> Byline > ...মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি !  
Date of Publish: 2018-11-16
Submited By: Manoj
Contact: [email protected]

মুঠি মুঠিকৈ কাটি তোৰ
ঢেকীয়াৰ আঙুলি
আজাৰাৰ বজাৰত তয়ে বেছ
বাই, তোৰ কোন গাঁওত ঘৰ...

মনত পৰেনে ? আহক এতিয়া আন দুটিমান কথা পাতো ...!

নন্দিনী'ৰ কাৰ্যবাহী সম্পাদক তুনা গৌতমে মাতিলে । গলো । তুনাই কলে,"মনোজ, কিতাপ এখনৰ কথা ভাবিছোঁ । আঁৰৰ নাৰী । অসমৰ প্ৰখ্যাত ব্যক্তিসকলৰ পৰিবাৰ সমূহক লৈ । তেওঁলোকৰ বিষয়ে । আমি খুব বেছি টকা দিব নোৱাৰিম । পোন্ধৰশ মানকৈ দিম এটি লিখাৰ বাবে । আপুনি দুলুমণি ফুকন আৰু হেমলতা সন্দিকৈৰ বিষয়ে লিখক ।"

বাইকত তেল ভৰাব পইচা প্ৰায়েই নেথাকে । তেনে সময়ত পোন্ধৰ শ টকাৰ কথা শুনি মই লগেলগে হা কৰিলোঁ । কাৰ বিষয়ে লিখিব দিছে কাণত ভালকৈ নোসোমালেই । ...
গধূলি কাৰ বিষয়ে লিখিম তাকে জুকীয়াই চাওঁতে মোৰ নাকে কানে হেৰী ওলাই দৌৰ মাৰিলে । এক, নীলমণি ফুকন ছাৰৰ পৰিবাৰ দুলুমণি ফুকন, দুই- কৃষ্ণকান্ত সন্দিকৈৰ পৰিবাৰ হেমলতা সন্দিকৈৰ বিষয়ে ! লিখিব লাগে । অৰ্থৰ প্ৰায়োজন আৰু সামৰ্থৰ মাজত ঘুছিয়া ঘুছি আৰম্ভ হল ।কাৰো কি ! বাঘৰ পিঠিত উঠা নাই যদিও মনটোৱে কলে, এতিয়া যেনে লাগিছে, তেনে লাগে !!

দুদিনমান তাপ মাৰি ৰলো । মনটোৰ সৈতে কথা পাতিলোঁ । দুই এজনক সুধিলোঁ, কোনে জানে ঘৰৰ কথা । তেওঁলোকৰ জীৱনৰ কথা । ...কাৰণ মই গৈ কি বুলি সুধিম । কওকচোন আপোনালোকৰ সংসাৰৰ কথা -এনেকৈ সুধিম ? নীলমণি ফুকন ছাৰক ! বাইদেউক ? কি যে কৰিলোঁ মই...!

এদিন ভগৱানক ধীয়াই ওলালোঁ ছাৰৰ ঘৰলৈ । চাৰে কুশল বাৰ্তা ললে । বহুৱালে । কথা পাতিলে । সাহিত্যৰ । কবিতাৰ । ছবিৰ । মই সুধিলোঁ, গা কেনে । ঔষধ খাইছেনে ইত্যাদি ইত্যাদি । মনৰ ভিতৰত চলিছে আন কিবা এটি । কি যে কৰিলোঁ ভগবান । ...উলিয়ালো বিষয় এটি । সুধিলোঁ, ছাৰ আপোনাক বিভিন্ন জনে বহু কথা সোধে । কাৰ লগত কথা পাতি আপোনাৰ ভাল লাগে ।

ছাৰে অকণ ভাবিলে । তাৰপিছত ওপৰলৈ চাই চাই কলে, মোৰ হীৰেন গোহাঁইৰ সৈতে কথা পাতি ভাল লাগে । মোৰ শ্ৰেষ্ঠ ইন্টাৰভিউ লৈছিল গোহাঁইয়ে । সাগৰ তলিৰ শৃংখ'ৰ বাবে । তেওঁ জানে কি সুধিব লাগে, কি সুধিব নালাগে ।

কথা শুনি মনটোৱে মোক লগে লগে কলে, উঠা । বোলা। ঘৰ যাওঁ । তোমাৰ নহব । গাধ...গাত নাই ছাল বাকলি, মদ খাই তিনি টেকেলি । হেৰৌ, এয়া নীলমণি ফুকন । ছাৰে ভাল পাই কথাপাতি হীৰেন গোহাঁই ৰ সৈতে । আৰু মনোজ কুমাৰ ডে...কা !

