> Byline > সুখৰ গাড়ী  
Date of Publish: 2018-11-16
Submited By: Manoj
Contact: manoj.dekaa@gmail.com

"ভাল লিখে আপুনি"

"কেনেকৈ ক'লে..!"

"পঢ়িছোঁ...! বন্ধুত্বৰ বাবে আগবঢ়াই দিয়া হাতখনিত খামুচি ধৰা বাবে ধন্যবাদ ।'

...মানুহৰ কথাত মানুহৰ মন জিলিকি উঠে । উথলি উঠা বুকুৰ উৰ্মিমালাই নেওঁতা পঢ়ে । ...কৰবাত আত্মীয়তাৰ বাঁহী বাজিছে । সি শুনিছে ।
...নিজান ৰাতি ! কোনো দূৰৈৰ গাঁওৰ পৰা মৃদু মনৰ মলয়াই কঢ়িয়াইছে হিয়াৰ সুৰ ।

কোনোবাই জনা বুলি কলে সি বৰ দিগদাৰ পায় । কেনেকৈনো সি জনা মানুহ । জনা মানুহ হোৱাটো ইমান সহজ ?! কেওফালে জ্ঞানৰ বৰষুণ, নৈ নিজৰা সাগৰ...ক'তা সি দেখোন বাহু মেলিবই পৰা নাই । ভৰি মাৰিবলৈ সাহসেই কৰিব পৰা নাই । কৰিবই বা কেনেকৈ ! জ্ঞানৰ সাগৰ সাগৰতকৈ বহু বিশাল । সি ভাবে । সি মানে । সেয়ে বৰ দিগদাৰ পায় ।

"চাওক, মই অতি বিনয়েৰে স্বীকাৰ কাৰো, মই বিশেষ একো নাজানো । ...আপুনি বন্ধুত্বৰ হাত আগবঢ়ালে, মন ভৰিল । মোৰ মনৰ ভিতৰত এখন সৰু পৃথিৱী আছে । নিজৰ পৃথিৱী । আন বহুতৰ দৰেই বুকুত লুকাই থোৱা পৃথিৱী । আপোনাক সযতনে আদৰিছোঁ...! কিন্তু, কিন্তু আপুনি মোৰ লিখা পঢ়িলে ক'ত ?"

"আলোচনীত...কাকতত...!"

" সেইবোৰক লিখা বুলিব নোৱাৰি দেই । "

"লিখা ভাল নে বেয়া সেয়া আপুনি নহয়,মই বিচাৰ কৰিম । পাঠক মইহে...!"

"উফ...!"

"অদ্ভুত লিখে আপুনি ! এনে লাগে মোক কৈ আছে...! মোৰহে একো নাই ।"

"তেনে নহয় ।"

" কি ?"

"কিবা অকণ আপুনিও জানে ।"

" কেনেকৈ ?"

"চাওক, মানুহ ভগৱানৰ অনন্য সৃষ্টি । ভগৱানৰ সৃষ্টি বাবেই ই অনন্য । কাৰো সৈতে নিমিলা । প্ৰতিজন মানুহ ভগৱানৰ আশীৰ্বাদ পুষ্ট । অপাৰ সম্ভাৱনাৰ উৎস । আঙুলিৰ চাপৰ দৰেই মানুহ দেখিবলৈ একে । কিন্তু একে নহয় । মানুহৰ সমভাৱনাক হিয়াৰ তুলাচনীৰেহে জুখিব পাৰি ।..."

" এয়া চাওক...এনেকৈ জনা জনেহে কয় । প্ৰমাণ হৈ গ'ল ! মই আপোনাৰ দৰে লিখিব নোৱাৰো, কব নোৱাৰো । য়েছ...আবোল তাবোল বকিব পাৰো...!"

