ড. লক্ষীনন্দন বৰা দেৱৰ মতে ড. ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ জীৱনটো এডাল স্কেল'ৰ দৰে l পোণ l পৰিপাটী l
অতি দৰিদ্ৰ পৰিয়ালৰ হলেও তেওঁ আটাইবোৰ কাম লেখিজুখিহে কৰিছিল l "ভীষণ চোকা আছিল ভবেন ( লক্ষ্মীনন্দন বৰা ছাৰে ভবেন্দ্ৰ নাথ শইকীয়া ছাৰক ভবেন শইকীয়া বুলিহে কৈছিল )। মোক কয়- এতিয়া আমি নপঢ়ো l বুজি থৈ দিম l পিছত পঢ়িম l... আঢ়ৈ বছৰ নপঢ়ে ! বাকি ছয়মাহ ঘন্টা মিনিট হিচাব কৰি পঢ়ে l চিগাৰেট কিনিবলৈ যাবলৈয়ো সময় নাই l সেয়ে একেবাৰতে কেইবা পেকেট চিগাৰেট আৰু দিয়াছলাই কিনি আনিছিল l" বৰা ছাৰে স্মৃতি ৰোমন্থন কৰে l "...কি কোৱা !!!...আমি কেমেষ্ট্ৰীত বেছি নম্বৰ পাওঁ l তথাপি আমি কেমেষ্ট্ৰী নপঢ়ো l কাৰণ আমি ভাল নাপাওঁ l আমি ফিজিক্স পঢ়িছিলো l ...ভৱেনে কৈছিল আমি চিনেমা বনাম পিছত l বুইছা, পঢ়াশুনাত অলপ ভাল নোহোৱা হ'লে আমি কেৰণীও হব নোৱাৰিলোহেঁতেন l" অকণমান ৰৈ ছাৰে আকৌ কয়-" ইচ্ছা কৰাহ'লে আমি চব পঢ়িব পাৰিলোহেঁতেন l মই ভবেনক সুধিলো - কি পঢ়িম ! ভৱেনে ক'লে ডাক্তৰি-চক্তৰি নপঢ়ো l ...ইঞ্জিনিয়াৰিং'ও নপঢ়ো দিয়া l After all মিস্ত্ৰী' হে !..............."