মোৰ মনে মোক গালি দিবলৈ ভাষা বিচাৰি নোপোৱা হল । পোন্ধৰ শ টকাৰ লোভত বন্দী নিজকে শনি মন্দিৰৰ বাৰাণ্ডাত ৰৈ থকা ভীক্ষাৰী যেন লাগিল । পইচাৰ বাবে হা কৈছিলি নহয়, মৰ এতিয়া ।

ছাৰে কিবাকিবি কৈছে । কোৱা কথাৰ আধা মই শুনা নাই । শুনিম কেনেকৈ ! মোৰ মন মোক বেধুম গালি দিয়াত ব্যস্ত । ...চাহ খাব দিছে, কি খাইছোঁ তাকো ধৰিব পৰা নাই ।

...কিয় কব মোক জীৱনৰ বহু সাঁচতীয়া কথা ! ঘৰৰ চাৰিবেৰৰ ভিতৰৰ কথা । লগৰ নহয় । পুৰণি চিনাকি নহয় ...!

কিন্তু ইমান ৰ পিছত মনটোৱে কলে চাওঁচোন । ...তাৰ পিছত মই কি কৰিলোঁ নকওঁ । সেয়া পিছত । আগেয়ে কম নীলমণি ফুকন আৰু দুলুমণি ফুকন বাইদেউৰ কথা । যিয়ে ছাৰক মহুৰাৰ সূতাৰ দৰে আৱৰি ৰাখিছিল।মেৰিয়াই ৰাখিছিল । ...

আমি বিখ্যাত বা প্ৰখ্যাত, গুণী, নামি সকলক জানো । কিন্তু , ঘৰ ধৰা সকলক জানোনে ? ৰেডিও ৰ বাবে অনুষ্ঠান কৰোঁতে এটি গীত লিখিছিলোঁ-

এ থিয় হৈ কেনেকৈ থাকে ঘৰ এখনি
ধুনীয়া শৰীৰৰ দৰে
এ ঘৰৰে মানুহটো সমাজতে ঘূৰে
ঘৰ খন কোনেনো ধৰে মোৰ আইহত
ঘৰখন কোনেনো ধৰে

এ আমি মানো, আমি জানো
হেজাৰ নমস্কাৰ কাৰো
মেলে মিটিঙে দেখো যি
এ ঘৰত থাকে ঘৰ ধৰে
সকলো সহি থাকে
আমি নাজানো নাম কি...

এই ঘৰত সকলো সহি থাকি ঘৰধৰা দুলুমণি ফুকন বাইদেউক কোনে জানে !- মই খুঁচৰিব ধৰিলো ।

ডঃ হীৰেণ গোহাঁই ছাৰৰ মতে, নীলমণি ফুকন আৰু দুলুমণি ফুকনৰ মিলন ৰাজযোতক । আকৌ নীলমণি ফুকন ছাৰৰ মতে তেওঁলোকৰ সম্পৰ্ক "উমৈহতীয়া, এৰা ধৰা, মনৰ মতৰ- জীৱনাদৰ্শৰ কম্প্ৰমাইজ ।" মই তেওঁলোকৰ মনৰ ওচৰলৈ গৈ কান পাতি শুনিছিলো, এয়া আছিল তেওঁলোকৰ বাবে খুবেই সহজ। ...জীৱনাদৰ্শৰ কম্প্ৰমাইজ । এটি লাহী দেহৰ কবিতাৰ দৰে কথাবোৰ ।

