> Byline > তুমি ধুনীয়া গাভৰুৰ ফটো লোৱা...  
Date of Publish: 2018-06-18
Submited By: Manoj
Contact: [email protected]

 

...তীক্ষ্ণধী গল্পকাৰ, জেষ্ঠ সাংবাদিক মনোজ'দাই (মনোজ কুমাৰ গোস্বামী) তেখেতৰ সন্তানৰ জন্মদিনৰ আয়োজন কৰিছিল । বিভিন্নজন গৈছে । খাইছে । হাঁহিছে । কথা পাতিছে । খবৰ লৈছে । বিদায় লৈছে । হঠাৎ মনোজ'দাই মোক কলে, সৌ মানুহজন যে দেখিছ - কেইখনমান ফটো তুলি থ । পিছত কামত আহিব । ...

মই উভতি চালো, ৰঙচুৱা ধৰণৰ ফ্ৰেমত দুখন পাৱাৰফুল গ্লাছ । সেই গ্লাছৰ তলত দুটি বুদ্ধিদীপ্ত চকু । ক্ষীণকাই শৰীৰ । সাধাৰণ পোছাক । চিগাৰেট খাইছে একোনত বহি, দুহাতেৰে ঢাকি । কেওফালে সকলো ব্যস্ত । কোনেও বিশেষভাবে লক্ষ্য কৰা নাই মানুহজনক । সাধাৰণ মানুহ !

... হঠাৎ মোলৈ সেই সুবৰ্ণ সুযোগ আহিছিল । মোৰ বাবে সেয়া আছিল জীৱনৰ অতি সোণালী অধ্যায়ৰ দুটি পৃষ্ঠাত দুশাৰী লিখাৰ বাবে সমল গটোৱাৰ সুযোগ । যি আনে খুব কমেই পাইছে । মানোজ'দাই মানুহজনৰ নামটো মোক কৈছিল । তেখেতৰ নাম অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত অতি সভ্ৰমেৰে লোৱা হয় ।

নাম তেওঁৰ সৌৰভ কুমাৰ চলিহা । ওৰফে, সুৰেন মেধি । অসমীয়া আধুনিক গল্প সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ খনিকৰ ।

...মই তেখেতৰ ফটো লবলৈ চেষ্টা কৰিলোঁ । কিন্তু এই বিষয়ত অতি স্পৰ্শকাতৰ লেখক গৰাকীয়ে মোক মুঠেই সুবিধা নিদিলে । তেখেতে এটুকুৰা সুবিধাজনক ঠাইত বহি ঘূৰি দিলে । মোৰ মুখ আৰু তেখেতৰ মুখৰ মাজত তেখেতৰ পিঠিখন থিয় হৈ থাকিল । মই নোৱাৰিলোঁ সিদিনা ।...

কিন্ত্ত তাৰ পিছত কিয় জানো, মোৰ জেদ বাঢ়িছিল । মই তেখেতৰ জ্ঞানৰ পৃথিৱীৰ পৰিধি নজনা নুশুনাকৈ তেখেতৰ স্বনিৰ্বাসনৰ প্ৰতিজ্ঞা ভাঙিবলৈ চেষ্টা আৰম্ভ কৰিলোঁ । বহুতৰ বাবে হাস্যকৰ । তেখেতৰ বাবে অসহনীয় । মই বাবে সফলতা ; তেখেতৰ এখন ফটো তোলাতো । কাৰণ মই এগৰাকী ফটো সাংবাদিক । নিষিদ্ধ বা নিষিদ্ধ অঞ্চল উন্মোচন মই কৰিব লাগে । মই তেনে কৰিব বিচাৰো । কৰি ভাল পাওঁ । মই যেন প্ৰতিজ্ঞা কৰিছিলোঁ, অসমীয়া সাহিত্যৰ এইজনা কাণ্ডাৰীৰ একাধিক মুহূৰ্ত মই ধৰি থম হেজাৰ জনৰ বাবে ।

তেতিয়াৰ পৰা মই সৌৰভ কুমাৰ চলিহা'ৰ পিছত লাগি গলো । এজনে নিদিয়ে । আনজনক লাগে । মনত অযুত শ্ৰদ্ধা লৈ বিজ্ঞ লেখকজনক খুব দিগদাৰ দিয়া অসমৰ একমাত্ৰ ফটো সাংবাদিক গৰাকী আছিলো মই ।