হাঁহিয়ে দুলনী লগাই যোৱা অস্পষ্ট মুখ এখনি তাৰ কল্পনাত জিলিকি উঠিছিল । শব্দবোৰ কেতিয়াবা কপৌৰ কোমল বুকুৰ টুকুৰা চিঞৰ বা কেতিয়াবা নিজৰাৰ পানী পাই উশাহ পাহৰা কণমানি মনৰ আদৰ যেন লাগিছিল ।

" মনটোক মুকলি কৰি দিয়া । উৰক । ফুৰক । ...!"

"ৱাও...! উৰিবলৈ মন যায় । কিন্তু এটা প্ৰব্লেম আছে ।"

"??..."

"পাখি নাই...!"

"আজিৰ পৰা আকাশ চাবা। সদায় । প্ৰতিদিনে । এবাৰ হলেও । দেখিবা, মনত পাখি গজিছে । ...আৰু এদিন তুমি উৰিব পাৰিবা ।"

"কলম ধৰিব নাজানো ও ! শব্দ বিচাৰি নাপাওঁ !"

"এয়া শব্দ বিচৰাৰ সময় নহয় । আকাশ চোৱাৰ সময় । বতাহৰ গান শুনাৰ সময় ।"

...এনেদৰেই সিহঁত আগবাঢ়িছিল । আগবাঢ়িছিল ধুমুহাৰ গতিৰে । আগবাঢ়িছিল ইটো সিটোৰ ওচৰলৈ । গোপনে । গোপন পৃথিৱীখনৰ সমস্ত বতাহ বৰষুণ ধুমুহা গাজনী পাহাৰ পৰ্বত লৈ ।

তাই কৈছিল, "উৎসাহিত হলো । লিখিম ।"

আচলতে প্ৰতিগৰাকী ব্যক্তিৰ ভিতৰত থাকে অপাৰ সম্ভাৱনা । অপাৰ । বহু বেছি । এই সম্ভাৱনাবোৰ শুই থাকে । এক বিৰাট আশাৰে । আশা কৰে, কোনোবা আহিব...নিচুকাব, মূৰত হাত বুলাব, জগাব । কব...ব'লানা কিবা কাৰো ।

সফলতাৰ প্ৰকৃত অৰ্থ নুবুজি ভুল মন্ত্ৰ পাঠ কৰা আজিৰ মানুহে নিজৰ সৈতে কথা পাতেনে ? কোনোবাই কাৰোবাক মনত পেলাই দিয়েনে মানুহজনৰ ভিতৰত থকা গুণবোৰৰ...ৰূপৰ কথা ! কয়নে, নিজৰ মনলৈ, হৃদয়ৰ গভীৰতালৈ জুমি চা ।

না, নকয় ।

সি কৈছিল ।

সি কৈছিল," মই হ'লে প্ৰচণ্ড জোৰত ঘূৰ্ণি বতাহৰ দৰে বন্ধ কোঠাৰ কেওফালে ঘূৰি ফুৰিলোঁহেঁতেন । দুৱাৰ বিছাৰি । খিড়িকী বিচাৰি । আকাশ বিচাৰি । খন্তেকৰ বাবে কলা পৰিলেই আকাশৰ মৰ্য্যদা হানি নহয় । আকাশে এদিন অঞ্জন ঘঁহি লওক । ক'লা কৰক দুচকু...মই বিজয়ী বতাহ বা ধুমুহা হওঁ ।

প্ৰতিটো দুপৰীয়া বা সন্ধিয়া সিহঁতে কথা পাতিছিল । দিগন্তই অনুভৱ কৰিছিল তাই সুখী হৈছে । কাৰণ কি ৱৰ্ডত আখৰে খৰকৈ বাট বুলিছিল । তাই হাঁহিছিল । দুষ্টামি কৰিছিল ।

"আচলতে কি জানা বিচাৰিব নজনাবোৰক কোনোবাই অকমান দেখুৱাই দিলে আগবাঢ়িব পাৰে ।"

"মিছা নহয় ।"

"হেল্প কৰিবা আগুৱাবলৈ মৰসাহ কৰি চাম এবাৰ ?"

