> Byline > এক বিৰাট সৌন্দৰ্য্যৰ আঁকৰ কাৰ্বি বিয়া গীত  
Date of Publish: 2018-11-16
Submited By: Manoj
Contact: manoj.dekaa@gmail.com

অসমখনি একাধিক জাতি-জনগোষ্ঠিৰে ভৰা l লক্ষ্যনীয় কথাষাৰ হ'ল, এই সমুহ জাতি জনগোষ্ঠীৰ নিজস্ব গীত-মাত বা লোকসংগীত আছে, পোছাক-পৰিচ্ছদ আছে, খাদ্যাভ্যাস বেলেগ বেলেগ, ৰীতি-নীত, পৰম্পৰা , লোক বিশ্বাস বা আচাৰ-ব্যৱহাৰ সকলো বেলেগ l প্ৰতিটো জাতি জনগোষ্ঠীয়েই একক আৰু অনন্য l এই বৰণীয়া সংস্কৃতিৰ পুংখানুপুংখ অধ্যয়নৰ বাবে সময় আৰু সততাৰ প্ৰয়োজন l এনে অধ্যয়নে সমুহ জনগোষ্ঠীক এটা জাতি হিচাবে প্ৰতিষ্ঠা কৰিব পাৰে l জাতি গঠনৰ বাবে প্ৰয়োজনীয় পৰিবেশ সৃষ্টি কৰিব পাৰে l প্ৰতিটো জনগোষ্ঠীৰ বাবে স্বীকৃতি আদৰণীয় l আমি কোনেও কাৰো কৃষ্টি সংস্কৃতিৰ খবৰ নল'লে হব জানো ?! আপোনাৰ খবৰ নল'লে আপোনাৰ মুখ নুফুলিব ?-আহক আমি কাৰ্বি জনগোষ্ঠীৰ অন্যান্য সুন্দৰ বিয়া গীতৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰো l

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে কাৰ্বি সকলক "অসমৰ কলম্বাচ" বুলি অভিহিত কৰিছিল l এই কাৰ্বি জনগোষ্ঠীৰ বিয়াত, বিয়াগীত মহিলাই নাগায় l পুৰুষে গায় l বিৰাট সৌন্দৰ্য্যৰ আঁকৰ এই বিয়াগীত সমুহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰ্বি সমাজৰ বিয়াত l

কাৰ্বি সমাজত মোমায়েকৰ ছোৱালীৰ সৈতে লৰাই বিয়া পাতিব পাৰে l অবশ্যে ল'ৰাই আন ছোৱালীও আনিব পাৰে l মাথো ছোৱালী একে গোত্ৰৰ হব নোৱাৰিব l অৰ্থাৎ ৰংহাঙে ৰংহাং ছোৱালী আনিব নোৱাৰিব l

ধৰা হ'ল, গাভৰু ছোৱালীজনী পলাই গ'ল l তেতিয়া ছোৱালীৰ দেউতাকে ৰাইজ মাতে l নিৰ্বাচিত লোক জমা হোৱাত হৰলাং (পৰম্পৰাগত সুৰা) আগবঢ়ায় l ৰাইজে কিন্তু দিলেই হৰলাং গ্ৰহণ নকৰে l তেওঁলোকে প্ৰশ্ন কৰে -"মিনিনে আদিনকে মিনিনে আৰনিকে
চাৰ্ফুনে চিপাংৰুম চাৰ্ফিনে চিপাংৰুম
বাংঠেনে চিপাংৰুম বাংদিনে চিপাংৰুম
কঠচি কিপাংনিং কুমলিছি কিপাংনিং
...............
...............
( আজি ইয়াত সকলো গোট খাইছে l কঠৰ ওপৰত বহিছে l খাবলৈ মদ দিছে l কিন্তু কণীৰ ভিতৰতো কাঁইট থাকিব পাৰে l বেলটো ভাঙি চালেহে বুজিম ভাল নে বেয়া l সেয়ে আমি পিবলৈ ভয় কৰিছো l লাজ কৰিছো l )
তেতিয়া ছোৱালীৰ দেউতাকে কয়-" হে জেষ্ঠ কণিষ্ঠ সকল, দায়-দণ্ড ধৰিব পৰা শ্ৰেষ্ঠসকল - এটি বিশেষ কামৰ কাৰণে আবেদন জনাব বিছাৰিছো l মোৰ গোহালিৰ গাই এজনী নাই l হেৰাইছে l আপোনালোকে গাইজনী বিছৰাত অকণ সহায় কৰেই নেকি ...)
ৰাইজে মুল কথা বুজি উঠে l
"...............
...........
নাং কাৰিচাৰ দুনচি আহল
নাং কনচাৰ দুনচি আহল"

