ভালপোৱাবোৰ...!
*****************************
(১) য়েছে দৰজে ঠংচি- মোৰ প্ৰিয় লিখক
সমূহৰ এজন । একাধিক কাৰণত তেখেত মোৰ বৰ প্রিয় । একাধিক কাৰণত তেখেতক মই ভাল পালেও ইয়াৰ মূল কাৰণটো হৈছে তেখেতৰ লিখা সমূহ । মূলতঃ জনগোষ্ঠীয় সমাজৰ সৰু সৰু কথাবোৰ, সৰু যেন লগা কথাবোৰ তেখেতে সাংঘাতিক সুন্দৰকৈ সজায় । বিৰাট ভাল লাগে । তেখেতৰ লিখাৰ ভাষা স্কেলডালৰ দৰে । পোন । সৰল ।
কিবা এটা লিখিবলৈ এগৰাকী ব্যক্তি নিঃসন্দেহে আন বহুজনতকৈ অকণমান হলেও বেলেগ হব লাগিব । অকণমান বিশেষ মেধাৰ মালিক হব লাগিব ; সেয়া সচাঁ । কিন্তু তাত উপৰিও আন কিবা গুণ....? য়েছে দৰজে ঠংচিৰ !?
দৰজে ছাৰ আছিল কটনৰ ছাত্ৰ । তেখেত, অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী অৰুণাচলি । এসময়ত অসমীয়া ভাষা আছিল উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক ৰাজ্যৰ, একাধিক জনগোষ্ঠীৰ মাজত সংযোগ সেতু । সেয়ে বোধকৰো ছাৰে পৰৱৰ্তী সময়ত অসমীয়া ভাষাত লিখাও আৰম্ভ কৰিলে ! মনে কয়, যিহেতু ছাৰৰ বাবে অসমীয়া ভাষা আছিল তুলি লোৱা ভাষা - সেয়ে তেখেতে যিকোনো এগৰাকী অসমীয়াৰ বিপৰীতে অধিক সুন্দৰকৈ আৰু সাৱধানে লিখিছিল । যি দৰে লিখে চৰ- চাপৰিৰ পমুৱা মুছলমান সকলে । বৰপেটা, জনীয়া বা নগৰবেৰা আদিৰ ছাত্ৰই অসমীয়া বহু ছাত্ৰৰ বা ছাত্ৰীতকৈ বেছি ধুনিয়াকৈ, পৰিপাটিকৈ অসমীয়া লিখে । কয় ।...
ছাৰৰ এখনি গল্পৰ সংকলন- "পাপৰ পুখুৰী" !" মনে কলে আপুনি পঢ়িব । মনে কয়- আপুনি পঢ়ি ভাল পাব ।
সংকলন খনিৰ এটা গল্পৰ নাম - "এজনী শৰণাৰ্থী বুঢ়ীৰ অন্তিম ইচ্ছা ।
(২) ইদু মিছিমি সকলে সৰুতে বা ল'ৰালী কালত মূৰৰ প্ৰায় সকলো চুলি কাটি কপালৰ উপৰফালে অকণমান চুলি গোলকৈ ৰাখি থয় । তেওঁলোকৰ বিশ্বাস - সেই চুলিৰ আঁৰত ল'ৰাটোৰ ভাল মন, ভাল চিন্তা, আত্মা আদি লুকাই থাকে যাতে সেইবোৰক বেয়া বা অশুভ শক্তিয়ে বিচাৰি নাপায় !
মোৰ মনলৈ অহা কথাষাৰ হৈছে- কেনেবাকৈ আমাৰ মনবোৰো বেয়া নহবলৈ, দুখে চুব নোৱাৰাকৈ ইদু মিছিমি সকলৰ দৰেই কৰ'বাত লুকুৱাই থব পৰা হলে !
(৩) গল্পটো পঢ়ি কিবা এটা বিৰাট দুখে
কুঁৱলীৰ দৰে, চেঁচা বতাহৰ দৰেই মোক চুই যায় । মোৰ বহুত দুখ লাগে । কেতিয়াবা এনে লাগে, এটা বিৰাট সাপে মোক পোনতে চেপি হাড়-মুৰ প্ৰায় গুৰি কৰি অচেতন প্ৰায় কৰিছে । ...তাৰ পিছত গিলি আনিছে !
মই বুজিছো- মৃত্যু হবই ।
তেনে সময়ত মোৰ কেনে দুখ লাগিব পাৰে ?
মনটো সেই অশান্ত সময়ৰ মাজেৰে বৰ কষ্টত আগবাঢ়ে ।...
মোৰ দুখ লাগে গিৰিমু বুঢ়ীৰ বাবে । যাৰ এখন নতুন ঠাই, নতুন পৰিচয় স্বীকার্য নহয় । নামানে বুঢ়ীয়ে । বুঢ়ীৰ ভালপোৱাবোৰৰ এক ঠিকনা
আছে । সেই ঠিকনাৰ পৰিৱৰ্তন বুঢ়ীয়ে
নিবিচাৰে । নামানে ।
চীনা সকলে যে চেলা পৰ্বত পাৰ হৈ আহিব সেয়া গিৰিমু বা আন বহুতেই বিশ্বাস কৰা নাছিল । ...কিন্তু আহিল । তথাপি বুঢ়ীৰ লৰচৰ কৰাৰ মন নাই । শেষত, বুঢ়ীক প্ৰায় জোৰকৈ টানিমেলি সমন্ধীয়া দৰচঙে আঁতৰৰ শিবিৰলৈ লৈ গ'ল ।
শিবিৰৰ চাউল দাইলেৰে বুঢ়ী সুখী নহয় । ...বুঢ়ীৰ এটাই প্ৰশ্ন- উভতিব পাৰিম কেতিয়া !?
এদিন দৰচঙে বুঢ়ীক এজন বিষয়াৰ পৰা নি মদ অকণ খুৱালে । বুঢ়ীয়ে বিৰাট ভাল পালে । ...সিদিনা বুঢ়ীয়ে বৰ সুখত শুইছিল ।
ইতিমধ্যে আন এটা খবৰে শিবিৰ সাৱটি ধৰিছিল । ...শৰণাৰ্থী সকলক আন ঠাইলৈ নি সংস্থাপিত কৰা হব । আৰু সেই খবৰে বুঢ়ীক প্ৰায় বিধ্বস্ত কৰি পেলাইছিল । বুঢ়ীয়ে মৰিলেও নিজৰ গাঁওখন এৰি আহিব বিচৰা নাছিল । দৰচঙেহে জোৰ কৰি লৈ আহিল !
সিদিনাৰ পৰা বুঢ়ীয়ে খাব শুব এৰি দিলে । নিজৰ গাঁওৰ দিশৰ শাৰী শাৰী নীলা পাহাৰবোৰলৈ দিনৰ দিনটো চাই থাকে । অকলে অকলে কথা পাতি থাকে । ...শিবিৰৰ সকলোৱে বুজিলে, বুঢ়ী পগলা হ'ল ।
এদিন বুঢ়ী ঢুকাল । বুঢ়ী ঢুকুৱাৰ দুদিনমান পিছত খবৰ আহিল- চীনা আঁতৰি গৈছে । শৰণাৰ্থী সকলক নিজৰ নিজৰ গাঁৱলৈ উভতাই লৈ যোৱা হব !
সঁচাকৈ... ভালপোৱা বা ভালপোৱাবোৰৰ এটি অপৰিবৰ্তিত ঠিকনা থাকে । যি সাধাৰণতে সলনি নহয় । কৰিব নোৱাৰি ।
মৰিব পাৰি ।