্নত প্ৰযুক্তিয়ে কেনেবাকৈ আমাক শংকাত পেলাইছে তেন্তে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু নিজস্বতাৰ পুংখানুপুঙ্খ ব্যাখ্যা নিজক পুনঃ প্ৰতিষ্ঠাৰ উপায় হব পাৰে । ইয়াৰ বাবে আকৌ নিজৰ কৃষ্টি সংস্কৃতি, মাটি, জাতি বা ভাষাৰ প্ৰতি প্ৰচণ্ড ভালপোৱা । মনত ৰখা উচিত বতাহৰ গতিপথ সলনি কৰিব নোৱাৰি, কিন্তু জাতিটোৱে নিজৰ পালখন নিয়ন্ত্ৰণ কৰি নিজৰ নাও ঘাটত লগাব পাৰে । এয়া সম্ভৱ । তাতে ধুমুহা বা বতাহ সদায় নেথাকে !

Comment


Elder Father (Borpitai) - A short story by Monalisha Saikia
Relief Sculptures of Ahom temples: A magnificent sculpture of a mother cuddling her child decorating an outer wall of Vishnu Dol at Joysagar in Sivasagar evokes multiple interpretation
Transgenders in Assam: Still deprived from their rights as Supreme Court directive is yet to be implemented in letter and spirit
‘Mrigtrishna’- Narrating Familiar Tale in an Unfamiliar Way
The pot is boiling
Kalbari: An archipelago village in Assam where life is held hostage by recurrent floods and erosion
Take a Break. Take a Local Train Journey in Assam