> Byline > অদৃশ্য মানুহৰ গাঁওখন...  
Date of Publish: 2018-06-18
Submited By: Manoj
Contact: manoj.dekaa@gmail.com


আগকথা :

যাযাবৰী জীৱনৰ যাত্ৰা আৰম্ভ হৈছিল বহুদিন পূৰ্বে । পেছাগত কাৰণত বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ গৈছোঁ । ঠাই দেখিছোঁ । মানুহ লগ পাইছোঁ । কিন্তু বিশেষ পৰিকল্পনা অবিহনে আগবঢ়া বাবেই বহুকথা মনতেই ৰৈ গ'ল । বহুকথাই বিস্মৃতিৰ কোলাত মুৰ থৈ টোপনি গ'ল-

কিন্তু সাৰপোৱা মনে কেতিয়াবা আকৌ একো একোটা আকৰ্ষণীয় কাহিনী মনত পেলাই দিয়ে । আজি তাকেই কম ।...

আজিৰপৰা প্ৰায় ওঠৰ বা বিশ বছৰ পূৰ্বে গৈছিলোঁ প্ৰথমবাৰ তাৰালাংছ'লৈ । তাৰালাংছোৰ পৰা ডিফু আঠ কিলোমিটাৰ । যদি ৰেলেৰে যায়, তেন্তে ডিফুৰ পৰা পৰা উভতিব লাগে তাৰালাংছ'লৈ ।

তাৰালাংছ'ত আছে কাৰ্বি পিপলছ হ'ল । কাৰ্বি সংস্কৃতিৰ আত্মা তাত বিচাৰি পোৱা যায় । প্ৰতি বছৰে তাৰালাংছ'ত অনুষ্ঠিত হয় "কাৰ্বি য়ুথ ফেষ্টিভেল" । তাতেই প্ৰথমবাৰলৈ শুনিছিলো, অদৃশ্য মানুহৰ গাঁওখনৰ বিষয়ে ।

অদৃশ্য মানুহৰ মানুহৰ গাঁওখন কাৰ্বি জনগোষ্ঠীৰ বিশ্বাসত জীয়াই থকা এখন আচৰিত গাঁও । গাঁওখনৰ নাম "ৰংবিন।"

কাৰ্বি জনগোষ্ঠীয়ে বিশ্বাস কৰে যে "পৰ্বত খনবামন"ৰ গভীৰ অৰণ্যত আছে এই গাঁওখন । পৰ্বত খনবামন পৰ্বতখন এতিয়া "সিংহাসন পাহাৰ"নামে জনাজাত ।

"ৰিংবিন" শব্দৰ এক অৰ্থ আছে । ৰং মানে গাঁও আৰু বিন মানে অদৃশ্য । কাৰ্বি জনগোষ্ঠীয়ে যুগ যুগ ধৰি এই অদৃশ্য মানুহৰ গাঁওৰ অস্তিত্বক স্বীকাৰ কৰি আহিছে । গাঁওখনৰ বিশেষত্ব হ'ল, গাঁওখন দেখা নাযায় । কিন্তু গাঁওবাসীৰ বিভিন্ন ক্ৰিয়া কৰ্মৰ, নাচ গানৰ, হাই উৰুমীৰ বা সুহুৰিৰ, জীৱ জন্তুৰ মাত আদি শুনা যায় বুলি ৰাইজে বিশ্বাস কৰে ।

ৰংবিন সম্বন্ধে একাধিক কাহিনী বা লোকবিশ্বাস কাৰ্বি জনগোষ্ঠীৰ মাজত প্ৰচলিত । বহুতে কয় যে বছৰি সেই গাঁওৰ মানুহে তেওঁলোকৰ উপস্য দেৱতালৈ পূজা আগবঢ়ায় । কেতিয়াবা নৰবলিও দিয়ে বুলি বিশ্বাস কৰে । পূজাভাগ গাঁওৰ সীমাৰ এক গোপন ঠাইত সযতনে দিয়া হয় । তাৰ ফলতেই গাঁওখনে এক যাদুকৰী শক্তিৰে মহিমামণ্ডিত হৈ অদৃশ্য হৈ থাকে ।

আন এক বিশ্বাস অনুসৰি, ৰিংবিন'ত "আৰলং চুবক" নামৰ এক অদ্ভুত শিল পোৱা যায় বা আছে । এই শিলবিধ গাত ঘঁহি ৰংবিনৰ মানুহ অদৃশ্য শক্তিৰ অধিকাৰী হয় বা অদৃশ্য হব পাৰে ।

