> Byline > আব্দুল কালাম, অগ্নিৰ ডেউকা, ভালপোৱা ইত্যাদি...  
Date of Publish: 2018-06-19
Submited By: Manoj
Contact: [email protected]

ভাৰতভূমিয়ে আজিলৈ যিসকল মহান পুৰুষক জন্ম দিছে তেওঁলোকৰ ভিতৰত এগৰাকী হৈছে ডঃ আবুল পকীৰ জয়নাল আবেদিন আব্দুল কালাম । চমুকৈ এ পি জে আব্দুল কালাম । ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি । দাৰ্শনিক পণ্ডিত, বৈজ্ঞানিক । কৰ্মযোগী । যাক বিশ্বৰ প্রায় ডেৰকুৰি বিশ্ববিদ্যালয়ে সন্মানিয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে । যাৰ নামত বহিঃৰাষ্ট্ৰই বিজ্ঞান দিৱস পালন কৰে। তেনে গুণী ব্যক্তি গৰাকীক ওচৰৰ পৰা পাইছিলোঁ দুবাৰ । কান পাতি শুনিছিলো তেখেতৰ অমৃতময় কথা। ...

ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ Wings of Fire এখনি বহুপঠিত গ্ৰন্থ । গ্ৰন্থখনৰ এঠাইত মহান ব্যক্তিগৰাকীয়ে কৈছিল -"...আমি প্ৰত্যেকেই নিজৰ ভিতৰত একোকুৰা স্বৰ্গীয় জুই লৈ জন্মিছো । এতিয়া সেই জুইকুৰাক ডেউকা একোখন দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস কৰিব লাগে যায় সেই আলোকত সমগ্ৰ পৃথিৱী উদভাসিত হৈ উঠে । ...ভগৱানে আপোনালোক আটাইৰে মঙ্গল কৰক । !"

(২) কিছুদিন পূৰ্বে এগৰাকী বান্ধৱীয়ে সুধিলে, অমুকটো কেনেকৈ পাম ? বোলো, হেঁপাহৰ জুইকুৰাত পাখি লগাই দিয়া । পাই যাবা ।
...কৈ উঠি মোৰ ভাল লাগিছিল ।বেয়া লগা নাছিল । কিয়নো এগৰাকী গুণী ব্যক্তিৰ কথাই মোক দেখুৱাইছিল স্বৰ্গৰ পৰা মই লৈ অহা জুইকুৰাক । সম্ভাৱনাৰ জুই । মাথো ইয়াক আমি নিৰন্তৰ চেষ্টাৰ বতাহ দিব লাগে। দিব লাগে হেঁপাহৰ পাখি।

(৩) এগৰাকী ভাৰতীয় জনপ্ৰিয় অভিনেতা, আমিৰ খান । এবাৰ তেওঁ এখনি বিদ্যালয়লৈ গল অতিথি হিচাবে । নিজৰ ভাষণত তেওঁ কৈছিল, আপোনালোকে গৌৰৱ কৰে আপোনালোকৰ পূৰ্ণ শতাংশ ছাত্র বা ছাত্ৰীয়ে পূৰ্ণ শতাংশ নম্বৰ লৈ পাছ কৰে। উত্তীৰ্ণ হয়। কিন্তু, আপোনালোকে কব পাৰেনে, তেওঁলোকৰ পূৰ্ণ শতাংশই সুখী ?

কাৰো মুখত মাত নাই ।

আমি নম্বৰ বেছি পালে নে নাই সুধো । সুধো, বৰাৰ জীয়েকতকৈ বেছি পালানে ? সোধো, কলিতাৰ লৰাতকৈ কিয় কম পালা ?

কেতিয়াও নোসোধো, এদিনো নোসোধো, তুমি আজি কি ভাল কাম কৰিলা ? নোসোধোঁ, তুমি সুখী হয়নে ? নোসোধো । প্রয়োজন হলে আমি মানসিক ৰোগ চিকিৎসকৰ ওচৰলৈ যাম । চুবুৰীয়াৰ চোতাললৈ নহয় ।

