> Byline > নাৰী সৱলীকৰণৰ আদৰ্শ ডালিমী পাটগিৰি  
Date of Publish: 2017-12-10
Submited By: Aparajita Mahanta
Contact: tunein2papo@gmail.com

          এটা প্ৰাইভেট স্কুলৰ শিক্ষকৰ চাকৰিটোৱে দুটা সন্তানৰ সৈতে ঘৰখন চলোৱাটো বহুত কষ্টকৰ হৈ পৰিছিল। ডালিমীয়ে গিৰীয়েকৰ সেই নূন্যতম দৰমহা কেইটাৰেই জোৰা ফহতি মাৰি ঘৰখন চলাবলৈ যত্ন কৰে। সন্তান দুটিৰ পঢ়া শুনাৰ লগতে ঘৰখন ইটো সিটো খৰচ মিলোৱাত পতি-পত্নী দুয়োজনেই সন্মুখীন হোৱা সমস্যাবোৰত বাৰুকৈয়ে আশ্বস্ত হৈ পৰে দুয়োজন। ডালিমীয়েও অৱকাশ উলিয়াই মাজে মধ্যে গিৰীয়েকক অৰ্থ উপাৰ্জনত অলপমান সহায় কৰাৰ কথা ভাবিছিল। কিন্তু কেনেকৈ? এজনী সাধাৰণ গৃহিনীয়ে কৰে যদিও কি কৰিব পাৰে? দৰিদ্ৰতাই ঢাহি মুহি নিয়া সংসাৰখনত অৰ্থ উপাৰ্জনৰ বাবে এটা বিকল্প পথৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছিল সেই সময়ত। বৰপেটাৰ ভলাগুৰি গাঁৱত ডালিমী পাটগিৰিৰ ঘৰখন।  তেতিয়াৰ সেই ৰক্ষণশীল সমাজখনত তাই নিজ ইচ্ছাৰে কিবা এটা স্বাধীনভাৱে কৰাটোও বৰ সহজ হৈ উঠা নাছিল। 
          সদায়েই উপাৰ্জনৰ জৰিয়তে ঘৰখনৰ সংকট আঁতৰোৱাৰ কথা চিন্তা কৰা ডালিমীয়ে এবাৰ এটা বাট দেখা পালে। তামুলৰ ঢকুৱাৰে বাচন- বৰ্তন বনোৱা এটা প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে অৱগত হোৱাত, তাইও সিফাললৈ মন মেলিলে। প্ৰশিক্ষণ কেন্দ্ৰটো আছিল তামিলনাডুৰ ছালেম অঞ্চলত। দূৰদৰ্শী চিন্তাৰ ডালিমীয়ে গিৰীয়েকৰ সন্মতিমৰ্মে NGO এটাৰ সহায়ত তামিলনাডুৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোলৈ বুলি বাট ল'লে। পৰ্যাপ্ত প্ৰশিক্ষণেৰে আগতকৈ অধিক উৎসাহী হৈ পৰা ডালিমীয়ে গাওঁখনলৈ আহি এটা আত্মসহায়ক গোট খুলিলে আৰু ভৱিষ্যতে কৰিবলগীয়া কামবোৰৰ বহুতো পৰিকল্পনা হাতত লৈ আগবাঢ়ি গ'ল।  ছালেমলৈ যাওঁতে ডালিমীয়ে আন সাতগৰাকী মহিলাকো নেতৃত্ব দিছিল। পিছে বড়ো সম্প্ৰদায়ৰ সেই গাওঁখনৰ পৰা বিশেষকৈ সেই সমাজখনৰ পৰা তেওঁলোকে ওলাই যোৱাৰ সাহসকণ গোটাবলৈ অসমৰ্থ হৈছিল। ডালিমীৰ এই নতুন কামটোত আৰম্ভণিতে কোনেও সমৰ্থন নকৰাত অকলেই আগবাঢ়ি যায়। সমাজৰ সমালোচনাৰ থলটো আছেই তাত। কিন্তু এইসকলোবোৰ আওকাণ কৰি তাই উলাই আহিছিল নিজৰ সপোনবোৰ বাস্তৱ কৰিবলৈ। সমাজৰ প্ৰতিটো সমালোচনাক আওকাণ কৰি তাই নিজৰ মনোবল নিকপকপীয়াকৈ বান্ধি ৰাখিছিল সদায়ে।
            নিজৰ সপোনৰ উদ্যোগটো ৰূপায়ন কৰাৰ আশাৰে ২০০৭ চনতে ষ্টেট বেংক অফ ইণ্ডিয়া ৰ পৰা ঋণ লৈছিল ডালিমীয়ে। অগাধ আত্মবিশ্বাস আৰু কৰ্মোদ্যমৰ বলত আজি ডালিমীৰ উদ্যোগটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পাইছে। কেৱল নিজৰ ঘৰখনৰ দৰিদ্ৰতা আতৰ কৰাই নহয়, আন দহজনকো নিজৰ উদ্যোগত নিযুক্তি দিব পৰাকৈ নিজকে সামৰ্থ্য কৰি তুলিলে। ডালিমী পাটগিৰিৰ এই উচ্ছাকাংক্ষা আৰু আত্মবিশ্বাসৰ নিদৰ্শনে অসমীয়া সমাজৰ প্ৰতিগৰাকী নাৰীকে আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা যোগায়। সকলো বাধা অতিক্ৰম কৰি কেৱল নিজৰ লক্ষ্যত বিশ্বাসী ডালিমী পাটগিৰিয়ে আমাৰ সকলোৰে বাবে উজ্বল নিদৰ্শন দাঙি ধৰিছে। 

Comment


Autonomous Colleges in northeast: A long way to go
SIGNIFICANCE OF THE MIGHTY BURLUNGBUTHUR (BRAHMAPUTRA) TO THE BODOS
Twisted-21
How SOS lived up to its name in an Assam village
Twisted- 37
The vanishing girls of the Northeast
Twisted-20