> Byline > শিশু দিৱস আৰু কিছু চিন্তা  
Date of Publish: 2017-11-02
Submited By: Sikha Talukdar
Contact: sikhatalukdar22@gmail.com

১৪ নভেম্ৱৰ , পন্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস টি প্ৰত‍্যেক বছৰে শিশু দিৱস হিচাপে পালন কৰি
অহা হৈছে।নেহৰুৰ শিশুৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ বাবেই তেওঁৰ প্ৰতি শ্ৰদ্ধা যাঁচি তেখেতৰ
জন্মদিনটি শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু দিৱস মূলতঃ শিশুৰ অধিকাৰ , বৌদ্ধিক বিকাশ
,সুস্থ সামাজিকিকৰণ ৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ হেতু এই দিৱস পালন কৰা হয়,যিহেতু আজিৰ শিশু
কাইলৈৰ দেশৰ ভবিষ‍্যৎ। কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান একবিংশ শতিকাৰ সময়তো ভাৰতৰ
অধিকাংশ শিশু নিজৰ প্ৰাপ্প‍্য অধিকাৰ আৰু উপযুক্ত যতনৰ পৰা বণ্ষিত।ভাৰতৰ বহুসংখ‍্যক
শিশুৱেই বিনামূলীয়া আৰু বাধ‍্যতামূলক প্ৰাথমিক শিক্ষা লাভৰ মৌলিক অধিকাৰৰ পৰা বণ্ষিত।
বহুতো দৰিদ্ৰ পৰিয়ালৰ শিশুৱে সজাগতাৰ অভাৱ তথা ব‍্যক্তিগত খন্ডৰ বিদ‍্যালয়ত নামভৰ্তি কৰিব
নোৱাৰাৰ বাবে প্ৰাথমিক শিক্ষা লাভ কৰিবলৈ সক্ষম নহয়। অসমতো বহুতো ভিতৰুৱা ঠাইৰ মানুহে
অসজাগতাৰ ফলত নিজ সন্তানক চৰকাৰী বিদ‍্যালয়ত পঢ়োৱাবলৈ নোৱাৰে। তদুপৰি বহুতো পিতৃ
মাতৃয়ে বিশেষকৈ দৈনন্দিন শ্ৰমৰ লগত জড়িত সকলে নিজ সন্তানকো কেৱল নিজৰ কামত সহায়
কৰিবৰ বাবেহে লালন পালন কৰে যাতে সন্তানে পৰিয়ালৰ উপাৰ্জনত সহায় কৰিব পাৰে।‌ ফলস্ৱৰূপে
শিশুৱে নিজ অধিকাৰ লাভ কৰিবলৈ অসমৰ্থ হয়। শিশুৰ অধিকাৰ খৰ্ব কৰাৰ ক্ষেত্ৰত শিশু শ্ৰমেও
অৰিহণা যোগাইছে। অসমকে প্ৰমূক্ষে কৰি ভাৰতত বৰ্তমানেও বহুসংখ‍্যংক শিশু শিশু শ্ৰমিক ৰূপে
নিয়োজিত।২০১১ চনৰ জনগণনা অনুসৰি সমগ্ৰ ভাৰতত ৫ ৰ পৰা ১৮ বছৰ বয়সৰ অনুৰ্দ্ধৰ শিশু
শ্ৰমিকৰ সংখ‍্যা ৩৩ নিযুতলৈ বৃদ্ধি পাইছে আৰু ৪-১৪ বছৰ বয়সত এই পৰিসংখ‍্যা ১০.১৪ নিযুত‌।
ভভাৰতৰ আন ৰাজ‍্যৰ দৰে অসমতো শিশু শ্ৰমিকৰ সংখ‍্যা বৃদ্ধি পাইছে। অসম বিধানসভাৰ মহিলা
আৰু শিশু কল‍্যাণ সমিতিৰ এক সমীক্ষা অনুসৰি ১৫০০০ তকৈ অধিক শিশুৱে অসমত শিশু
শ্ৰমিকৰূপে কাম কৰি আছে।এই শিশু শ্ৰমিকসকলক এনে কিছু বিপদসংকুল স্হানত কাম কৰাৰ বাবে
ব‍্যৱহাৰ কৰে য'ত নেকি শিশুৰ স্ৱাস্হ‍্য তথা প্ৰাণৰো শংকা থাকে। এনে কাৰখানা বা উদ‍্যোগৰ
স্ৰৰ্তকতাই শিশুসকলৰ বাবে কোনো সুৰক্ষাৰ ব‍্যৱস্হা নকৰে।অত‍্যন্ত‍্য পৰিতাপৰ কথা যে অসমত
শিশুশ্ৰমিকৰ হাৰ ভাৰতৰ গড় হাৰ ৪.৫% তকৈও উচ্চ। অসমত প্ৰায় ৪.৯% শিশু শ্ৰমিক আছে।এই শিশু
শ্ৰমিকসকল প্ৰাথমিক শিক্ষালাভৰ পৰাও বণ্ষিত হৈছে। এনে কম বয়সত অবিৰতভাৱে কাম কৰাৰ
ফলত তেওঁলোকৰ স্ৱাস্হ‍্যৰো অৱনতি হয়।তেওঁলোকে শৰীৰৰ বাবে লাগতিয়াল পুষ্টিও লাভ নকৰে
ফলত তেওঁলোকৰ দৈহিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি হয়।ভাৰত তথা অসমত যিহেতু
বৰ্তমানলৈকে সকলো শিশুৱে নিজৰ প‍্ৰাপ‍্য অধিকাৰসমূহ সম্পূৰ্ণৰূপে লাভ কৰিবলৈ অক্ষম হৈছে
তেনেস্হলত শিশু দিৱসৰ প্ৰধান উদ্দেশ‍্য আৰু নেহৰুৰ সপোন বাস্তৱত ৰূপায়িত হবলৈ অপৰাগ
হ'ব।সেয়েহে শিশু দিৱস পালন কৰাৰ লগতে চৰকাৰ আৰু অন‍্য নাগৰিকেও শিশু শ্ৰমিকৰ নিয়োগ
স্মপূৰ্ণৰূপে বন্ধ কৰা তথা সকলো শিশুৱে যাতে বিনামূলীয়া প্ৰাথমিক শিক্ষা লাভ কৰে তাৰ প্ৰতি
প্ৰত‍্যেক অভিভাৱক বিশেষকৈ পিছপৰা স্হানৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব,তেতিয়াহে
সঁচা অৰ্থত শিশু দিৱস পালন কৰা হব

Comment


A peek at Adam Asar, the six-stage traditional Karbi marriage
Twisted- 24
Angami women toil hard to keep alive the vibrant weaving tradition they inherit
Twisted- 62
Twisted- 59
A Library on a Char in Assam is a Haven for Book Lovers
The benefits of a ‘bari’