কিন্তু যদি আমি অন্ততঃ নিতৌ এবাৰ আমাৰ সন্তানক সোধো, তেন্তে কুৰি বছৰ পিছত লৰা বা ছোৱালীজনীয়ে নিতৌ বা সপ্তাহত এজনক সহায় কৰাৰ মানসিকতাক বিচাৰি পাব। কাৰণ , বিগত কুৰি বছৰে সি বা তাই মানুহক সহায় কৰি আহিছে । মানুহৰ বা সমূহৰ কথা চিন্তা কৰি আহিছে । সেই চিন্তা এতিয়া তাৰ বা তাইৰ তেজত । মনত। মগজুত ।

কিন্ত এবাৰ ভাৱক আমি কেনে ধৰণে কি শিকাই আছো ! এদিন সিহঁতে আমি দিয়া জ্ঞানৰ উৎপাতত আনক লেং মাৰিব জনা হয় । বিভাগৰ পইচা মাৰি এটি সফল জীৱনৰ গৰাকী বুলি মিছা ভেমত থাকিব পৰা হয় । ইটালীয়ান মাৰ্বলেৰে ঘৰৰ মজিয়া সজাই ঘৰৰ সন্মুখৰ ৰাস্তাৰ লেতেৰা পানীত নিস্পৃহ ভাবে দামি গাড়ী চলাব পৰা হয় ।

কিয় নহব, তেওঁলোকে সমূহৰ বাবে মাতিব নিশিকিলেই। শিকোৱা নহল তেওঁলোকক !

(৪) আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰই প্ৰতি শনিবাৰে সন্ধিয়া ৮ বজাৰ পৰা "একলব্য" শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰে । মাজে মাজে ময়ো আঁত ধৰোঁ। এইবাৰ কথা পাতিছিলোঁ ত্ৰিবেণী ভট্টাচার্য ৰ সৈতে । বিষয় : ভালপোৱা । সমাজৰ উন্নয়নৰ স্বাৰ্থত ভালপোৱাৰ প্ৰয়োজনীয়তা ।
ভাকপোৱাৰ পৰিসীমা বহল। নিজক ভাল পাব লাগিব। ভাল পাব লাগিব সমাজক । ভাষাক । ৰীতিনিতি, জাতি জনগোষ্ঠী, পোছাক, বিশ্বাসক ।

-এই সমূহকেই ভালপোৱাৰ আওতালৈ আনি নৱ প্ৰজন্মক আজি শিকাব পাৰিলে কুৰি বছৰ পিছত আমি এটা প্ৰজন্ম পাম । যাৰ সপোন দেখিছিল আব্দুল কালামে। সপোন দেখে দেশৰ প্ৰধান মন্ত্ৰীয়ে । আপোনাৰ ভাবিলে দুখ লাগিব যে কি শিকাইছোঁ আমি ! কি শিকিছে !! ...এইখিনিৰে সিহঁতে জীৱন, ঘৰ, দেশ...একোগঢ়িব নোৱাৰে।

খালিল জীব্ৰান এ কৈছিল, লৰা ছোৱালী আপোনাৰ বা আপোনালোকৰ নহয়। তেওঁলোকক আপোনালোকৰ দ্বাৰা অহা একোটা সত্বা । এটা সম্ভাৱনা । জাপি নিদিব । সিহঁতৰ নিজস্বতাক উদ্ভাসিত হব পৰাকৈ যত্ন লওক ।

... প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেম বা ভালপোৱাৰ বাবে আজিও নটা গ্ৰহৰ মাজত সংঘাত হোৱা নাই। প্ৰেম ভালপোৱা যত সৌন্দৰ্য তাত । তাতেই শান্তি। সৰুৰে পৰা প্ৰকৃত শান্তি পাব পৰা ভালপোৱাৰ নিজৰাৰ ওচৰৰ পৰা আমি আঁতৰাই অনা বাবে আমি আজি একো একোটা অশান্ত প্ৰাণৰ জন্ম দিছো। যিয়ে নাজানে, শুদ্ধ কি...অশুদ্ধ কি ।

আহক,নৱ প্ৰজন্মক ভাল পোৱা শিকাও । দেখুৱাও শান্তিৰ বাট ।

 

Comment


Crave for quality leisure time brings new hopes to radio lovers
An Exotic Journey to Unravel The Elephant Girl
Creative works from Northeast:Papari Barman on Nandita Devi’s novel Bangal Bohu Dur
Ten poisoned Himalayan Griffon vultures released in Laokhowa Wildlife Sanctuary after successful treatment at CWRC
Defining Issue
Twisted- 8
A few poems of Saratchand Thiyam