স্তব্ধ সময়ৰ গান !
**********************
#manojkumardeka #manojdeka #skyline #skyphotography #skylovers #dighalipukhuri #guwahati #guwahaticity
...পৃথিৱীৰ আটাইতকৈ শক্তিশালী, গুণী-জ্ঞানী ব্যক্তি গৰাকীয়ে না নিজক, না আনক অমৰ কৰিব পাৰিছে ! নাই পৰা । শেষৰ মুহূৰ্তত তেখেতেও আকাশলৈ মোৰ তুলি চায় । সহায় বিচাৰি হাত আগবঢ়ায় ।
আমি আকাশলৈ চাওঁ ।
চাব লাগে ।
আমি আকাশলৈ চাব লাগিব । কাৰণ , আমাৰ কোনো আপোন আকাশত আছে । তেওঁলোক আকাশত থাকে । আমিও এদিন আকাশৰ ক'ৰবাত আছিলো ! আমাৰ সকলো আকাশৰ পৰা আহে । আকৌ আকাশলৈ গুচি যায় ।
আকাশ চাব লাগে ।
মই চাওঁ । চাই অবাক হওঁ । নিঃসহায় হওঁ । মই আকাশৰ ওচৰত নিঃকিন হওঁ । ...যিটো মোৰ সচাঁ পৰিচয় ।
মোৰ চকু দুটা আকাশত তৰাৰ দৰে জিলিকি উঠে । মোৰ হাত দুখনে আকাশত খামুচি ধৰে ।...আকাশত মোৰ হাতৰ শিপা গজীৱ ধৰে । শিপাবোৰে মাটি বিচাৰি বৰষুণ হৈ নামি আহে ।
আকাশ চাব লাগে ।
মই চাওঁ । চাই অবাক হওঁ । নিঃসহায় হওঁ । মই আকাশৰ ওচৰত নিঃকিন হওঁ ।
আকাশে দিয়ে, আকাশত থাকে মানুহৰ সচাঁ পৰিচয় ।
সচাঁ পৰিচয়ৰ ওচৰত সদায় স্তব্ধ সময় ।
* "স্তব্ধ সময়ৰ গান" শীৰ্ষক ছবিখন দীঘলী পুখুৰীৰ পাৰত থিয় হৈ লোৱা !