> Byline > শুই থকা সাধুকথাৰ দেশত (২)  
Date of Publish: 2024-12-27
Submited By: Manoj Deka
Contact: [email protected]

#শুই থকা সাধুকথাৰ দেশত...!(২)
************************************
#manojkumardeka #manojdeka #kathabandhu #myth #dimoriya #haritage 

...চাং কেইখন দেখি মোৰ তেজ উতলিব ধৰিলে । হঠাৎ মই বিৰাট সক্ৰিয় হৈ গলো । প্ৰায় দৌৰি গৈ মই কামত লাগিলো । এনে লাগিল যেন মই অকণমান দেৰি কৰিলেই শিল কেইটা গলি যাব । আঁতৰি যাব । কথা কোৱা বন্ধ কৰিব !

আয়াৰলেণ্ডৰ বন্ধু ডেনি বাৰকে লৈ মনত পৰিল । আয়াৰলেণ্ডৰ ড'লমেনছ সমূহক লৈ গৱেষণা কৰিছিল । লং-এ-কি বিচাৰি গুৱাহাটী আহিছিল । মোক লগ কৰিছিল । মই তেখেতক তামূলীডবা বিলৰ পাৰৰ শিল পোতা দেখুৱাইছিলো । আচৰিত কথা ডেনিৰ দেশৰ ড'লমেনছ আৰু ঢোপগুৰি গাঁৱৰ শিল চাং হুবহু একেই । আকৃতি বেলেগ । ...আমাৰ বোৰ সৰু !

প্ৰকাণ্ড আঁহত গছ এজোপা । তলত একাধিক শিলৰ চাং । সোঁ হাতে এটি পকী ঘৰ । এটা কোঠাৰ । ঘৰটোৰ বেৰত লিখা আছে- 'ৰজা বহা ঘৰ' ! ওচৰত কবলৈ কোনো নাথাকিলেও মোৰ এনে লাগিল, ঠাইখনে মোক বহু কথা কৈছে । কবলৈ যত্ন কৰিছে ।

"হেৰী...কি মানুহ হে আপুনি ?...জোতা পিন্ধি তালৈ গৈছে কিয় ?"

ঘূৰি চাই দেখো চাইকেল এখনেৰে মানুহ এজন । 

"চাওক, একো আঁৰ বেৰ নাই । একো লিখাও নাই । মানুহ এজনো নাই সুধিবলৈ । সেয়ে সোমালো । নহ'লে তেনে নকৰিলোহেতেন ।"- মই স্পষ্ট কৰি দিলো ।

পিছত গম পালো, সেয়া ঢোপগুৰিৰ ঐতিহ্যমণ্ডিত শিল চাং । তাতেই সজোৱা হয় প্ৰখ্যাত গৰখীয়া মাল গোঁসাই বা বুঢ়া মাল গোঁসাইৰ বন 
বাঁহৰ চাংখন । 

ভাদ মাহৰ কোনো এটা মঙ্গল বাৰত অনুষ্ঠিত হয় সেই পূজা । মাৰি-মৰকৰ পৰা গাঁওবাসীক বচাবলৈ, ভাল খেতি বিচাৰি, আগৰ ৰজাই শান্তি, সমৃদ্ধি, শক্তি বিচাৰি এই পূজা কৰিছিল । 

পূজাৰ আগেয়ে ৰাইজে নিৰ্দিষ্ট দিনত পাহাৰলৈ গৈ 'মাল চাং' বা 'দেও চাঙ'ৰ বাবে বাঁহ কাটিছিল নিয়ম মতে । সেই বাঁহৰ চাং বনাইছিল শিল চাঙৰ ওপৰত । ৰক্ত জবাৰে সজাইছিল চাংখন । চাঙত বান্ধি দিয়া হৈছিল পাঁচটাকৈ পাৰ চৰাই । 

তাৰপিছত ?

(আগলৈ)

Comment


Mask Making of Majuli- A Positive Economic Approach
National Crime Records Bureau Report 2020: Assam records the highest rate of crime against women while Nagaland records the lowest rate in the country
Rubber cultivation in Assam- transforming lives of tribal farmers- a photo story by Anu Boro
SIGNIFICANCE OF THE MIGHTY BURLUNGBUTHUR (BRAHMAPUTRA) TO THE BODOS
Deepor Beel - A Photo Feature by Anu Boro
Obituary: Biju Phukan (1947-2017)
Heritage Hero’s epic journey through grassland of Manas National Park