মেৰঘৰ
************************************
লোককথা, প্ৰবাদ-পতন্তৰ আদিৰ খবৰ ৰখা অনেকেই জানে বেওলা-লখিন্দৰৰ কাহিনী । সুকবি নাৰায়ণ দেৱৰ 'পদ্ম পুৰাণ' উল্লেখ আছে উল্লেখ কৰিব খোজা 'বেওলা লখিন্দৰ'ৰ কাহিনী ।
লখিন্দৰ আছিল চান্দ' সদাগৰৰ কনিষ্ঠ ল'ৰা । আনহাতে, মহা প্ৰতাপী চান্দ' সদাগৰ আছিল ভীষণ শিৱ ভক্ত । তেখেতে শিৱৰ বাহিৰে কাকো মানিবলৈ বা পূজা-অৰ্চনা কৰিবলৈ ৰাজী নহৈছিল । তাকে লৈ তেখেতৰ বিবাদ হৈছিল সৰ্পৰ দেৱী মনসাৰ সৈতে । মনসাই চান্দ' সদাগৰৰ পৰা পূজা বিচাৰিছিল । কিন্তু, সদাগৰ মুঠেই মান্তি নহ'ল ! ...তেখেতে তেখেতৰ ইষ্ট দেৱতা শিৱৰ বাহিৰে কাকো নামানে । বা, পূজা নিদিয়ে । দেৱী আৰু সদাগৰৰ কাজিয়াই এসময়ত এনে এটা পৰ্যায় পালে যে দেৱীয়ে কেওফালৰ পৰা সদাগৰৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিলে ।...বনিজৰ জাহাজ ডুবাই দিলে । সদাগৰৰ পুত্ৰ সমূহক এটা এটাকৈ সৰ্প দংশন কৰোৱাই হত্যা কৰিলে ।
শেষত সদাগৰৰ শেষ পুত্ৰ থাকিল- লখিন্দৰ । বৰ ধুনীয়া দেখিবলৈ । সাইলাখ কাৰ্তিক ।...সদাগৰে লখিন্দৰৰ বিয়া পাতিবলৈ মনস্থ কৰিলে ।
...এতিয়াৰ গ্ৰাম্য কামৰূপৰ ছয়গাঁওৰ ওচৰতেই আছিল চান্দ' সদাগৰৰ প্ৰাচীন চম্পক নগৰ । তাত হেনো এখন সাগৰ আছিল । নাম আছিল কাকৰি সাগৰ । এই কাকৰি সাগৰতেই চান্দ' সদাগৰে মেৰঘৰ সজাইছিল কণিষ্ঠ পুত্ৰ লখিন্দৰৰ প্ৰাণ বচাবলৈ ।
মেৰঘৰ আছিল নিছিদ্ৰ । এটি বিশেষ ঘৰ । বিয়াৰ পিছত বোৱাৰী বেউলা আৰু লখিন্দৰক নিছিদ্ৰ মেৰঘৰত সুমুৱাই দিয়া হৈছিল ।...
চান্দ সদাগৰে কেখাই মিস্ত্ৰীক নিছিদ্ৰ এই ঘৰটো সজাৰ দায়িত্ব দিছিল । কিন্তু, মনসাৰ ভয়ত কেখাই মিস্ত্ৰীয়ে এটা ছিদ্ৰ ৰাখিলে । এক কথাত সেয়া নিছিদ্ৰ হৈ থকা নাছিল । মনসাই কেখাই মিস্ত্ৰীক ভাবুকি দি কৈছিল, "কেখাই, তই কাল নাগ সোমাব পৰাকৈ এটা ছিদ্ৰ নাৰাখিলে তোৰ বংশ সমূলি নাশ কৰিম । "
কেখাই মিস্ত্ৰীয়ে ৰখা ছিদ্ৰৰে কাল নাগ মেৰঘৰৰ ভিতৰ সোমাল যদিও, লখিন্দৰক দংশন নকৰিলে । সুন্দৰ সুঠাম কুমাৰক কাল নাগে বিনা দোষত দংশন কৰিব মন নকৰিলে । নাপায় । আনকি কুমাৰক দংশন কৰাৰ দুখত কাল নাগে কান্দিছিল । দীপলিপ বেওলাৰ ৰূপ চাই কালনাগ বিল্বহ হৈ পৰিছিল ।
ইপিনে তেওঁ মনসাৰ আদেশ মানিবলৈয়ো বাধ্য ।...