(যদি আপোনাৰ মানুহ হেৰাইছে- গৰু হেৰাইছে আমি জেষ্ঠজন বাংঠে সকলোৱে আপোনাৰ লগত যোৱাহে কথা l"

-এনে কথাই ছোৱালীৰ দেউতাকক উৎসাহিত কৰে l তেওঁ পৰম কৃতজ্ঞতাৰে কয় "ইংছুতা কলেক-আংঠেতা কলেক
ফেবেতা নাংনে - ঠাৰাকতা নংনে l
কিছ'ছিআহ'ল কিজুনছি আহ'ল
লাম ইংজং, লুং ইংজং l"
"...আপোনালোকৰ কথাই মোৰ দেহ মন ভৰালে l আগবঢ়াই দিয়া মদত কাঁইট বা হূল নাই l ইয়াক পিব লাগে l এতিয়া কোনো কথা বা গীত নাই l"
ইয়াৰ পিছত মুখচোকা বুদ্ধিয়ক ব্যক্তি এগৰাকী "আতামছাৰ" ৰূপে লৈ তিনি পাঁচ বা সাতজনীয়া দল এটিয়ে ছোৱালীজনী বিচাৰি যায় l

একেদৰেই ল'ৰাঘৰেও মানুহ সাজু কৰি ৰাখে l যথা সময়ত ল'ৰাৰ ঘৰত দুয়োপক্ষ সন্মুখা-সন্মুখী হয় l লৰাৰ ঘৰৰ আতামছাৰে সোধে -"দেউতাসকল, আনদিনৰ কথা বেলেগ আজিৰ কথা বেলেগ l চপনীয়া নে চুৰ কৰিব অহা লোক ? বজাৰলৈ অহা নে পাহাৰলৈ ? সোণ ৰূপৰ লাখুটি লৈ অহাৰ কাৰণ কি ?"

ছোৱালীঘৰৰ আতামছাৰ : " ...মানুহৰ ঘৰলৈ মানুহ যায়, গোহালিলৈ গৰু l সন্তান হেৰালে সন্তান, নাতি হেৰালে নাতি বিছাৰে l ফাগুনৰ বতাহত বাঁহ ফটা শব্দ শুনি ভাবিছো, ডাঙৰীয়াৰ ঘৰত মোৰ গৰু এজনী চাপিছে l"

ল'ৰা ঘৰৰ আতামছাৰ : "...ডাঙৰীয়া পানীৰ বাটে মাছ যায় l হওঁতে আমাৰ গৰুৰ পালৰ সৈতে এজনী গৰু আহি সোমাইছে l কাৰ নাজানো l আমিও ঘাঁহ বণ দি ৰাখিছো l"
ছোৱালীৰ আতামছাৰ : "বান্ধি ৰাখিছে যদি দেখাওঁক l মোৰ গৰু হ'লে মই মোৰ বুলি ক'ম ।"

