দেৱীপীঠৰ ভোগ...!
****************************
#manojkumardeka #manojdeka #kathabandhu #kamakhya #karbi #khetrikamakhya
কিছুদিন আগেয়ে মোৰ ওচৰলৈ বন্ধু এজন আহিছিল । বহু কথা কলে । কেইটামান কথা মোৰ গাত লাগিল ।
লাগিবই । কাৰণ, তেখেতে কৈছিল খাদ্যৰ কথা ।
বিষয় হিচাবে খাদ্য সাধাৰণ মুঠেই নহয় । খাদ্য অনে এক শক্তি যিয়ে সমগ্ৰ বিশ্বৰ মানুহক প্ৰয়োজনত এক কৰি তুলিব পাৰে ।
মই কিছুদিন আগেয়ে আৰম্ভ কৰিছিলো- 'খাদ্য চিন্তা' শীৰ্ষক এলানি লিখা ! কেইটামান লিখাৰ পিছত অসম্পূৰ্ণ হৈ ৰ'ল । কাৰণ, এটাই । ...প্ৰশান্তিহীন অশান্ত মন । দুখ আৰু খঙেৰে লিখা বা ৰন্ধা বেয়া । ফল বেয়া হয় । সেয়ে মোৰ প্ৰায়েই লিখা নহয় ।
বন্ধু আহি মোক কোৱা খাদ্য বিষয়ক কথা কেইটাই মোক খন্তেকৰ বাবে বিপৰ্যস্ত কৰিলে । মই বিব্ৰত বধ কৰিলো ।
বন্ধুৰ কথাই মোক কলে, আকৌ লিখ !...বন্ধুৱে কৈছিল- মঠ-মন্দিৰৰ ভোগ বা প্ৰসাদৰ কথা ।
মোৰ ভাষাত-"দেৱীপীঠৰ ভোগ !"
খাদ্য বিষয়ক কিছু আলোচনা ইতিমধ্যে হৈছে । আৰু সেই আলোচনাই দিয়া দিয়া সিদ্ধান্তই কয় যে খাদ্য মানুহৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়োজন আৰু সেই প্ৰয়োজন পূৰাবলৈ মানুহে তেওঁলোকৰ সময় আৰু সংবেদনশীল গুণী মনৰ দুৱাৰ খিৰিকী খুলি দিছিল । ...তোমাৰ বাবে মই জিয়াই থাকিবই লাগিব, এনে এক স্বাৰ্থই দিছিল সুখাদ্য ।
আপুনিয়েই এবাৰ ভাবি চাওক- জীৱন বা জিভাখনৰ বাবে মানুহে বেছিকৈ মৰা মাছখিনি বাচিকুছি ধুই মেলি এখন চাং সাজি তাত তুলি তলত ধোঁৱা দিছিল । কিন্তু কিয় ? ধোঁৱা দিলে পোক পৰুৱা নাহে বা মাছবোৰ সোণপানী চৰোৱা যেন হয় । কোনে কৈছিল ?
নাজানো । জানো, কোনোবাই জৰুৰ কৈছিল । কোনোৱে লক্ষ্য কৰিছিল ।
...মানুহৰ এনে অনুভৱ আৰু চিন্তাৰ বাবে আমি আজি তিলেৰে বা বাঁহগাজ বিলাহী দি গাহৰি ৰান্ধো । গৰৈ মাছ পুৰি খাৰ দি পিটিকি খাওঁ । আৰি মাছ বগা সৰিয়হ বটাৰে সানি কলপাতত দি সিজাও । পানী নিদিয়াকৈ কম জুইত হাঁহৰ মাংস কোমোৰাৰে ৰান্ধো । আঠালেটীয়া চাউল চুঙাত দি খাওঁ ।
কিমান কম ?
...কিন্তু 'দেৱীপীঠৰ ভোগ' বহু মানুহৰ নজৰত নাই । অথচ, তাৰ পিছতো আছিল মানুহৰ চিন্তা । ভাল হওক মানুহৰ । মানুহৰ ভালৰ বাবেই দেৱী প্ৰসন্ন হওক । দেৱীৰ প্ৰশান্তিৰ বাবে আগবঢ়োৱা হওক ভোগ, প্ৰসাদ, অন্ন বা পৰমান্ন ! কিন্তু কি কি দিব ? কেনেকৈ দিব ? কোনে ৰান্ধিব । দেৱী বা প্ৰভুজনাই মাছ খাব নে মাংস ? মাছ-মাংস কোন জনাই খায়...কোনে নাখায় ? ...পিয়াজ নহৰু দিব নে ? কোনে পিয়াজ নহৰু দিলে বেয়া নাপায় ? কিমান চিন্তা !
