> Byline > পাানীতোলা বৰ নামঘৰ : মাহাত্ম্য আৰু জনবিশ্বাস  
Date of Publish: 2017-11-07
Submited By: Monalisa Khanikar
Contact: monalisakhanikar3@gmail.com

অৱতৰণিকা :

           অসমত নৱবৈঞ্চৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে । ধৰ্ম চৰ্চাৰ সুবিধাৰ বাবে  তেখেতে অসমত সত্ৰ  আৰু নামঘৰ প্ৰতিষ্ঠা কৰিছিল । মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা নামঘৰ সমূহত বিনা বাধাই সকলো জাতি- জনগোষ্ঠীৰ লোক মুকলি মনেৰে প্ৰৱেশ কৰিব পাৰে। মহাপুৰুষ শংকৰদেৱৰ আৰ্হিকেই   গ্ৰহণ  কৰি পৰৱৰ্তী সময়ত কাল সংহতিৰ প্ৰৱৰ্তক গোপাল দেৱৰ শিষ্য শ্ৰীশ্ৰী অনিৰুদ্ধদেৱেও মায়ামৰা   বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ বাবে উজনি অসমত সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰিছিল। অসমৰ প্ৰতিখন গাওঁতে গ্ৰাম্য সমাজত আধ্যাত্মিক দিশৰ চিন্তা-চৰ্চাৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰাতো এক পৰম্পৰা। মহাপুৰুষ অনিৰুদ্ধদেৱৰ মায়ামৰা বৈঞ্চৱ ধৰ্মৰ ধৰ্মীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰানিত হৈ সপ্তদশ শতিকাৰ মাজভাগৰ পৰা উজনি অসমত প্ৰধানভাৱে বসবাস কৰা কেইবাটাও জনগোষ্ঠীয়ে এই ধৰ্মত শৰনাপন্ন হৈছিল ।এই জনগোষ্ঠী বিলাাকৰ ভিতৰত মটক সকল আছিল অন্যতম প্ৰধান  জনগোষ্ঠী । আহোম সকল অসমলৈ অহাৰ বহু পূৰ্বতেই মটক সকল অসমলৈ আহিছিল যদিও তেওঁলোকে সপ্তদশ শতিকাতহে অনিৰুদ্ধদেৱৰ প্ৰচাৰিত মায়ামৰা বৈঞ্চৱ ধৰ্মত গ্ৰহণ কৰাৰ পাছত মটক অধ্যুষিত অঞ্চলৰ গাঁৱে গাঁৱে নামঘৰ প্ৰতিষ্ঠা হ'বলৈ ধৰিছিল।

বৰনামঘৰৰ প্ৰতিষ্ঠা আৰু মাহাত্ম্য : 

