বৃহত্তৰ সোণাপুৰৰ যোগদলৰ নিকটৱৰ্তী কমলাঝাৰী গাঁৱলৈ গৈছিলোঁ । উদ্দেশ্য, "ভেল পূজা"ৰ সবিশেষ লোৱা । তাৰে বিষ্ণু মন্দিৰত দেখিলো কেইবাখনো আপুৰুগীয়া কাঠৰ মুখা ।
এসময়ত কমলাঝাৰী বা ইয়াৰ আশে পাশে থকা অঞ্চল সমূহত কাঠৰ মুখা তৈয়াৰ কৰিছিল । সেই কলা এতিয়া এই অঞ্চল সমূহত জীয়াই থকা নাই । নতুন প্ৰজন্মৰ অনাগ্ৰহ, কেঁচামাল বা কাঠৰ অভাৱ, নিৰ্মান কষ্টকৰ, ব্যয়বহুলতা আদি একাধিক কাৰণত এই শিল্পৰ মৃত্যু হ'ল!
এসময়ত অসমৰ বিভিন্ন অঞ্চলত মুখা তৈয়াৰ কৰা হৈছিল আৰু সেইবোৰ অঞ্চলভেদে সুকীয়া সুকীয়া বৈশিষ্টপূৰ্ণ আছিল । সোণাপুৰ আদি অঞ্চলৰ মুখাশিল্পও আছিল বৈশিষ্ট্যপূৰ্ণ । ব্যক্তিগত বা সামূহিক চেষ্টাত মাজুলীৰ মুখ শিল্পই এক মৰ্যদা লাভ কৰিলে । কিন্তু হেৰাই গ'ল সোণাপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল বোৰৰ কাঠত কটা মুখ শিল্প । আমি ইয়াক আকৌ জীয়াই তুলিবলৈ চেষ্টা কৰা উচিত ।
( দুখৰ কথা, কোনোবা মুখা প্ৰেমী(?)য়ে মন্দিৰৰ পৰাই সুৰ কৰি নিলে পাঁচখন মান মুখা । মানে ভূতৰ ওপৰত দানহ ! )