আন এক বিশ্বাস অনুসৰি, ৰিংবিন'ৰ প্ৰথা অনুসৰি মন্ত্ৰ জনা অভিজ্ঞ ব্যক্তিৰ গোটে ন ডাল মন্ত্ৰপুত সূতাৰে গাঁওখনৰ সীমা বান্ধি থয় । সেই মন্ত্ৰপুত সূতা কেইডালে ৰংবিন'ৰ সমূহ প্ৰাণীৰ জীৱন মৰণ বা ভাগ্য নিৰ্ণয় কৰে । গাঁওৰ সকলো প্ৰাণীকে অদৃশ্য কৰি ৰাখে ।

কিন্তু, গাঁওখনৰ বিষয়ে আন মানুহে জানিলে কেনেকৈ !?

প্ৰচলিত কাহিনী অনুসৰি, নিহাং ইংতি নামৰ এগৰাকী পাকৈত চিকাৰী এবাৰ সেই পাহাৰলৈ গৈছিল চিকাৰৰ বাবে । "অক-হুংপ" বা চিকাৰী ওঝা খ্যাত নিহাঙে এটা দাতাল গাহৰি শৰবিদ্ধ কৰে যদিও গাহৰিতো পলাই যায় । নিহাং আৰু তেওঁৰ সহযোগিয়ে গাহৰিতো বিচাৰি চলাথ কৰিলে যদিও বিচাৰি নাপালে । ভাগৰত ক্লান্ত নিহাং আৰু তেওঁৰ সহযোগী এসময়ত "লংটাৰ" বা চেপেটা বহল শিল এটাত শুই নিশা যাপনৰ সিদ্ধান্ত ল'লে ! কিন্তু, এন্ধাৰ ঘন হৈ অহাত তেওঁলোকে নিচুকনি গীত, গীতমাত, কথা বতৰা, মানুহৰ চিঞৰ আদি শুনিবলৈ ধৰিলে । নিহাং'হতে কথাষাৰ আলোচনা কৰিলে । ইপিনে তেওঁলোকৰ মাতৰ আঁতধৰি এজন মানুহ তাত উপস্থিত হ'ল !

আগন্তুকে নিহাং'হতৰ সবিশেষ ললে । তেওঁলোকৰ কাহিনী শুনিলে । নিজৰ ঘৰলৈ লৈ গৈ জিৰণি লব দিলে । মানুহজন আছিল গাঁওখনৰ "ৰং আচাৰ" বা গাঁওবুঢ়া । নিহাং'হতে গাঁওবুঢ়া'ৰ ঘৰত নিশাটো কটালে । পোৱা গাহৰিটো বিচাৰিলে । পালে । সকলোৱে ভগাই ললে । এসময়ত গাঁওবুঢ়াই নিহাং'হতক আগুৱাই দিলে আৰু ঘূৰি চাবলৈ মানা কৰিলে । নিহাং'হত অকণ আগুৱাই যাওঁতেই মানুহজন নোহোৱা হ'ল । নিহাং'হতে অকণ আগবাঢ়ি ঘূৰি চাওঁতে তেওঁলোকক এন্ধাৰে আগুৰি ধৰিলে । নিহাং'হতে খুব ভয় খালে আৰু কোনোমতে দৌৰি ঘৰ পালেহি ।

...এনেদৰেই হেনো পোহৰলৈ আহিল এখনি অদৃশ্য মানুহৰ গাঁওৰ কথা । অদৃশ্য মানুহৰ গাঁথা ।

এতিয়াও কাৰোবাক সুধিলে আপোনাক ৰংবিন'খনি সৌ ফালে বুলি হয়তো কোনোবাই আঙুলিয়াই দেখুৱাব ...!

( অসমৰ একাধিক জাতি জনগোষ্ঠীৰ মনে প্ৰাণে লুকাই থকা এনে বহু কথাৰ পৰিপাতি অধ্যয়ন হোৱা ভাল । এনে কৰিলে বৰণীয়া আমাৰ জনগোষ্ঠীৰ পৰিচয়লিপি বিশ্ব দৰবাৰত জিলিকি উঠিব । )

Comment


A few poems of Pranjit Bora
Irom Sharmila seeks plebiscite on her campaign against AFSPA
Dipping into the past for the future
STUDY REVEALS PLIGHT OF ASSAM'S MIGRANT WORKERS IN KERALA
Drama of the dwarves- When the short stand tall
Congruence of fashion and tradition adds sparkle to Assamese jewellery
How SOS lived up to its name in an Assam village