             অনিৰুদ্ধদেৱৰ অনুগামী শিষ্য  হৰিময়দেৱে বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ গড়পৰাত এখন সত্ৰ স্হাপন কৰিছিল । এই সত্ৰখনৰ অন্যতম প্ৰধান শিষ্য সকল আছিল বৰ্তমানৰ তিনিচুকীয়া জিলাৰ অৰ্ন্তগত পানীতোলা অঞ্চলৰ মটক অধ্যুষিত গাঁৱৰ বাসিন্দা সকল।গুৰুৰ আদেশ শিৰোগত কৰি এই  পানীতোলা অঞ্চলৰ ৰাইজে ১৮০৩  খ্ৰীষ্টাব্দত অঞ্চলটোৰ ধৰ্ম চৰ্চাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা  কৰিছিল "পানীতোলা বৰ নামঘৰ "। প্ৰায় দুশ (২০০) বছৰৰো অধিক হোৱা এই নামঘৰৰ মাহাত্ম্য আৰু জনবিশ্বাস সম্পৰ্কে  আলোচনা   আলোচনা  কৰাই হৈছে  এই প্ৰৱন্ধটিৰ মূল উদ্দেশ্য । পানীতোলা বৰ নামঘৰৰ মাহাত্ম্যক এই অঞ্চলৰ সকলো মানুহেই গভীৰ বিশ্বাস কৰে ।অতীজৰে পৰা এই নামঘৰৰ মাহাত্ম্য আৰু জনবিশ্বাস আজিও অঞ্চলটোৰ মানুহৰ একেই ৰূপতে বৰ্তি আছে । বৰ নামঘৰৰ মাহাত্ম্য বৰ্তমান অসমৰ বিভিন্ন  কোনত বিস্তাৰ হৈ  পৰিছে আৰু অসমৰ বিভিন্ন ঠাইৰ ধৰ্ম প্ৰাণ ভক্তই নামঘৰলৈ আহিছে। সকলোৱে নিজৰ নিজৰ মনৰ কামনা লৈ আহে আৰু সফল হোৱাৰ পাছত পুনৰ শ্ৰদ্ধা সহকাৰে সেৱা কৰি দান-দক্ষিনা দিয়ে । এক শ্ৰেণীয়ে প্ৰতি মাহতে নামঘৰলৈ এবাৰ আহি সেৱা কৰে। আৰু প্ৰতিবাৰতে তেওঁলোকে নামঘৰৰ ভিজিটৰচ্ বুকত নাম অন্তৰ্ভূক্ত কৰি যায়। তেওঁলোকে  নামঘৰজনাৰ পৰা কি মাহাত্ম্য পাইছে  সেইয়া গোপনে ৰাখে কিন্তুু  তেওঁলোক নামঘৰলৈ অহা  পৰিলক্ষিত হয়। নামঘৰত সেৱা কৰিবলৈ অহা দূৰ দূৰণিৰ ভক্তসকলৰ সমস্যাবোৰ সাধাৰণতে এনেধৰণৰ হয় - পুৰণি অচিন ৰোগ, পঢ়া-শুনা আৰু পৰীক্ষাৰ সংত্ৰুান্তত, চাকৰিৰ বাধা দূৰিকৰণ সন্দৰ্ভত, বিয়াবাৰুৰ ক্ষেত্ৰত বাধা থাকিলে, নি:সন্তানে সন্তান বিচাৰি, ঘৰত কিবা বস্তুু হেৰালে সমাধান বিচাৰি ইত্যাদি । বিভিন্নজনে বিভিন্ন আশা লৈ পবিত্ৰ ভাৱত, শ্ৰদ্ধা সহকাৰে তামোল-পানৰ টোপোলা দি চাকি-বন্তি জ্বলালে মনৰ অাশা পূৰণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে। এনে বিশ্বাসৰ ভিত্তি বিজ্ঞান হয় নে নহয় সঁচাকৈয়ে চিন্তা কৰিবলগীয়া। গ্ৰাম্য সমাাজৰ সহজ সৰল