" কৰিম, কৰিব পৰা খিনি ! কিন্তু তুমি যদি ভাবা তোমাৰ সাহস আছে তেন্তে আৰম্ভ কৰা ।"

"সাহস মোৰ আছে ।"

"তেতিয়াহলে ? আৰু কি লাগে তোমাক ? অকণমান কাগজ এটা কলম লোৱা । আৰম্ভ কৰা !"

"হাৰে, মই পথেই দেখা নাই ! বাট বোলো কেনেকৈ ? কি লিখো, কেনেকৈ লিখো...!"

সি হাঁহি হাঁহি কৈছিল " হাতেৰে লিখা আকৌ ।"

খন্তেকতে আকৌ গহীন হৈ কৈছিল, "মনে ভালপোৱা খিনি লিখা । কাৰণ তুমি জানা । জনাব খোজা এনে হৈছিল... এনেকৈ হৈছিল । তুমি ভাল পোৱা এজনক মনত বহুৱাই লোৱা । এতিয়া তেওঁক কৈ যোৱা মনৰ কথা ।..ঐ শুন না !"

হাঁহি জিলিকি উঠিছিল স্ক্ৰীনত । তাইক সি দেখিছিল, এটা চাৰি মহলিয়া বিল্ডিঙৰ এটি কোঠাত । ঘৰটোৰ কেওফালে ওখ দেৱাল । বিদেশী কুকুৰ । চৰ্ট চাৰ্কিট কেমেৰা । দামী আচবাব । কোমল বিচনা । ডাঙৰ এল চি ডি । চাউণ্ড চিষ্টেম । তাইৰ দৃষ্টিৰে দিগন্তই দেখিছিল তাইক...!

" অশেষ ধন্যবাদ । "

" ফুলি নাযাবা আকৌ !"

" মোক বেলুন পাইছা ?"

" খং কৰা কিয় বাবা...! প্লিজ । আচলতে...আচলতে মোৰ বুকুৰ ভিতৰত উকমুকণি উঠিছে...! মই একো বুজা নাই । দেখা নাই । একো শুনা নাই। কি কৰো কি নকৰো ...!"

" ধুমুহাৰ পিছত চৰায়ে গান গায় ন ! আমাৰ আটাইৰে মনৰ ভিতৰত একোখন পৃথিৱী থাকে । গোপন পৃথিৱী । নিজৰ পৃথিৱী । তাতো ৰ'দ দিয়ে ।
এন্ধাৰ হয় ।
বৰষুণ দিয়ে ।
মলয়া বয় ।
চৰায়ে মাতে ।
ধুমুহা আহে...!
ধুমুহাৰ পিছত আকৌ শান্ত শীতল সমীৰণ বয়...।
মাথো...!"

"মাথো কি ?"

"তাতো বাকী থাকে ।..!"

"কি ও...ক না ...! কি বাকী থাকে ?"

"সুখৰ শলিতা জলাবলৈ বাকী থাকে ।..."

তাই কান পাতি শুনে -
"মোৰ ইয়াতো ৰাতি হয়
মোৰ ইয়াতো বাকী ৰয়
জলাবলে
সুখৰে পোহৰ গচি
নিবিচাৰো তথাপি...
জ্বলোৱা চাকি গচি মোৰ হয়
জ্বলোৱা চাকি গচি মোৰ হয় ।"

" এই গোপন পৃথিৱীৰ দুৱাৰ খুলি খালে ৰামধেনুৱে হাঁহিবনে ? মই এন্ধাৰ আঁতৰাব খোজো দিগন্ত ।"

"গোপন পৃথিৱীৰ দুৱাৰ খুলিবলৈ মন্ত্ৰ পাঠ কৰিব গোপনে । ন ?"