...কেতিয়াবা দিছ্পুৰ লাস্ত গেটৰ পৰা চুপাৰ মাৰ্কেটৰ ফালে বাইক ঘুৰাও, দেখো বছৰ পিছৰ ছিটত সৌৱা সৌৰভ চলিহা । বাইক ঘুৰাও, বাছৰ পিচে পিচে দৌৰ দিও । বাছ ৰলেই ৰও । চাওঁ । নামিছে নেকি । নমা নেদেখিলে আকৌ পিছ লওঁ । দূৰৈৰ পৰা লক্ষ্য কাৰো । ট্ৰাকৰ পিছত জোপ লওঁ । ফটো তোলো । কেতিয়াবা দেখো তেখেতে পানবজাৰৰ শ্বেইখ ব্ৰাদার্শ'ৰ সন্মুখত কমলা কিনিছে...মই গৈ প্ৰাগ কেণ্টিনেণ্টেল হোটেলৰ টপ ফ্ল'ৰ পাওঁ । তাৰপৰা ফটো লওঁ । ডাঠ কফি ৰঙৰ কোট, ৰঙচুৱা হাইনেক ওলাই থাকে । মোৰ কেমেৰাত ৰৈ যায় স্থিৰ আলোকচিত্ৰ হৈ ।

দিন আগবাঢ়ে । মই আগবাঢ়ো তেওঁক বিচাৰি । মেলে মিটিঙে চাওঁ । কিজানি পাওঁ । 
……..........................
...............................
.................এদিন হীৰুদাই মাতিলে । কলে আহিবা । ফটো লব লাগে । কপৌ ফুলৰ। যাওঁ । 
...ফটো ললো । চাহ দিলে । খালো । উভতিব ওলালোঁ । হিৰুদাই কলে, ময়ো যাওঁ । 
"কলৈ যায় ?"
"মেঘদূত ভৱন ।"
"ব'লক। মোৰ লগতেই যাব পাৰিব। "
...হিৰুদা ওলাল । বহিল মোৰ স্কুটাৰত । স্কুটাৰ আগবাঢ়িল জানজট ফালি ।

শিলপুখুৰী পোৱাৰ সময়ত হিৰুদাই তেখেতৰ স্বাভাৱিক তীক্ষ্ণতাৰে কলে," মই স্কুটাৰত উঠি ভাল পাওঁ।"
"কিয় হিৰুদা?"
"এহ, বাওঁহাত-সোঁ হাতৰ সকলোকে মাতি যাব পাৰো ।"
...কি কম কওক ! মোৰ কবলৈ কিবা থাকেনে ...। অবাক হৈ শুনি যাওঁ । ভগৱানক ধন্যবাদ দিওঁ । মোক ইমান সুন্দৰ সময়কণ দিয়া বাবে ।

...ভাবি ভাবি আগবাঢ়ো । কছাৰী পাইছোঁহে !! চি জে এম কোৰ্ট'ৰ সন্মুখত হিৰুদাই উছপিছ লগাই দিলে । ৰাখিব নেপাওঁতে হিৰুদাই প্ৰায় জঁপিয়াই নামি গ'ল । বোলো হল কি !!!!
ঘূৰি চাই মোৰ অৱস্থা নোহোৱা হল । হে হৰি । কাৰো কি । স্কুটাৰো এৰিব নোৱাৰো । ষ্টেণ্ড কৰিবলৈ স্কুটাৰৰ ভৰি মই উত্তেজনাত বিচাৰি পোৱা নাই । ইফালে কথা পাতিছে পদপথত অসমীয়া সাহিত্যৰ দুগৰাকী মহান কাণ্ডাৰীয়ে । শুকাই কিছমিছ হোৱা মিঠা আঙুৰ দুটি । ক্ষীণমীন দুয়ো । হেজাৰজনে নিচিনাকৈ মনত সাঁচি লালন পালন কৰা আত্মা দুটিযে কথা পাতিছে । হিৰুদাৰ হাতত দুখিলা কাগজ । সৌৰভ চলিহাৰ হাতত এটি প্লাষ্টিকৰ মোনা । হালধীয়া,নীলা, ৰঙা নীলা আঁচ টনা । আগেয়ে তেনে মোনাত জনতা চাবোন আহিছিল গেলামালৰ দোকানলৈ । তেনে ম'নাখন ।

মই কেনেবাকৈ স্কুটাৰ থলোঁ । বেগৰ চেইণ্ বিচাৰি নাপাওঁ । কেনেবাকৈ খুলি কেমেৰা উলিয়াই দৌৰ দিওঁ মানে দুয়ো শেষ কৰিলে । ...কথা শেষ । 
হিৰুদা মোৰ ওচৰলৈ উভটিল । মই বোলো,"দাদা, আৰু অলপ সময় কথা পাতিলে মই ভাল ফটো এখন পালোঁহেঁতেন ।"
"ও, তুমি ফটো লোবা নেকি !"
"লম।"
এইবাৰ হিৰুদাই ঘূৰি চিঞৰিলে ,"হেৰী হেৰী...অলপ ৰ'ৱ । ফটো লব ।" এনেয়ে নাচনী, তাতে পুতেকৰ বিয়া । ফটো বুলিলে যিয়ে সাত জাপ মাৰে, তেওঁক চিঞৰি কৈছে- হেৰী ৰব । ফটো উঠাব !...যিগৰাকী ব্যক্তিয়ে আজিলৈ ৰাজহুৱা মঞ্চত নিজৰ পৰিচয় নিদিলে, বঁটা নিজে গ্ৰহণ নকৰি নিজক সামৰি থলে তেওঁৰ ফটো...!

