> Byline > মই সুখী ! আচৰিত নহয়...  
Date of Publish: 2018-06-25
Submited By: Manoj
Contact: manoj.dekaa@gmail.com

এক বিৰাট আত্মবিশ্বাসেৰে কথাষাৰ কৈছিল । আচলতে কথাষাৰ বুলি কলে ভুল কৰা হব । তেখেতে আটাইবোৰ কথা কৈছিল প্ৰচণ্ড আত্মবিশ্বাসেৰে । এশ দহ বা বিশ কোটি জনসংখ্যাৰ দেশ খনৰ গুণী সমাজক নিজৰ কৰ্মেৰে অবাক কৰি তোলা ৰিম দাসে কৈছিল । কৈছিল, তেওঁ ফলাফল দেখি সুখী, কিন্তু আচৰিত নহয় ।

আপুনি এবাৰ ভাৱক, কণ কণ লৰা ছোৱালী কেইটামান । আৰু সিহঁতক লৈ গাঁঠিৰ ধন ভাঙি এটা কেমেৰা লৈ কোনোবাই এখন ছবি নিৰ্মাণ কৰিবলৈ মন মেলিছে ! কি কব ? এতিয়া সকলোৰে কিবা এষাৰ কোৱাৰ বাট বন্ধ যদিও হয়তো আৰম্ভণিতে বহুতে ইয়াক কৈছিল একপ্ৰকাৰৰ বলিয়ালি । পাগলামী ।

চিনেমা কৰিব ? অকলে ?

কিন্তু সততে অসম্ভৱ যেন লগা সকলোখিনি কৰি পেলালে ছয়গাঁওৰ ৰিমাই । এখন চিনেমাৰ বাবে প্ৰয়োজনীয় কাহিনী নিৰ্মাণ কৰিলে । চিত্ৰনাট্য প্ৰস্তত কৰিলে । নিৰ্মাণৰ আৰ্হি তৈয়াৰ কৰিলে । কেমেৰা চলালে । প্ৰযোজক নিজেই । পৰিচালনা নিজৰ ।

এক আচৰিত কাৰবাৰ । এনেকৈ এগৰাকী মহিলাই, অসমৰ ছোৱালীয়ে কাম কৰে !? ...তেওঁ কাম কৰে । আমাক গৰ্বিত কৰে । ৰিমা আমাৰ অসমৰ ছোৱালী । গুৱাহাটীৰ পৰা প্রায় ৪০ কিঃমিঃ আঁতৰৰ ছোৱালী ।

এসময়ত, স্কুলত পঢ়ি থকা অৱস্থাত মন মগজুত ঘৰ সাজিছিল অভিনয়ৰ হেঁপাহে । অভিনয় কৰিছিল । পুৰস্কাৰ কঢ়িয়াই আনিছিল ঘৰলৈ । সুখী হৈছিল । আৰু সেই সপোনত অগ্নিৰ ডেউকা দিবলৈ এদিন ৰিমা গৈছিল সপোনপুৰী মুম্বাইলৈ । অভিনেত্ৰী হব খোজা ৰিমাই তাত যুঁজিছিল । ৰিমাৰ নিজৰ ভাষাত, "মোৰ উচ্চাৰণ ভাল নাছিল । ভুল আছিল । মই ভালদৰে কব পৰা নাছিলোঁ । মই কিছুপৰিমানে হতাশ হৈছিলোঁ । মই ব্যৰ্থ হৈছিলো । ...প্ৰায় ৭ বছৰ পিছত মই উভতি আহিছিলো ।"

কিন্তু, যাৰ অন্তৰত কিবা অতি কৰাৰ দৃঢ় সপোন থাকে, যিয়ে সপোন নেহেৰুৱায় তেওঁৰ নাম ৰিমা । ৰিমা দাস ।

ৰিমাই খুব চিনেমা চাব আৰম্ভ কৰিলে । বিশ্বৰ প্ৰখ্যাত পৰিচালক সকলৰ ছবিবোৰ চাই গ'ল ! সেয়া স্পীলবাৰ্গেই হওক বা মাজিদ মাজিদিয়েই হওক । সেয়া বাই চাইকেল থিভ বা ড্ৰীম...! ৰিমাই আন্তঃকৰণেৰে চালে । হিয়াৰ কাণেৰে কানপাতি শুনিলে । বুজিবলৈ চেষ্টা কৰিলে । কি কৈছে । কি দেখুৱাইছে । কিয়...বা, কেনেকৈ ! অহৰহ তেখেতে কথা পাতিলে নিজৰ সৈতে । আৰু আগবাঢ়িল নিজৰ বাবে বাট কাটিবলৈ । কাৰণ সকলো মানুহৰ বন্ধৱা বাট নেথাকে ।

