> Byline > টিকে কিকান...  
Date of Publish: 2018-06-18
Submited By: Manoj
Contact: [email protected]


 

টিকে কিকান...এক বিলুপ্ততাপ্ৰায় নৃত্য গীত । যি কাৰ্বি সমাজত, এসময়ত বহুল প্ৰচলন বা অনুশীলন হৈছিল । ...অলপতে সোণাপুৰৰ ওচৰৰ ভৰাগাঁৱলৈ যাওঁতে এজনে কৈছিল "টিকে কিকান"ৰ বিষয়ে । "টিকে কিকান" মানে হৈছে বাঘ নৃত্য । বা, বাঘ হত্যাৰ নৃত্য গীত ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ভাষাত অসমৰ "কলম্বাছ" কাৰ্বি সকল । পোনতে পাহাৰত বাস কৰা কাৰ্বি সকলে কেতিয়াবা বাঘ নিধন কৰিব লগীয়া হৈছিল । আৰু বাঘ নিধন কৰাৰ পিছত তেওঁলোকে কেতবোৰ নীতি নিয়ম পালন কৰিছিল । বাঘ নৃত্য সেই নীতি নিয়মৰ অন্যতম পৰ্ব ।

বাঘ নিধনৰ পিছত, তাৰ ছাল আঁতৰাই ছালখন বাংথে বা পেনপ'ৰ ঘৰত ৰখা হয় আৰু এদিন, দিন বাৰ চাই বাঘ নৃত্য বা টিকে কিকান'ৰ আয়োজন কৰা হয় । পোনতে ছালখনত খেৰ আদি ভৰাই তাক পুনৰ বাঘ'ৰ আকৃতি প্ৰদান কৰা হয় । এইবাৰ বাঘৰ প্ৰতিকৃতি'টোক য'ত বাঘটোক হত্যা বা নিধন কৰিছিল তালৈ নিয়া হয় । তাৰ পৰা ফুল আদিৰে সজোৱা "স্বণ্ডল"( মৰা শ কঢ়িওৱা সাঙী)ত তুলি স্বনক' বা ঢাল তৰোৱাল ঘূৰাই বনৰজাক কালি ঢোল পেঁপা বজাই আদৰি অনা হয় " তাৰাং হেম"লৈ ।

...এই বাঘ নৃত্যৰ ফটো বা গীত আদিৰ বাণীবন্ধন কৰিবলৈ নিদিয়ে । কাৰণ তেওঁলোকে বিশ্বাস কৰে, এই গীত নৃত্য য'তে তোতে প্ৰদৰ্শন কৰিলে বা গালে বাঘৰ উৎপাত বাঢ়ে । খেৰ কাটিব যোৱা বা খৰি বিচাৰি যোৱাজনক তেতিয়া বাঘে আক্ৰমণ কৰিব পাৰে । সেয়ে "টিকে কিকান" য'তে-ত'তে গোৱা নহয় বা গাবলৈ দিয়া নহয় ।

দুৰ্ভাগ্যৰ কথা এনে এটা প্ৰাচীন জনগোষ্ঠীৰ, এনে সুন্দৰ ব্যৱস্থাৰ সঠিক সংৰক্ষণৰ একো ব্যৱস্থাই এতিয়ালৈ হোৱা নাই । নৱ প্ৰজন্ম বৰ বেছি আগ্ৰহী নহয় এইবোৰৰ প্ৰতি !...সেয়ে পাকে প্ৰকাৰে দায়িত্ব আমাৰ । কোনোৱে এই বিষয়ত আৰু কিবা যোগ দিলে সুখী হ'ম ।

Comment


Heralding Bohag - a photo story by Girimallika Saikia
Wildlife Week Special -- Sand-sucking machines taking away river dolphin home in Assam
Women workers of Assam tea gardens grapple with critical health issues
Bhupen Hazarika: As Kalpana Lajmi knew him
Twisted- 4
Ka Pahsyntiew ( A Khasi folktale)
Señor – A short story by Abhijit Bora