> Byline > ভেল পূজা  
Date of Publish: 2018-06-05
Submited By: Manoj
Contact: [email protected]

ভেল পূজা
-------------------------------------------------------
ভেল মানেতো জানেই বোধকৰোঁ...!

বাণে গৰকা অসমৰ ৰাইজৰ বাবে ভেল খুবেই চিনাকি । বিপদে আপদে নাওখন সাজিব বা কিনিব নোৱাৰাজনেও বাৰীৰ পিছফালৰ চাৰি বা পাঁচ ডাল কলগছ কাটি ভেল এখন বনাই । তাতেই লামলাটুক তুলি নিৰাপদ ঠাইলৈ আঁতৰে । মথাউৰী বা ৰাজপথ বিচাৰে ।

অলপতে গৈছিলোঁ, বৃহত্তৰ সোণাপুৰ'ৰ অন্তৰ্গত কমলাঝাৰী গাওখনলৈ । খবৰ দিছিল সন্মানীয় বিমল চন্দ্ৰ ডেকাই । তেখেতে ফোন কৰি কৈছিল, "ডেকা, ভেল পূজা হব মঙ্গলবাৰে । আপুনি আহিলে ভাল ।..."

মই গৈছিল । গৈ উপস্থিত হৈছিলো, কমলাঝাৰী গাঁওৰ বিষ্ণু মন্দিৰত । তেতিয়া সময় হৈছিল প্ৰায় ১১:০০ !

ইতিমধ্যে ৰাইজ গোট খাইছিল বিষ্ণু মন্দিৰ প্ৰাংগণত । দেখিছিলো পানতামোল ভাগে ভাগে যতনাই থোৱা হৈছে । মাহ প্ৰাসদৰ যা-যোগাৰ হৈছে । ...ৰাইজ উবুৰি খাই পৰিছে নিজৰ নিজৰ কামত । হাঁহিছে, হোঁহোৱাইছে । কলৰ পৰা দীঘল দীঘল চটিয়া উলিয়াইছে । কাঠি কামী চাঁচিছে । ভেল পূজাৰ প্ৰস্ততি চলিছে ।

ভেল পূজা মূলতঃ আগবঢ়োৱা হয় ভগৱতী আইলৈ । কমলাঝাৰী গাঁৱৰ ৰাইজে অৰ্বাচীন কালৰ পৰা এইভাগ পূজা আগবঢ়াই আহিছে । পূজা ভাগ হয় ঐতিয্যমণ্ডিত কমলঝাৰী বিষ্ণু মন্দিৰ প্ৰাংগণত ।এই পূজাভাগত দেৱীক প্ৰাৰ্থনা কৰা হয় যাতে তেখেতে গাঁৱৰ পৰা অপায় অমংগল দূৰ কৰে, ৰাইজৰ মঙ্গল কৰে । এই পূজাৰ সৈতে সংগতি ৰাখি কলৰ চতিয়াৰে এখনি আটক ধুনীয়া নাও নিৰ্মান কৰা হয় । সকলোৱে একান্ত চিত্তে সজায় নাওখন । কলৰ দোনাৰে তৈয়াৰী দুখন বঠাও দিয়া হয় । গোন্ধ থকা বা গোন্ধহীন, বিভিন্ন স্থানীয় বা সহজে উপলব্ধ ফুলেৰে নাওঁখন সজোৱা হয় । চকুচাট মাৰি ধৰা সোণাৰু, বেজাৰ কৰি থকা বুলি কোৱা এজাৰ, কৃষ্ণচূড়া, জবা আদি অলেখ ফুলেৰে সজোৱা হয় নাওঁখন । গুৰুত্বপূৰ্ণ কথা এষাৰ হ'ল এই পূজাৰ সময়ত সোণাৰু ফুলিব লাগিব আৰু এজাৰ লাগিবই । প্ৰতি বছৰে জেঠ মাহৰ যি কোনো অতি মঙ্গলবাৰে এই পূজা ভাগ সম্পন্ন কৰা হয় ।