"হেই, তুমি কথাবোৰ ইমান ধুনীয়াকৈ ভবা কেনেকৈ ?"

"দেহ তোমাৰ
মন তোমাৰ
জীৱন তোমাৰ...
সজোৱা...
হেঁপাহেৰে
আশাৰে
উৎসাহেৰে ...!"

"ধন্যবাদ ।"

"কিয় ?"

"আশাৰ শলিতাগচি জলোৱা বাবে । তোমাক হিয়াতলিৰ অনেক মৰম আৰু বিশ্বাসেৰে ধৰি ৰাখিব যত্ন কৰিম । কিন্তু...!"

"কিন্তু কি ?"

"মনৰ দূৱাৰখন খোল খালে ৰোধিব কোনে ?! পাৰ ভাঙি গ'লে ?"

"তুমি তোমাৰ পৃথিৱীৰ বতাহৰ গতি সলাব নোৱাৰিব পৰা, কিন্তু তোমাৰ নাৱৰ পালখন নিয়ন্ত্ৰণ কৰিব নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা !? বতাহেৰে যুঁজি যুঁজি নাৱবোৰে ঘাট বিচাৰি পায় । বন্দৰত নাও নিৰাপদ কিন্ত নাওবোৰ বন্দৰত ৰাখিবলৈ সজা নহয় ।"

এনেদৰে দিন যায় ।
সি তাইৰ জীৱন সজায় ।
তাইৰ মিহি ওঁঠ দুটি হাঁহিয়ে কঁপাই ।
কেতিয়াবা সন্ধিয়া দুয়ো লগ হয় । ওচৰৰ ঘৰৰ কণমানি জনীৰ বাবে অনা সৰু ফুটফুটীয়া চোলাটো তাৰ পুৰণি বাইক খনৰ ছিটত মেলি দেখুৱায় ।

"মোৰ আৰু মা হব মন যায় ।" সন্ধিয়াৰ পোহৰত তাই দিগন্তৰ চকুলৈ চায় । ঘৰত সকলো আছে । গিৰিহঁত নাই । একাউণ্টত পইচা দি যায় । কোনো দুপৰীয়া ফোন কৰি নোসোধে...কিবা খালা নে নাই !

দিগন্ত যায় তাইৰ ওচৰলৈ । কথা পাতে । হাঁহে । কিন্তু কিয় জানো...দিগন্তই তাইক মা সজাবলৈ চেষ্টা কৰা নাছিল । চেষ্টা কৰিছিল তাইৰ হাউলি পৰা মনটোক তুলি ধৰিবলৈ । তাইক ভাল পাইছিল । লুকাই লুকাই গৈছিল তাইৰ ওচৰলৈ । সি যোৱা সময়ত তাই ঘৰৰ কেওফালৰ কেমেৰাবোৰ বন্ধ কৰি থৈছিল । তাই ৰোৱা ফুলবোৰ দেখুৱাইছিল । ফুলি উঠা ফুলবোৰ দেখুৱাইছিল । উভতি অহাত সময়ত তাই অনুচ্চ কন্ঠেৰে তাক মাতিছিল...দিগন্ত ।

প্ৰথম বাৰৰ বাবে দিগন্তই তাইক সাৱটি লৈছিল । কপালত । দুচকুত ওঁঠ লগাইছিল । আলফুলে । সেই সন্ধিয়া শেৱালি সৰিছিল । নীৰৱে । যাওঁ বুলি যাব নোখোজা শেৱালিৰ গোন্ধই গীত গাইছিল । হাঁহিছিল । চা চা ইহঁত দুটাক !...
উত্তৰ পূব ভাৰতবর্ষৰ এগৰাকী খ্যাত গাড়ীৰ ব্যৱসায়ী মানুহজন । টকা... প্ৰতিপত্তি ...! কিন্তু সময় ? নাই...

"ঐ...!"

"ও..!"