কেতবোৰ জনগোষ্ঠীয় পূজাত মাছ-মাংস নোখোৱা গোঁসাই-গোসাঁনীলৈ কেইটামান কণী আগবঢ়োৱা হয় । ...মুঠতে সন্তুষ্ট হোৱা । শুদামুখে উভতি নাযাবা ।
এনে ব্যক্তি আছে, যিয়ে দুইৰ পৰা তিনি দশক দেৱীৰ ভোগ ৰান্ধি আহিছে । দেৱীলৈ আগবঢ়াইছে । কিন্তু, কিমানে দেখিছে কি দিছে ?
নাই দেখা ।
দেৱীৰ ভোগ দেখুৱাব নাপায় । চাব নাপায় । দেৱ-দেৱীৰ খাদ্য গোপন ।
মন কৰক- আমি দেৱীপীঠৰ বা কোনো মঠ-মন্দিৰ, আশ্ৰমৰ যি ভোগ বা প্ৰসাদ খাও- বৰ সোৱাদ পাওঁ । মোৰ আকৌ প্ৰশ্ন- কিয় ?
দেৱীপীঠৰ ভোগ বাবে ?
নে আগদিনাৰ পৰা লঘোণে-ভশুনে থাকি ভোকত কিবা অকণমান খোৱা বাবে ?
নে সদায় খোৱাৰ বিপৰীতে আদা-নহৰু-পিয়াজ-জলকীয়া একো নোহোৱা বাবে ? (খালি পেটত মা-মচলাৰে ৰন্ধা এসাজ খাই আপোনাৰ দেহা ঠিকে থাকিলহেঁতেন নে ?)
নে ভক্তিৰ বাবে ভয়তে জিভাই সোৱাদ বিচাৰি পালে ?
নে দেৱ-দেৱীৰ আশীৰ্বাদত সোৱাদ হ'ল ভোগ ?
নে বছৰ বছৰ ধৰি ৰান্ধি অহা নিপুণ হাতখনৰ বাবে ?
নে ব্যৱহৃত আটাইবোৰ শুদ্ধ দ্ৰব্য বস্তু হোৱা বাবে ?
অম্বুবাচী মেলাৰ পূৰ্বে গুৱাহাটীৰ নাৰিকল বস্তিৰ ওচৰৰ 'কাৰ্বি' জনগোষ্ঠীৰ মানুহখিনিয়ে পৰম্পৰাগত ভাৱে 'মেখেলা উজুৱা পথ' পৰিষ্কাৰ কৰি আহিছে । তেওঁলোকেই পোনতে দেৱীৰ বলিবিধানৰ বাবে প্ৰয়োজনীয় কলপাত আদি পঠিয়ায় । ই পৰম্পৰা । ...তেওঁলোকলৈ বলিবিধানৰ মাংসৰ ভাগ পঠিয়াই দিয়া হয় । ইও এক পৰম্পৰা । তেওঁলোকে ইয়াক প্ৰসাদ ৰূপে গ্ৰহণ কৰে । খায় ।
একেদৰে ক্ষেত্ৰীৰ ওচৰৰ কামাখ্যা মন্দিৰৰ নৱমীৰ বলি বিধানৰ আগেয়ে কাৰ্বি জনগোষ্ঠীৰ মানুহে বাঁহৰ 'ধাৰী' বৈ দিয়ে । তেওঁলোকলৈয়ো বলিৰ মাংস আগবঢ়োৱা হয় । ই পৰম্পৰা । আন এক অৰ্থত ই দেৱী কামাখ্যাৰ সৈতে থকা জনগোষ্ঠীয় সমাজৰ প্ৰাচীন 'সমন্ধ'ক স্পষ্ট কৰে ।
কথাবোৰ ভাবি লৈ বিতং অধ্যয়ন কৰিলে কেনে হয় ? কথাবোৰ আমি ভাবিব লাগে । কাৰণ খাদ্য অবিহনে এজন মানুহে ভাল ভাবিব নোৱাৰে । এজন মানুহে মানুহক ভাল পাব নোৱাৰে ।
খাদ্য অবিহনে মানুহে ভালদৰে শুব নোৱাৰে ।
খাদ্য মানুহৰ সামূহিক অভিজ্ঞতা বাবেই মানুহে খাদ্যৰ বিষয়ে ভাবিব লাগে । দেৱী পীঠৰ ভোগৰ সোৱাদৰ আঁৰৰ কাৰণ বিচাৰি লাগে ।
কি ভাবে আপুনি ? জনাবচোন ।