বেওলা-লখিন্দৰৰ বিয়া হৈ গ'ল । তেওঁলোকক মেৰঘৰত সুমুৱাই দিয়া হ'ল । নিশা গভীৰ হৈ আহিল । মনসাৰ কথামতে নিদ্ৰাদেৱীয়ে বেওলা-লখিন্দৰকে লৈ আটাইৰে ওপৰত নিদ্ৰা ঢালিলে ।...আজিও চহা কবিৰ সৃষ্টিত মূৰ্ত হয় সেই ছবি-
'এ নিদ্ৰা ধালে.....এ... এ....এ
ও আই মনসা !'
শেষত, কালনাগ গৈ লখিন্দৰৰ ভৰিৰ পিনে ৰৈ থাকিল । এপাকত লখিন্দৰৰ ভৰি কাল নাগৰ গাত লাগিল । তাতেই জগৰ ধৰি কাল নাগে লখিন্দৰক দংশন কৰিলে । ...
কথিত আখ্যান মতে- পিছত লখিন্দৰক কলগছৰ ভেল সাজি উটুৱাই দিয়া হৈছিল । (সাধাৰণতে, সৰ্প দংশনত মৃত্যু হোৱা লোকক বহু অঞ্চলত উটুৱাই দিয়া হয় । আশা, কোনো ওঝা-দৈৱজ্ঞৰ দ্বাৰা ভাল হলে হওক ! মৃত লখিন্দৰৰ কিন্তু লগ নেৰিলে সতী বেওলাই । তেখেতে স্বামীৰ দেহৰ ওচৰত বহি আতঁৰিল ।
এদিন গৈ তেওঁলোক এতিয়াৰ ধুবুৰীৰ 'নেতাই ধুবুনি'ৰ ঘাট পাই । নেতাই ধুবুনিয়ে তাত হেনো দেৱ-দেৱীৰ কাপোৰ ধুইছিল । সেই নেতাই ধুবুনিয়ে বেওলাক উপায় দিছিল স্বামীৰ পুনৰ জীৱন প্ৰাপ্তিৰ । কথামতে বেওলা স্বৰ্গলৈ গৈছিল আৰু নৃত্য কৰি দেৱতাক সন্তুষ্ট কৰিছিল । ...আৰু ঘূৰাই আনিছিল স্বামী লখিন্দৰৰ প্ৰাণ ।
এইখিনিতে উল্লেখ কৰা ভাল যে সৰ্প দেৱী মনসা শিৱৰ কন্যা । তেখেতে উপাস্য দেৱী হিচাবে পূজা পোৱাৰ হেঁপাহৰ কথা কওঁতে শিৱই কৈছিল যে যদি তেখেতৰ কোনো ভক্তই মনসাক পূজা কৰে তেন্তে পৃথিৱীত মনসাৰ পূজা অৰ্চনা আৰম্ভ হব ।...সেয়ে মনসাই নিৰ্বাচন কৰিছিল দুৰ্ঘোৰ শিৱ ভক্ত চান্দ' সদাগৰক ।
শেষত , সদাগৰে হেনো মনসাক পূজা দিছিল...বাওঁ হাতেৰে । খঙেৰে । তথাপি দেৱী সন্তুষ্ট হৈছিল । পৃথিৱীত সূচনা হৈছিল- মনসা পূজাৰ ।
মেৰঘৰ চাবলৈ গৈছিলো । স্থানীয় লোকে এই কাহিনী বৰ্ণনা কৰিছিল । দেখুৱাইছিল মেৰঘৰত কালনাগ সোমাবলৈ কেখাই মিস্ত্ৰীয়ে শিলত ৰখা ছিদ্ৰটো । (প্ৰথম ছবি) !
বাঙালী 'মনসামঙ্গল' গ্ৰন্থত অংকিত ছবি : স্বামীৰ দেহ লৈ 'পাল'(ভেল)ত বেওলা ।(দ্বিতীয় ছবি!)