ৰিমাৰ প্ৰথম চিনেমা আছিল "Man with Binocular"...তাত পিছত ৰিমা ৰৈ নগ'ল ! আগবাঢ়ি গল । এখন গাঁও, গাঁওৰ মানুহ, পথাৰ, প্ৰকৃতি, কণ কণ ল'ৰা ছোৱালী কেইটা, এবুকু সাহস, সততা বা বিশ্বাস লৈ ৰিমাই নিৰ্মান কৰিলে "village Rock star." এখন চিনেমা নহয় এটি কবিতাৰ জন্ম দিলে ৰিমাই । য'ত আপুনি বিচাৰি পাব জীৱন, সপোন, জীৱনৰ সংঘৰ্ষ । "মই সিহঁতক সংলাপ দিছিলো । কিয়নো মই কাহিনীৰ পৰিসীমাৰ ভাঙিব নোৱাৰো । কিন্তু সিহঁতৰ অনুভৱে কেতিয়া ওঁঠ কঁপাই ওলাই আহে স্বাভাৱিক ভাবে তেতিয়া মই ভাল লগা খিনি ধৰি থওঁ । মোক মোৰ আত্মাই বাট দেখুৱাইছিল । "

ৰিমাক সোধা হৈছিল, ইমান স্বাভাৱিক অভিনয় কণ কণ লোৱা ছোৱালীকেইটাৰ পৰা কেনেকৈ উলিয়াই আনিলে । ৰিমাই হাঁহি হাঁহি উত্তৰ দিছিল, কাৰণ তেওঁলোকে অভিনয় নাজানে । তেওঁলোক মোৰ বন্ধু হৈ পৰিছিল । মোক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল । এটি মুহূৰ্ত ধৰিবলৈ মই কেতিয়াবা দহ দিন বাট চাইছিলো ।...কষ্ট অবিহনে সফলতা সম্ভৱ নহয় । মই কষ্ট কৰিছিলোঁ । আৰু আজি যেনেকৈ শেষ কৰিছো, এয়া ধুনীয়া সমাপ্তি নহয়নে ?- ৰিমাই হাঁহি হাঁহি ওলোটাই সুধিছিল । তেওঁ তেওঁৰ কামক উপভোগ কৰিছিল ।

ৰিমাই গাঁঠিৰ ধান ভাঙিছিল । মাকে সহায় কৰিছিল । ৰিমাৰ ভাষাত, মা মোৰ সহ প্ৰযোজক । কিন্তু প্ৰযোজক নিবিচাৰিলে কিয় ?...প্ৰযোজক থাকিলে, পইচা ললে একপ্ৰকাৰৰ চাপ থাকে । মুকলিকৈ নিজৰ দেখা সপোনক কঢ়িয়াব অসুবিধা হয় । মই মোৰ ধৰণে আগবাঢ়িব বিচাৰিছিলো । কাৰণ মই জানিছিলোঁ, মই বিচাৰিছো কি । আপুনি জানিব লাগিব...আপুনি বিচাৰিছে কি !

প্রিয় পাঠক, এয়া কবিতা যেন লগা কথা নহয়নে ।

ৰিমাক সোধা হৈছিল, কি উপদেশ দিব তেওঁলোকক যাৰ টকা নাই...পইচা নাই ।
"নিজৰ ওপৰত বিশ্বাস ৰাখা । বিশ্বাস ৰাখা কাহিনীত । যদি মানুহে কি কৈছে তাত মনোযোগ দিছা পৰিস্থিতি অধিক জটিল হৈ পৰিব । মোৰ বিশ্বাস আছিল নিজৰ ওপৰত, কাহিনীত, কৰ্মত । সেয়ে ফলাফল দেখি মই সুখী, আচৰিত নহয়।" ৰিমাই অতি সহজে কৈ গৈছিল । কাৰণ ৰিমাই জানে সচাঁ কি !

জীৱনৰ দ্বিতীয় ছবিৰে দেশ বা বিশ্বৰ কলাপ্ৰেমিক আপ্লুত ৰা ৰিমাই তৃতীয় ছবিৰ কাম আৰম্ভ কৰিছে । একেখনেই গাঁও...লৰা ছোৱালী কেইটা...কেমেৰা বা ঝুম ৰেকৰ্ডাৰ লৈ ।

কৰ্মত বিশ্বাসী ৰিমাৰ বাবে গাইছো শুভ বাণীৰ বন্দনা । সফল হব ৰিমা যিয়ে বিফলতাত সফলতাৰ সুগন্ধ বিচাৰে ।

Comment


Twisted- 41
Industrial investment: NE recieved 7754 Cr against Rs 201,402 Cr invested in Gujarat in past 25 years
THE PAINTER OF “DEATH”
Assam’s ‘cool’ craft
Few poems of Nilim Kumar
IMAGINING THE COMMUNITY- THE MAKING OF THE SPECTACLE OF BIHU
Arunima’s Swadesh