কৃষক সকলৰ পৰা নগৰীয়া সম্ভ্ৰান্তলোক, ৰাজনীতিবিদ, শিক্ষিত , অশিক্ষিত, জাতি-জনগোষ্ঠীভেদে সকলো  লোকৰ বৰ নামঘৰত বিনা বাধাই প্ৰৱেশ মুকলি । পানীতোলা অঞ্চলৰ যিকোনো শুভ কাম কৰিবলৈ যোৱাৰ আগতে নামঘৰত চাকি এগচ জ্বলোৱাটো এক পৰম্পৰালৈ পৰিৱৰ্তন হৈছে । কৃষি কৰ্ম কৰাৰ পূৰ্বতেও এই অঞ্চলত সকলো লোকে বৰনামঘৰত এগচি বন্তি জ্বলায়। বৰ্তমান সময়ত বৰনামঘৰত ভক্তৰ সংখ্যা ইমানেই বাঢ়িছে যে কেতিয়াবা নামঘৰৰ ভিতৰত চাকি- বন্তি জ্বলাবলৈ ঠাই নোহোৱা হয়। বিশেষকৈ ইংৰাজী নৱবৰ্ষৰ সময়ত আৰু অসমীয়া নৱবৰ্ষৰ সময়ত অসমৰ বিভিন্ন ঠাইৰ পৰা জাতি, ধৰ্ম, বৰ্ণ-নিৰ্বিশেষে ভক্তসকল আহি বৰনামঘৰত সেৱা কৰি যোৱাৰ তথ্য  নামঘৰ পৰিচালনা কৰা ব্যক্তিসকলৰ পৰা জানিব পৰা গৈছে ।
        পানীতোলা বৰ নামঘৰজনা ৩৭  নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ডেৰ কিল:মি: দূৰত্বত অৱস্হিত। এক সুন্দৰ নিৰিবিলি আৰু দুৰৈৰ পৰা দেখিলেই এক আধ্যাত্মিক গাম্ভীৰ্যই  দেহ-মন চুই যোৱাৰ দৰে অনুভৱ হয়। প্ৰথমাৱস্হাত মাটিৰ মজিয়া আৰু খেৰৰ চলি ,বাঁহৰ আধা বেৰা আছিল নামঘৰ জনাৰ বৈশিষ্ট্য।ক্ৰমান্বয়ে সময় বাগৰাৰ লগে লগে বৰ নাামঘৰৰ ৰেহ-ৰূপ সলনি হৈছে যদিও নামঘৰৰ গাম্ভীৰ্য,  মাহাত্ম্য অলপো কমা নাই  বুলি পৰিচালনা সমিতিৰ  ব্যক্তিসকলৰ পৰা জানিব পৰা গৈছে । নামঘৰ পকীকৰণৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিস্হান, অঞ্চলটোৰ ৰাইজ,সদাশয়  ব্যক্তিৰ দান-বৰঙণিৰ  সহযোগত সম্ভৱ হৈছে । ২০০৩-২০০৪ বৰ্ষত নামঘৰ পকীকৰণ কৰা হয়। বৰনামঘৰৰ চাৰিচুক পকা যদিও ভিতৰৰ মজিয়া খন এতিয়াও কেচা অৰ্থাত মাটিৰ । নামঘৰজনা  উত্তৰা-দক্ষিণাকৈ  নিৰ্মাণ কৰা হৈছে । ইয়াত মণিকোট নাই ।কেৱল শস্ থাপনা কৰি মাজ-মজিয়াত সজোৱা জয় ।এই মাটিৰ থাপনাখনক'সাদোৱা' বুলি কোৱা হয়। নামঘৰৰ কাম-কাজসমূহ চোৱা-চিতা তথা উন্নয়নৰ কাৰণে এখন নামঘৰ উন্নয়ন সমিতি আছে ।প্ৰতি দুবছৰৰ এই  সমিতিখন নতুনকৈ গঠন হয়। ৰাইজে দিয়া দান-বৰঙনিৰ হিচাপ এই কমিটিখনে ৰাখে ।নামঘৰৰ বিভিন্ন কাৰ্য্যাৱলী সমূহ এই  সমিতিয়ে পৰিচালনা কৰে।