"কি কৰিছাঁ ?"

"গাড়ীৰ পিছত ।"

"গাড়ীৰ ?"

"ও ।"

"কেনেকৈ ?"

"অনলাইন বিডিং হয় ও...!"

"মানে ?"

"মানে অনলাইন ডাক হয়...!"

"ডাক !?"

"উফ...হয়, ডাক । তাত বহুত ক্রেতা বা গ্ৰাহক থাকে । ৰাজ্যৰ বা বাহিৰৰ । সকলোৱে দাম দিয়ে । আটাইতকৈ বেছি দাম দিয়া গৰাকীয়ে গাড়ীখন লাভ কৰাৰ । বুজিলা ?"

"তুমি এইবোৰ জানা !"

"নাজানিছিলোঁ...তেওঁ ঘৰত নাথাকেই । মই থাকো অকলে ঘৰত । ব্যৱসায়ৰ সকলো মই চাওঁ । গাড়ী কিনো । "

"ৱাও ...মজাৰ কথা দেই !'

"ঐ ঐ ঐ...এতিয়া ৰাখো । পিছত কথা হম । মই বগা ৰঙৰ স্কৰপিও এখনৰ পিছত লাগি আছো । বাই..."
...তাই স্কিনৰ পৰা আঁতৰি গৈছিল ।
দিগন্ত উভতিছিল নিজৰ কামলৈ ।

নদী মাথো বয়...কালৈকো নৰয়... বাধা দি ৰাখিব কোনে ?
...আৰু সময় । সময়ো আগবাঢ়িছিল । সময়ৰ সৈতে বগুৱা বাইছিল সভ্যতা । সমাজ । দেশ বা ৰাষ্ট্ৰ । ৰাজ্য । ৰজা । প্ৰজা । জিলা । মহকুমা । গাঁও । আৰু ? আৰু দিগন্ত ।

কেতিয়াবা দিগন্ত হাবিলৈ যায় । আচলতে প্ৰায়েই যায় । হাবিৰ নিৰৱতাই তাক অকলে পাই সাৱটি ধৰে । সি নিচিঞৰে । চিঞৰিব নোৱাৰে । নীলনয়ণ ফুকন চাৰলৈ মনত পৰে । ছাৰে কৈছিল, "বুজিছা দিগন্ত, উতনুৱা দুই এটাৰ বাহিৰে হাবিত সোমোৱা মানুহে চিঞৰিব নোৱাৰে । কাৰণ নিৰৱতাই সিহঁতক হেঁচা মাৰি ধৰে । নিৰৱতাৰ ভাষা থাকে । নিৰৱতাৰ কোলাহল শুনিবা । ই মিঠা । নিৰৱতাত সন্মান দিয়া অসমীয়া জাতিয়ে সেয়ে ৰাতি কাপোৰ নুধুৱে । ঢেঁকী নিদিয়ে । ডবা নোকোবায়..!"

হাবিৰ মাজত সি ৰয় । অকণ মুকলি ঠাইত আকাশলৈ মুখ দি চায় । ওজনত অকণ কম দিলে চুৰ চুৰ চুৰ কৈ চিঞৰা বহু তথাকথিত শিক্ষিত মানুহে মস্ত মস্ত অট্টলিকা সাজি সোণালী ৰ'দ চুৰ কৰিলে কোনেও নামাতে । আকাশ...আকাশৰ নীলা চুৰ কৰিলে নামাতে । তেওঁলোকে আকাশ নাচাই । বেংক বেলেন্স চায় । কেইটামান অংকত বন্ধ জীৱন । ...সি মুকলি ঠাইত শুই শুই আকাশলৈ চায় । কিমান বিশাল...

"ঐ...স্কৰপিওখন মোৰ হ'ল ! কিনিলো । কালি মই নিজেই গৈ ইণ্টাৰিওৰ সলালো । চিট কভাৰ, মিউজিক চিষ্টেম...! সকলো । খুব ভাল লাগিছে জানা । ..."