এইবাৰ মই দৌৰি গৈ এখন ক্লিক কৰিলোঁ । দুখন ক্লিক কৰাৰ সময়ত নিজৰ নিজস্বতা, স্বকীয়তা কেতিয়াও কোনোকালে বিসৰ্জন দিব ৰাজী নোহোৱা ঋষিয়ে হাত দাঙি মুখ ঢাকি ধৰিলে । ৰৈ গল তেওঁ তেনেকৈ । এখন স্থিৰ চিত্ৰ হৈ, মোৰ কেমেৰাত । মই তেনেকৈ হাত দাঙি বাধা দিয়াত অকণ বিব্ৰত হলো । অসহজ হলো । তেখেতে মোক ইংগিতেৰে মাতিলে । ওচৰলৈ । এইবাৰ মোৰ ভয় লাগিল । মই বুজিছিলো, মই কাৰোবাৰ ইচ্ছাক অসন্মান কৰিছো । ভাবিলো, মনোজ...আজি তোমাৰ শেষ বাপু !

...মই নিজকে বচাবলৈ একপ্ৰকাৰৰ বৃথা চেষ্টা কৰিলোঁ । মোৰ কথা আছিল প্রায় অসংলগ্ন । ...হে হে...মই মানে হীৰুদালৈ ওচৰলৈ গৈছিলোঁ । হীৰুদালৈ ওচৰলৈ...মানে মানে ফটো লৈ আহিলো...কপৌ ফুলৰ ফটো ছাৰ । ...আহি আপোনাক দেখি ফটো এখন ললো । ..মানে...

ক্ষীণকাই তীক্ষ্ণধীয়ে মোলৈ অকণ চাই ৰ'ল । মোক ভিতৰলৈ চাইছে । মই মোক লুকুৱাব পৰা নাই । তেওঁ যেন ৰং চাইছে ...। হীৰুদালৈ এবাৰ চাই দেখো, হিৰুদাই যেন একোৱেই দেখা নাই...তেনেকৈ থিয় হৈ আছে । ভগাবান ! কেনেকুৱা মানুহ ভাই ...
" কি নাম তোমাৰ ?" এক প্ৰাচীন গোন্ধ থকা গভীৰ মাত আহি মোৰ কাণত পৰিল । সুধিছে মোক । সৌৰভ চালিহাই ।...
"মনোজ কুমাৰ ডেকা।"
"মনোজ, তুমি কপৌ ফুলৰ ফটো লোৱা । ধুনীয়া গাভৰুৰ ফটো লোৱা । আমাৰ ফটো ন'লবা । ন'লবা ...। আমি দেখিবলৈ আপচু ।" ...কৈ আঁতৰি গ'ল । মই স্থৱিৰ হৈ ৰলো হেজাৰজনৰ মাজত । হেজাৰ জনৰ মাজত মলিয়ন প্রায় চামৰাৰ চেন্ডেল এযোৰ পিন্ধা, এযোৰ মোজাৰে ভৰি ধাকি ৰখা মানুহজন হেৰাই গল । খন্তেকতে ।

সাধাৰণ হৈ সাধাৰণৰ মাজত থকা অসাধাৰণ ৰূপ মই দেখিলো ।

উভতি আহি অফিচত জনালোঁ । সমালোচক, লেখক দিগন্ত ওঝাই গোটেই ঘটনাটো কলে মানোজদাক । মানোজদাই কলে , লিখিব দে ।

লিখিলোঁ । ওলাল । পেজ ওৱান ।"পদপথত কবি, গল্পকাৰ সাংবাদিকৰ সংঘাত"
...পিছদিনা পুৱা দিগন্ত ওঝাই ফোন কৰি চলিহা ছাৰ'ক জনালে -"ছাৰ, মনোজে আপোনাৰ বিষয়ে লিখিছে ।"
"তাক ফটো তুলিব মানা কৰিলোঁ, সি লিখিয়েই থলে !"...খেৰেক । সিটো মূৰৰ পৰা ফোন থোৱা শব্দ ইতো মুৰলৈ চিটিকি আহিল ।
........
............
.............. মোৰ জীৱনক সমৃদ্ধ কৰা এটি পৃষ্ঠা আপোনালোকৰ সন্মুখত ।

 

 

 

Comment


The Fading Memory of ULFA
ARCHIVAL RECORDS: SITUATION IN ASSAM DURING BANGLADESH LIBERATION WAR IN 1971-PART 6
COVID-19 challenges: Over 7500 VLEs in Assam keep open online routes at CSCs for telemedicine, banking and other essential services for thousands of rural households under lockdown
Assam: A New Communal Nub
Rongali Bihu Celebration in Sydney
Innovative community homestay models in Manas and Kaziranga-Karbi Anglong landscapes developed in partnership with Aaranyak combine traditional hospitality with nature tourism
A step forward