জীয়ৰী ৰশ্মি বৰুৱাৰ মতে,"এগৰাকী ভাৰতীয় নাৰীৰ গুণ বা সুষমা, আটাইখিনি মা'ৰ মাজত আছিল । গিৰিহঁতৰ যত্ন, সমাজৰ সৈতে ঘৰখনৰ সম্বন্ধ ৰক্ষা, ল'ৰাছোৱালীৰ আলপৈচান, গেছ লাইটৰ বিল...আৰু সময় পালেই খন্তেক শালবোৱা সকলো তেওঁ কৰিছিল । যি পাই তাৰেই ভাল লগাকৈ কিবা অকণ ৰান্ধে । অতিথিক খুৱাই । চাহ দিয়ে । বিশেষ উচ্চ বাক্য নকৰিব নিজৰ সন্তানক একান্ত বাধ্য কৰি ৰাখিবলৈ তেওঁ নীৰৱ ভাষা ব্যৱহাৰ কৰে । নিৰ্জনতাত ডুব যোৱা ঘৰ খনত বেজী পৰিলেও শব্দ উঠিছিল । পিতৃ সুৰেন ফুকনৰ ঘৰ আছিল গৰু ছাগলী, হাঁহ পাৰৰে ভৰা । নীৰৱে পৰিচালনা কৰা গুণ খিনি মাতৃ গৃহৰ পৰা দুলুমণি ফুকনে লাভ কৰিছিল ।

১৯৬২ চনত ঘৰ এৰি আহোতে মনত বাইদেৱে লৈ আহিছিল পানীতোলা সবাহৰ নাম বা বৰাগীৰ গান । আকৌ ছাৰৰ ক্ষেত্ৰখন আছিল, লোকায়িত দৰ্শন । এয়াই তেওঁলোকৰ মিটিং পইণ্ট । বিয়াৰ সময়ত লগৰ ছোৱালীয়ে জোকাইছিল, লৰাৰ হেনো চুলি দীঘল । চুলিতুলি নাকাতে । বাইদেৱে খুব ভয় খাইছিল । শাহুৰেকে জোকাইছিল, দুলু তোমাৰ উপাধিটো একেই থাকিব কিন্তু ! বাইদেউৰ নীৰৱ সমৰ্থণে ছাৰক জোকাৰিছিল । গোপনে। কেতিয়াবা চিত্ৰকল্প হিয়া ধৰা দিছিল । ফুকন ছাৰৰ ভাষাত, "মোৰ অনুভূতিক জীৱনত তেওঁৰ এটা স্থিতি আছে । তেওঁ আন্তঃ শ্ৰতা ফাল্গুৰ দৰে । অদৃশ্য, শান্ত, নীৰৱ।" বছ, তাতকৈ আৰু বেছি একো নকয় ।

টিভি ইন্টাৰভিও দেখি নাতিয়েক সোধে, আমাৰ ককা ডাঙৰ মানুহ ??? বাইদেৱে কয়, ককাই কবিতা লিখে, ছবি এপ্ৰীচিয়েট কৰে । ...নৱপ্ৰজন্মৰ কাণত তেখেতে দিয়ে নীল বন্দনাৰ মন্ত্ৰ ।

তেখেতৰ দায়িত্ব আজিও শেষ হোৱা নাই । মোক কৈছিল, "ছাৰৰ সৈতে মোৰো বয়স বাঢ়িছে । আজিকালি ভাগৰ লাগে । "
আজিও বাইদেউ থাপনা চাকি জ্বলাই প্ৰাৰ্থনা কৰে । তেওঁৰ প্ৰাৰ্থনাই সকলোকে আগুৱাই যোৱাত সহায় কৰে ।

অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰা নীলমণি ফুকন ছাৰৰ আঁৰত থাকি ছাৰক প্ৰত্যক্ষ ভাবে আৰু জাতিটোক পৰোক্ষ ভাবে সহায় কৰা মহীয়সী নাৰী গৰাকীক আমি জনা উচিত ।

Comment


Let Batha bring our bread
The Khasi Visual Art Tradition
Make a trip to Umananda- India's smallest inhabited river island, if you are looking for a serene place to take a break
The great Northeastern arms trail
HDR, ASSAM 2014- 96.6 PER CENT FARMERS ARE MARGINAL AND SMALL, 90 PER CENT DO NOT HAVE IRRIGATED LAND
REVIEW OF SANGAM: THE JHANSI LEGACY Manipur and Trinidad: An unlikely novel connection
Twisted- 9