পুৰঠ জীৱনৰ ৰং...!
***************************
#manojkumardeka #manojdeka #naturephotography #nature
কেতিয়াবা মনটো কৰ'বালৈ গুচি যায় ।...বহি থাকে । একো নকৰে । নিলিখে ।...
এনে সময়ত ভাবো- যি সকলে লিখে, তেওঁলোকৰ বাবে ধাৰাবাহিক ভাৱে লিখাটো কেনেকৈ সম্ভৱ হৈ উঠে ?!...কি কৰে তেওঁলোকে ।
যিয়েই নকৰক, কৰাখিনি যে সাধাৰণ কিবা অলপ ; মনে নকয় । তেওঁলোকে মনটোক বেছিভাগ সময়তে লিখিব পৰাকৈ বহুৰঙি কৰি ৰাখে বোধকৰো ! ...মনটোক শান্ত, বাধ্য কৰি ৰাখিবলৈ তেওঁলোকে কৰাখিনি বোধকৰো মই কেতিয়াও কৰিব নোৱাৰিম !
সিমান শান্ত মই নিজেই নহয় ! বহু ভাল নিয়মৰ মাজত মই থাকিব নাজানো । নোৱাৰো । মন নকৰো । ...সেয়ে ভালকৈ লিখিব নোৱাৰো ।
***************************
পৃথিৱীখন আৰু জীৱনটো- মোৰ দুটা প্রিয় বিষয় । পৃথিৱীৰ বৈচিত্ৰতা, জীৱনৰ সৌন্দৰ্য মই মন্দিৰৰ চুড়াটোলৈ জুমি চোৱাৰ দৰেই চাওঁ । হৰিনাম শুনাৰ দৰেই শুনো । ...ভাল পাওঁ ।
আৰু বিশেষ নাই । কোনো বিশেষ গৱেষণা, বিশেষ অধ্যয়ন নাই । ...অধ্যয়ন, গৱেষণা আদি বৰ টান কাম । নকৰো মই এইবোৰ ।
**********************
ফটো তুলি ভাল পাওঁ । চখ মোৰ এয়া । সীমিত সামৰ্থ্য আৰু সুবিধাৰ বাবে মই ওচৰতেই ঘূৰি থাকো । মোৰ বাবে বিশাল পৃথিৱীৰ ক্ষুদ্ৰ তাঙৰণ এটি কেনেবাকৈ বিচাৰি পাবও পাৰো, তেনে এটা ভাৱ মনত থাকে ।
...মই ফুল, নিয়ৰ, চৰাই, পৰুৱা, নিজৰা আদিতেই ব্যস্ত থাকো । নীলা তিমি চাবলৈ মই গৰ্জন মুখৰ চল্লিছ পাৰ হব নোৱাৰো ।
মই বহু কিবাকিবি নোৱাৰো । বহু কিবাকিবি ।
******************************
সিদিনা হঠাৎ দেখিলো নাম নজনা, বনৰীয়া লতাৰ পকা পাত এটি । সৰু জোপোহা এটিৰ মাজত আছে ; আমন-জিমনকৈ ! মনটোৱে কলে- এয়া দেখোন পুৰঠ মন । পকী থকা । ৰসাল । অভিজ্ঞ !
জীৱনৰ শেষলৈ আগবঢ়া পাতটোৱে মোক দেখি প্ৰায় চিঞৰি কলে- "বুজিছ, সেউজীয়াৰ ইমান দম নাই- বুকুত সাধু সাঁচি ৰাখিবলৈ । চকুত তৃপ্তিত বুকুৰ অভিজাত অভিজ্ঞতা নাথাকিবও পাৰে । তই উভতি গৈ কবি, মানুহক এদিন ৰ'দে চুব নোৱাৰাকৈ মই ছাঁ দিছিলো ! মই...!"
...মই মই পকা পাতৰ কেঁচা কথা শুনিলো । উভতিলো । মনে কলে- "কথা শুনিলি । কিবা দেখিলি ?"
"ও...!"
"কি ?"
"পুৰঠ জীৱনৰ ৰং !"
ফটোখন দেখুৱাই কলো- "এয়া চোৱা !"