বাণীকান্ত কাকতি'দেৱক আপুনি জানে নহয় ! নাজনিব কিয় কওক...নিজক বা অসমীয়া ভাষা সাহিত্যিক প্ৰাণভৰি ভালপোৱা সকলোৱে চিনি পায় পণ্ডিত প্ৰবৰ বাণীকান্ত কাকতি'ক ।
এদিন বাণীকান্ত কাকতিয়ে এজন সুঠাম যুৱকক লগ পালে । নিজৰ ভাষা সাহিত্যৰ প্ৰতি ভীষণ আগ্ৰহী যুৱক গৰাকীক কাকতিৰ ভাল লাগিল । মাতিলে । কলে, 'হেৰা, তুমি টাই নহলে বড়ো ভাষাক লৈ কাম কৰা । এই ভাষা বোৰক লৈ কাম কৰা মানুহ বৰ কম । ..."
লৰাটোৱে টপৰাই উত্তৰ দিলে, মই বড়ো ভাষাক লৈ কাম কৰিম ।'
"কিয় ?"
"টাই ভাষাক লৈ কাম কৰিবলৈ মই উজনীলৈ যাব লাগিব । কিয় যাম ? ইমান দুৰ । তাতকৈ বড়ো ভাষাত লৈ কাম কৰিম, ওচৰতে বহু বড়ো গাওঁ আছে ।"
-বাণীকান্ত কাকতি পতিয়ন গ'ল । সন্মতি দিলে । ..ল'ৰাটো ঘৰলৈ গল ।
পৰৱৰ্তী দিনটোত লৰাটোৱে দোকানলৈ গ'ল আৰু কিছু বস্তু কিনিলে ।...বিড়ি, চিগাৰেট, চকলেট আদি । আৰু সেইবোৰ এটা মোনাত ভৰাই খোজ দিলে চুবুৰীয়া বড়ো গাঁৱলৈ । উদ্দেশ্য, বড়ো ভাষা শিকা ।
সেই সময়ত বড়ো ভাষাৰ বিশেষ কিতাপ আদি নাছিলেই প্ৰায় ! দুখনমান আছিল চাহাবে লিখা । দুখনমান আছিল ছিলেট'ৰ বাঙালীভাষী লোকৰ । যেনে : হৈৰম্ব ভাষা প্ৰৱেশ' আদি !
দুই এগৰাকী বড়ো মানুহেও অকণ লিখাৰ চেষ্টা কৰিছিল । কিন্তু তেওঁলোকৰ ৰাজনীতিত মনোযোগ আছিল বেছি- ভাষাৰ চেতনা আছিল কম ।
...যুৱকজন আগবাঢ়িল । কথাবোৰ সহজ নাছিল ; আপুনিও জানে । তথাপি তেওঁ আগবাঢ়িল সেই বিড়ি চিগাৰেট'ৰ টোপোলাটোক সাৰথি কৰি ।...ডাঙৰ কাৰোবাক পালে কথা পাতে, চিগাৰেট যাচে । অকণ সাধাৰণ যেন পালে বিড়ি, সৰু লৰা ছোৱালী পালে চকলেট দিয়ে । খা ভাই...মোক শিকাই দে । শুনে, শিকে, লিখে...মা থাংনো ...বেলাছা থাংবাই... মা বুঙদো... মা খবৰ...মা মেগঙ....ইত্যাদি ইত্যাদি ।
...সেয়াই আৰম্ভণি । এগৰাকী অবড়ো যুৱকে নিজৰ জীৱনৰ সোণালী সময় উৎসৰ্গা কৰিলে অসমৰ এটি জনগোষ্ঠীৰ বাবে । তেওঁ সফল হ'ল । বড়ো ভাষাৰ এক প্ৰণালীবদ্ধ অধ্যয়ন তেওঁ কৰিলে । ভাষাটোৰ ৰূপক এক ৰূপ দিলে । ন ৰূপ...
সেয়ে তেওঁ আজি এটি জনগোষ্ঠীৰ নয়নৰ মণি । তেওঁৰ নাম ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য ।
মই সুধিছিলোঁ, ছাৰ যি সময়ত, বড়ো সমাজে আতঁৰিব খুজিছে সেই সময়তো আপোনাক তেওঁলোকে ভাল পায় । ছাৰ,নৱপ্ৰজন্মই যদি এই বিষয়বোৰত গুৰুত্ব নিদিয়ে, ভাল হব জানো ।
ছাৰে হাঁহি কৈছিল, হেৰা মই গুৰু বাক্য মানিলোঁ । বাকী মই একো কৰা নাই । ৰাইজে বুজি, শুনি যি ভাল দেখে কৰক ...!