বৰ নামঘৰৰ তাৎপৰ্য্য আৰু কাৰ্য্যাৱলী :

        মটক অধ্যুষিত গাওঁসমূহত প্ৰতিটো চুক বা চবুৰিতে একোটাকৈ চুকঅ ঘৰ থাকে। এই চুকঅঘৰটোত  চুকটোৰ মংগলৰ বাবে বিভিন্ন সময়ত কাম-সকাম কৰা হয়। মহিলা সকলে আইনাম, লখিমী নাম সময়মতে এই চুকঅ ঘৰতে ল'ব পাৰে । কেইবাটাও চুক বা চুবুৰি লগ হৈ প্ৰতিষ্ঠা হয় বৰ নামঘৰ ।কেইবাটাও চুবুৰি লগ লাগি প্ৰতিষ্ঠা হোৱা কাৰণেই  নাাম হৈছে বৰনামঘৰ।
     বৰনামঘৰত গোটেই বছৰজোৰা বিভিন্ন কাৰ্য্যাৱলী হৈ থাকে তাৰ ভিতৰত প্ৰধানকৈ কীৰ্তন, গৰখীয়া সবাহ, লখিমী সবাহ আৰু গুৰুসকলৰ তিথিসমূহ ।
   বৰ নামঘৰত বছৰত তিনিবাৰ কীৰ্তন বহে। জেঠ , কাতি আৰু ফাগুন মাহত ।এই কীৰ্তন বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈকে দিনে-ৰাতিয়ে সাদিনীয়াকৈ বহে । এই নিয়মৰ কোনো হেৰ-ফেৰ নাই। অতীজৰে পৰা বৰ্তমানলৈকে এই নিয়ম পালন কৰি অহা হৈছে।
      এই সময়ত ভক্তসকলে নামঘৰৰ ভিতৰত নিজে বন্তি জ্বলাব নোৱাৰে । নামঘৰীয়াসকলে তেওঁলোকৰ হৈ ভকতসকলৰ সন্মুখত ধূপ-বন্তি অৰ্পন কৰে । এই সময়খিনিক বৰ পৱিত্ৰ সময় বুলি ধৰ্মপ্ৰাণ লোকসকলে মানি চলে।
    ইয়াৰ উপৰিও বৰ নামঘৰত প্ৰত্যেক মাহৰ পূৰ্ণিমাৰ দিনাখন সকাম পতা হয় । সেই দিনাখন নামঘৰত কেৱল বুঢ়া ভকত সকলেহে আহে অন্য মানুহক সেইদিনা নামঘৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় তথা চাকি বন্তি জ্বলাবলৈ দিয়া নহয় । এই দিনটোক ডাঙৰ দিন বুলি গণ্য  কৰা হয় ।
       গৰখীয়া সবাহখন ফাগুন মাহত অনুষ্ঠিত কৰা হয়। লখিমী সবাহ ভাদ মাহত অনুষ্ঠিত কৰে । এই সবাহ ভকত সকলেহে পাতে ।ইয়াত মহিলা সকল নাথাকে । মহিলা সকল ভাদমাহৰ নাম চৰ্চা চুকঅ নামঘৰত কৰে ।
          বৰ নামঘৰৰ ভিতৰত ভকত নাথাকিলে বা কোনোধৰণৰ সকাম যদি নাথাকে তেন্তে তাত একো খাদ্য খোৱা নহয় । নামঘৰৰ কাষতেই এটা চাউল খোৱা ঘৰ আছে । তাতহে প্ৰসাদ বা অন্য ধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰে ।
          বৰ নামঘৰত ভক্তপ্ৰাণ লোকসকলক সহায় কৰিবলৈ নামঘৰীয়া সকল আছে ।নামঘৰীয়াৰ উপৰিও নামঘৰত গাওঁবুঢ়া ,বৰ বুঢ়া, ৰান্ধনী ,তামূলী থাকে । কেঁচা বস্তু শৰাই যিজনে ভাঙে তেওঁক তামূলী বুলি কোৱা হয়। চাউল খোৱা ঘৰত ৰন্ধা-বঢ়া কৰা জনক পকা ৰান্ধনী বুলি কোৱা হয় ।
