> Byline > যান্ত্ৰিকতা আৰু যুৱপ্ৰজন্মৰ কৰণীয়  
Date of Publish: 2017-11-13
Submited By: Jenifa Akhtara Ahmed
Contact: jenifaahmedjrt@gmail.com

আজিৰ পৃথিৱীৰ ৰেহ ৰূপ সলনি হৈছে। যান্ত্ৰিকতাৰ হেঁচা ঠেলাত প্ৰত্যেকগৰাকী ব্যক্তিয়েই অৱস আৰু সেইবাবেই হয়তো সঁচা অাবেগ অনুভূতিৰ সলনি ঠাই পাইছে যন্ত্ৰবোৰে।যিবোৰ যন্ত্ৰয়ে মানুহক চালনা কৰিব ধৰিছে ক্ৰমাতঃ। বৰ্তমান কোনো মানুহেই ব্যক্তিগত স্বাৰ্থৰ বাহিৰে কাম কৰিবলৈ আগ্ৰহী নহয়। আমি সফলতাৰ ওখ চিৰিত বগাই গৈ আছো মাত্ৰ এটা বিলাসিতাপূৰ্ণ জীৱনৰ বাবে। কিন্তু তাৰ সলনি সাধাৰণভাবেইটো আমি সুখী হ'ব পাৰো। কিয় বাৰু অহৰহ দৌৰি আছো আমি সকলো (?) লক্ষ্য এখন শক্তিশালী পশ্চিমীয়া সংস্কৃতিৰ আৰ্হিত গঢ়া দেশ নে আবেগেৰে সজোৱা নিস্বাৰ্থ আৰু সম্পূ্ৰ্ণ দেশৰ (?) এতিয়া মাত্ৰ অনুসৰণ কৰি আছো আনক আৰু নিজস্বতা হেৰুৱাই দিছো। এই মূহুৰ্তত যুৱ প্ৰজন্মৰ বহুতো কৰণীয় আছে বুলি ভাবিব পাৰি। কিয়নো আজিৰ যুৱ প্ৰজন্মৰ হাততেই দেশৰ উত্তৰ দায়িত্ব আছে। সকলো প্ৰতিযোগিতাৰ দৌৰত মগ্ন হওঁতেও এচাম লোকে এতিয়াও বিচাৰি অাছে মুক্ত অাৰু নিজা দেশৰ অস্তিত্ব।সকলোতকৈ অাচৰিত হওঁযে উন্নতিৰ জখলা বগাওঁতে বহু লোকে বাটৰ কাঁইট বুলি ভবা সমূহকে আঁতৰাই পেলাব ধৰিছে। তাৰে পৰিণতিত হিংসা, হত্যা, ধৰ্ষণ ইত্যাদিৰ হাৰ বৃদ্ধি পাইছে। যুৱ প্ৰজন্মই নিজা চিন্তাধাৰা আৰু শৈক্ষিক জ্ঞানৰ সু ব্যৱহাৰ কৰি এই দেশক সংকটজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব পাৰে।খোজে প্ৰতি ,যি ভাবুকি প্ৰত্যেক নাৰীয়ে অনুভৱ কৰে ,অাজিৰ এই উন্নতিৰ সংজ্ঞায়ে সেই পৰিস্থিতি সলনি কৰাত চোন বিফল মনোনিত হৈছে।উন্নতি হৈছে কেৱল সেই সকলৰ যি অাগৰে পৰা উন্নত অৱস্থাতেই অাছিল অাৰু সংখ্যালঘূ সকল;যাৰ বাবে হয়তো এতিয়াও যান্ত্ৰিকতাৰ ঢৌবোৰ অচিনাকী।প্ৰতিযোগিতাৰ দৌৰ কি সেইকথা এই সকলে কি বুজিব,তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব পৰাকৈ সক্ষমেই হোৱা নাই।সেইবাবে ইংৰাজীত এষাৰ কথা কোৱা হয় "In this country Rich become Richer and Poor become Poorer"।অৰ্থাৎ অামি একে ঠাইতে নাইনে বাৰু(?)।প্ৰকৃততে অামি অাগবাঢ়িছো বুলি যি ধাৰণা হৈছে সেইয়া এক প্ৰকাৰৰ ভূল।

          গতিকে,প্ৰত্যেকগৰাকী নাগৰিকে  যান্ত্ৰিকতাৰ যুঁজ বাগৰত হেৰাই যোৱাতকৈ  নিজা সংস্কৃতি ধৰি ৰাখিলে হয়তো দেশৰ উন্নতি সম্ভৱ হব।বৰ্তমান যুৱ ছাত্ৰ/ছাত্ৰী সকলে নিৰ্দিষ্ট পৰিমাণে শিক্ষা গ্ৰহণ কৰিছে অাৰু সেই সামাজিক, নৈতিক শিক্ষাৰে দেশৰ গাত লগা অৱনতিৰ চেঁকাবোৰ হয়তো অাতঁৰাবলৈ সক্ষম হব।তেওঁলোকক হয়তো উশৃংখল বুলি কিছুলোকে ভাাবিব পাৰে কিন্তু প্ৰত্যেকেই তেনে নহয়। এতিয়াও এই দেশৰ পৰা সবল ব্যক্তিৰ উদাহৰণ নোলোৱা নহয়।মুঠতে,ব্যক্তিগত স্বাৰ্থতকৈ ইজনে সিজনৰ কথা ভাবিবৰ সময় অাহি পৰিছে।যুৱ ছাত্ৰ বন্ধুসকলে সুদক্ষ নেতৃত্ব বহন কৰি উন্নতিৰ ধব্জা উৰুৱাবলৈ নিশ্চয় পৰিশ্ৰম কৰিব বুলি অামি অাশাবাদী।সময় এতিয়াও আমাৰ হাতত আছে অাৰু অনতিপলমে এই সময় যে ৰঙীন ভৱিষ্যতৰ দিশে ধাৱমান হব সেইয়াও নিশ্চিত।

                জেনিফা আখটাৰা অাহমেদ।

               ডিব্ৰুগড় বিশ্ববিদ্যালয়

               ফোন:৭৫৭৮৮০৩৯৩৪

Comment


Cartoon of the week (February-4)
Sontoli mini PHC: A healthcare centre in Assam without an obstetrician that handles average 10 child births daily
Along the nature's curves in Meghalaya
35,000 pages of 533 manuscripts kept preserved in the archive of Dibrugarh University digitised
An Up Close Look at the Churches of Guwahati- a photo story
PPP MODE TO REJUVENATE ASSAMESE FILMS
Whither 'North East Cinema'? Points to ponder