"ভাল কথা । শুভেচ্ছা জনাইছো..!"

দিগন্তই তাইৰ দৰে ভাবিবলৈ চেষ্টা কৰে ।
...তাই ৰাজশ্ৰী নোহোৱাটো সি বিচাৰে । ৰাজশ্ৰী যে....ৰাজশ্ৰী...
"ৰাজশ্ৰী তোমাৰ জন্য মুদ্ৰাস্ফীতি অষ্ট্ৰেলিয়ায়
ৰাজশ্ৰী তোমাৰ জন্য
দুৰ্ঘটনা সোমালিয়াই
ৰাজশ্ৰী ৰাজশ্ৰী ৰাজশ্ৰী...."

তাই সুখী হওক । সকলো সুখী হওক । দিগন্তই বিচাৰে । সকলো সুখী হওক য়াৰ । সুখী মানুহৰ মাজত সি দুখী হব ।?? ইমান সাহস তাৰ মনে কাহানিও নকৰে । তাৰ মনে দেখোন সুখ বিচাৰে । সি সুখী মানুহৰ মাজত সুখী হব । গিৰীয়েকে টকাৰে ভৰাই পেলোৱা মানুহজনী সুখী হব ।
"...মনটো বৰ বেয়া ও...!"

"কিয় ?'

"গাড়ীখন আজি লৈ যাব ।"

"...কি ?"

"গাড়ীখন লৈ যাব । "

"কোনে ? কিয় ?"
সি হঠাৎ ব্যস্ত হৈ পৰে । গাড়ীখন লৈ যাব । যি খন গাড়ী তাইৰ প্রিয় । ভৰ দুপৰীয়াৰ ভাগৰ পাহৰি তাই চেষ্টা কৰিছিল, তাৰ ভাল লগা গাড়ীখন কিনিবলৈ...! সেইখন...

"মানুহ আহিব ।"

"কোন ও ? কোনে নিয়ে ?"

"গাড়ীখন বিক্ৰী কৰিলোঁ ।"

"কিয় ?"

"প্ৰায় পঞ্চাশ হেজাৰ লাভ হ'ল !"

দিগন্তই নামাতিলে । টকাৰ বাবে নিজৰ ভালপোৱাক বিক্ৰী কৰা মানুহক সি সুখী কৰিব নোৱাৰে । সি লাহেকৈ লগ অফ কৰিলে । উঠিল । টেবুলৰ কলম পেঞ্চিল থোৱা টেমাটো লাহেকৈ লুটিয়াই দিলে । খুচুৰা পইচা বোৰে তালৈ চাই হাঁহিলে ।... চল্লিছ টকামান ওলাব । এদিনৰ বাইকৰ তেল । তাৰ ভকচেল খনৰ খাদ্য ।

পইচা কেইটা পুৰণি জিনছৰ পকেটত লৈ সি অফ লাইন হ'ল । আজিৰ পৰা এটা চিন্তা কমিল ।সুখী হব খোজা হেজাৰ মানুহৰ এজন কামিল । সুখী হব নোৱাৰাৰ কাৰণ বিচাৰি পোৱাৰ আনন্দত সি গুণগুণাই ওলাল । পুৰণি বাইক খনত বহিল । কিক মাৰিলে । বাইকখনে তালৈ চাই লাহেকৈ কলে ...যাওঁ যাওঁ যাওঁ ঐ.........যাওঁ ...যাউউউউও...!

Comment


Mask Making of Majuli- A Positive Economic Approach
How SOS lived up to its name in an Assam village
Despite import, fish consumption in Assam still less than nutritional standard
Reclaiming the roots – INLI Foundation Delhi
Twisted- 2
Where there is a will…
A ROMANTIC IN SEARCH OF A “SIGNIFICANT FORM”: NEELPAWAN BARUAH