        পানীতোলা বৰৱনামঘৰৰ আন এটি তৎপৰ্য্য হৈছে যে ইয়াত দুবিধ অতি পুৰণি সামগ্ৰী সংৰক্ষিত হৈ আছে । সেইয়া হৈছে মটক বীৰ পুৰুষ মতা টুকুৰা বৰুৱাই চিংফৌ সকলৰ লগত যিখন তৰোৱালেৰে যুদ্ধ কৰিছিল সেইখন আজিও বৰ নামঘৰৰ সংগ্ৰাহালয়ত সংৰক্ষিত হৈ আছে । আৰু এবিধ অতি পুৰণি সামগ্ৰী হৈছে এখন ঠগা । অনুমান কৰা হৈছে যে এই ঠগা খন মানৰ অসম আত্ৰুমনৰ সময়ৰে । এই ঠগাখন পানীতোলা অঞ্চলৰ গন্ধীয়া গাওঁত নাদ খান্দোতে উদ্ধাৰ হৈছিল বুলি জানিব পৰা গৈছে ।কাঠৰ ফুলকটা ঠগা খন দেখিবলৈ অতি সুন্দৰ ।
     মটক জনগোষ্ঠীৰ  নামঘৰৰ  এই বিশেষ বৈশিষ্ট্যৰে নিৰ্মাণ কৰা পানীতোলা বৰ নামঘৰৰ আপোন মাহাত্ম্য আছে । স্বাভাৱিকতে নামঘৰৰ ভিতৰ চৰাত প্ৰৱেশ কৰাৰ লগে লগে এক অনাবিল আধ্যাত্মিকভাৱে মন পুলকিত কৰে। কিবা যেন  এক অদৃশ্য শক্তি আছে , এক আকৰ্ষণ আাছে। যি শক্তিৰ আকৰ্ষণত ভক্তসকল ইয়ালৈ আহে । বিশ্বাস কৰে মনৰ কামনা পূৰণ হয় বুলি।
       সামৰণি :
          'বিশ্বাসে মিলয়ে হৰি' । সেৱা, পূজা, বিধিত কেনেকুৱা শক্তি লুকাই থাকে  কেনেকুৱা শক্তি লুকাই থাকে ক'ব নোৱাৰি । কিন্ত মানুহে মনৰ বিশ্বাসেৰে যদি কিবা এটা অদৃশ্য শক্তিৰ পৰা বিচাৰে নিশ্চিত ভাৱে পায় । কেৱল লাগিব বিচৰাজনৰ আত্মপ্ৰত্যয়,সাহস, আৰু ধৈৰ্য্য ।একো একোটা অঞ্চলৰ উন্নতিৰ বাবে অৰ্থনৈতিক স্বাৱলম্বিতাৰ অতিকে প্ৰয়োজন । পানীতোলা বৰনামঘৰৰ বিশ্বাস-জনবিশ্বাস নিশ্চয় আছে, কিন্ত দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলৰ বাবে এই অনুষ্ঠানটো হৈ পৰিছে ভগৱানৰ দূতস্বৰূপ । পানীতোলা অঞ্চলৰ দৰে পিছপৰা এটা  অঞ্চলত এনে এটা অনুষ্ঠান যে সমগ্ৰ  অঞ্চলটাৰ অৰ্থনৈতিক উন্নতিৰ কাৰণ হ'ব পাৰে তাত অলপো সন্দেহ নাই  । গতিকে চৰকাৰক এই লেখনিৰ দ্বাৰা অনুৰুধ কৰো যে -নামঘৰৰ মাহাত্ম্য আৰু জনবিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি যেন চৰকাৰে  উপযুক্ত সংৰক্ষণ আৰু সুৰক্ষা প্ৰদান কৰে । 

                                    মনালিছা খনিকৰ 
          সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
                                    ডিব্ৰুগড় বিশ্ববিদ্যালয়

Comment


Gunaram, Dhaniram and An Alternative Future
Statistical information relating to the influx of Refugees from East Bengal into India till 30th September, 1971- Part 9
Tale of the Fox and the Man - A Mising folktale
FESTIVALS AND RITUALS OF TAI - AHOMS OF ASSAM
Made in India/ Remade in Russia
Assam HDR survey: 50.6 per cent of individuals use govt facilities, 42.2 per cent go to private physicians and clinics for treatement of chronic illness
Manipur’s own women’s day