মূল পূজাৰ আগেয়ে গাঁৱৰ সীমাত, পথৰ কাষত বাট পূজা পতা হয় । এই পূজা ভেল পূজাৰ আগেয়ে হবই লাগিব । এই পূজাৰ জৰিয়তে আই সকলে ভেলপূজাৰ বাবে প্ৰাৰ্থনা কৰে, হব পৰা সকলো ভুলৰ বাবে ক্ষমা বিচাৰে ।

মূল পূজাত পুৰুষ মহিলা সকলোৱে ভাগে ভাগে মন প্ৰাণ জুৰোৱা নাম গায় । ধৰ্মগ্ৰন্থ পাঠ কৰে । বলি বিধান এই পূজাত নহয় । পূজাৰ শেষত দেৱীলৈ আগবঢ়োৱা সকলো সামগ্ৰী, বগা পাৰ আদি নাঁৱত তুলি নাওখনি নৈত উটুৱাই দিয়া হয় । দেৱীয়ে সকলোকে আশীৰ্বাদ দি পূজা লৈ, মাৰি মৰক- অপায় অমংগল লৈ গাঁওৰ পৰা আঁতৰি যায় ।

ভেল পূজা প্ৰতি বছৰে হয় । প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভেল পূজা অতি ডাঙৰকৈ, ধুমধামেৰে পতা হয় । উল্লেখযোগ্য যে পাৰ্শ্বৱৰ্তী আন গাঁৱটো এই পূজা পাতে । মই একে সময়তে গৈছিলোঁ, লফলং গাঁৱলৈ । তাত দেখিছিলো, স্থানীয় বড়ো ৰাইজেও ভেল পূজা পাতিছে । নিয়ম অকণ বেলেগ । তেওঁলোকৰ ধৰণৰ । তাত তেওঁলোকে পোনতে তেওঁলোকৰ পবিত্ৰ সিজু গছক পূজা কৰে । এশ আঠ জন দেৱতালৈ নৈবদ্য আগবঢ়ায় । এই দেৱতাসকল যেনে, বলিয়া বা বলিয়া বাবা(গণেশ / হাতী ), নিজগুৰু (সিজু), তামলং বোৰহা বাথৌ, সাতভনী, বৰ আই, বুঢ়ী আই, কুবেৰ কালিকা, বিল খাল, বলি বুঢ়ী, জাকৈ বেঙি, খালৈ বেঙি, বাঘ ৰজা, বামুণ বামুণী, ডাঙৰ ডাঙৰণী, চামন চামনি, দুৱাৰ দুৱাৰণি, ভুল শুধৰণি । লক্ষণীয় কথা হ'ল জনজাতীয় সমাজে খাল বিলকো পুজিব নাপাহৰে । হাবিৰ হাতীকো নাপাহৰে । দুৱাৰ, জাকৈ খালৈ ...কাকো নাপাহৰে । এয়া ভেল পূজাৰ সৌন্দৰ্য ।

ভেল পূজাৰ সবিশেষ লৈ উভতাৰ সময়ত মোৰ বাবে পথছোৱা চুটি হৈ পৰিছিল । বুকুৰ ভিতৰত এটি মিঠা হাঁহিয়ে দৌৰি ফুৰিছিল ।

শেষত অনুৰোধ জনাওঁ, পাৰিলে নিজৰ সমূহ ৰীতি নীতি, পৰম্পৰা, লোক বিশ্বাস, লোক গীত নৃত্য ধৰি থওক । এদিন আমাৰ সকলোৱে বুজিব । এইবোৰ চাব । পঢ়িব । মানিব ।

Comment


Translation of children’s books: Writer, translator Ashadeepa Saikia shares her immersive experience of a translation workshop organised by National Book Trust and Mouchaq
Offbeat Meghalaya-Archery and people in Mawlynnu- a photo story by Precious Kamei
ECHOES OF A DYNASTY: KACHAMARI
Treading Difficult Paths: A Journalist’s Experience
A Tale of the creation of spiders
Sattriya Dance, Old Manuscripts and Dance Anatomy in Oxford - Dr. Menaka PP Bora's upcoming solo performance
Tree-killing disease threatening to wipe out Boko orange groves in Assam