ইয়াৰ পিছত ছোৱালীজনী দেখুওৱা হয় l যদি বিছাৰি থকাজনী হয় তেন্তে আকৌ আৰম্ভ হয় দৰদাম l ছোৱালীঘৰৰ আতামছাৰে কয়-" গৰু নিবলৈ ৰচি আনিছো l আমাৰ গৰু আমি লৈ যাম l" তেতিয়া ল'ৰাৰ আতামছাৰে মাত দিয়ে -" আপোনালোকৰ গৰু l নিও বুলি নিবনে ! মানুহ বা গৰু - আমি নিব নিদিও l আমাক শৌচ-পেচাব পেলোৱা ধন নেলাগে l দিলে শিল বা লোৰ ভাৰ দিয়ক l ডাঙিম l"

ছোৱালীৰ আতামছাৰ : "ময়ো বিক্ৰী কৰিব লগা গৰু বা মানুহ বিক্ৰী কৰি যাম l আপুনি লো বা শিলৰ ভাৰ ডাঙিম বুলি কৈছে । মই আপোনাক তিনিখন ভাৰ দিলোঁ l"
"আই ঐ নাং কৰতে,
আচেৰেংচি নেবাদনে পুছি নেবাদনে মা ?
................
................"
(ইয়াত তিনি ভাৰ মানে তিনিটা গাহৰি ।"
ল'ৰাৰ আতামছাৰ : জেষ্ঠজন, ভাৰ দিওঁ বুলিয়েই দিয়েনে ? দুখন কান্ধত দুখন l মুৰত এখন l এখন ৰেহাই দিলে দেহ মনে শান্তি পায়...।"

ছোৱালীৰ আতামছাৰ : l"...ঠিক আছে l আপোনাৰ কথা ভাবি এভাৰ কমালো l দুভাৰ লাগিবই "
ল'ৰাৰ আতামছাৰ :" মুৰৰ ভাৰ ৰেহাই দিলে এতিয়া দুখন কান্ধত দুখন l সলাও কেনেকৈ ! আৰু এখন কমালে ভাল হয় l"

ছোৱালীৰ আতামছাৰ :
" মিননকে নাংঠান ঊণ এ কৰতে
হালিতা বিছাৰদ'...হৰজাকদ
বাংঠেদ' ...বাদিংদ'
...............
,,,................"
অৰ্থাৎ এতিয়াই সঠিককৈ কব নোৱাৰিম l আমাৰো বিচাৰ আছে l হৰজাক্, বাংঠে , অক্লেংছাৰ আছে ...সুধিব লাগিব "

-এই সমূহ কথা বতৰা হয় গীতৰ মাধ্যমেৰে l বক্ৰোক্তিৰে l পৰোক্ষ উক্তিৰে l এনেকুৱা সম্ভ্ৰান্ত পৰম্পৰা পালন কৰিছে আমাৰ অসমৰ এটি জনগোষ্ঠীয়ে l আমি হিচাব ৰাখিছোনে ?!
আমি জনগোষ্ঠীৰ মাজত আজিও নুসুমোৱাতো এক অপৰাধ l কাৰ্বি সমাজৰ এনে বৰণীয়া পৰম্পৰাৰ অধিক আলোচনা হওঁক l মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ গুণী সমাজ অলপ ওলাই আহক l গঢ়ক জাতিৰ জীৱন l আদিতেই কৈছোঁ প্ৰতিটো জনগোষ্ঠীয়েই তেওঁলোকৰ প্ৰাপ্য সন্মান পাব লাগিব l নহলে অসমীয়া জাতিৰ আয়ুস ক্ষয় হব l
I
(...এটি বহল বিষয় ইয়াত অতি চমুকৈ আলোচনা কৰিছো l )

Comment


THE CONTEMPORARY ART PRACTICE OF TRIPURA: AN OVERVIEW
Eviction in Amchang Wildlife Sanctuary: Houses demolished but the larger question of rehabilitation of about 1200 families left unanswered
A bouquet of Assamese poems
Sticking to the broom
Twisted- 58
A look at the status of women, through the lenses of two Assamese novels
Assam faces the onslaught of climatic change